Logo
image

অচল হৈ পৰিছে পৃথিৱীৰ ৰক্ষাকৱচ ‘আৰেকিবো টেলিস্কোপ’

আমাৰ অসম, ২৬ মাৰ্চঃ বিভিন্ন গ্ৰহাণুৰ পৰা পৃথিৱীক ৰক্ষা কৰা বিখ্যাত আৰেকিবো টেলিস্কোপ নিষ্ক্ৰিয় হৈ পৰিছে৷ যোৱা ১ ডিচেম্বৰৰ পৰা বিশাল আকাৰৰ এই টেলিস্কোপটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ উল্লেখ্য যে বিগত কেইবা দশক ধৰি আৰেকিবো টেলিস্কোপৰ জৰিয়তে পৃথিৱী অভিমুখে বিভিন্ন গ্ৰহাণুৰ আগমন ধৰা পেলাইছিল বিজ্ঞানীসকলে৷ এক কথাত ক’বলৈ গ’লে গ্ৰহাণুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ আৰেকিবো টেলিস্কোপটো আছিল পৃথিৱীৰ বাবে ৰক্ষাকৱচ৷ কিন্তু হঠাৎ এই টেলিস্কোপটো নিষ্ক্ৰিয় হৈ পৰাত বিজ্ঞানীমহল চিন্তাত পৰিছে৷ সম্প্ৰতি টেলিস্কোপটো পুনৰ কাৰ্যক্ষম কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা হৈছে যদিও এই ক্ষেত্ৰত কিমানদূৰ সফলতা লাভ কৰিব পৰা যাব সেয়া সন্দেহৰ আৱৰ্তত৷