Logo
image

মহাকাশত গুৰুতৰ অসুস্থ সুনীতা উইলিয়াম্‌ছ

নতুন দিল্লী, ৮ নৱেম্বৰ : মাত্ৰ ৮ টা দিনৰ বাবে মহাকাশলৈ গৈছিল মাৰ্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ৷ লগত আছিল আন এগৰাকী মহাকাশচাৰী বেৰী বুছ উইলম’ৰ৷ কিন্তু ৮ মাহ ধৰি পৃথিৱীলৈ উভতি আহিব পৰা নাই এই দুই মহাকাশচাৰী৷ শেহতীয়াকৈ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছক লৈ সামাজিক মাধ্যমত উদ্বেগজনক বাতৰি তথা ছবি বিয়পি পৰিছে৷ ইয়াৰে এখন ছবিত সুনীতা উইলিয়ামছক অসুস্থ হৈ পৰা দেখা গৈছে৷ ইয়াকে কেন্দ্ৰ কৰি সুনীতা তথা তেওঁৰ সহযাত্ৰী বেৰী সুস্থভাৱে পৃথিৱীলৈ উভতিব পাৰিব নে নাই তাক লৈ সৃষ্টি হৈছে অনিশ্চিয়তাৰ৷ উল্লেখ্য যে ইয়াৰ মাজতে মহাকাশত ২৩৫ দিনৰ অভিযান সামৰি পৃথিৱীলৈ উভতি আহিছে ক্ৰিউ-৮ৰ এদল মহাকাশচাৰী৷ চাৰিজনীয়া মহাকাশচাৰীৰ দলটো মহাকাশৰ পৰা উভতি অহালৈকে ঠিকেই আছিল বুলি কোৱা হয় যদিও পৃথিৱীত অৱতৰণৰ পাছতে নাছাই তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়৷


ফ্ল’ৰিডাৰ এখন স্থানীয় চিকিৎসালয়ত তেওঁলোকক দীৰ্ঘসময় পৰ্যবেক্ষণ কৰি ৰখা হয়৷ এনেক্ষেত্ৰত মহাকাশত সুনীতা উইলিয়ামছৰ অসুস্থতাক লৈ মহাকাশ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে৷ বিজ্ঞানীসকলৰ মতে মহাকাশত দীৰ্ঘসময় থকাৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে৷ সামাজিক মাধ্যমৰ জৰিয়তে বিয়পি পৰা ছবিখনত সুনীতা উইলিয়ামছক মহাকাশ কেন্দ্ৰত খাবলৈ বহা দেখিবলৈ পোৱা গৈছে যদিও তেওঁৰ মুখমণ্ডলত প্ৰত্যক্ষ হৈছে সাংঘাতিক ক্লান্তিৰ চাপ৷ ছবিখন দেখি একাংশ মহাকাশ বিজ্ঞানীসকলে সুনীতাৰ কেল’ৰিৰ সমস্যা হোৱা বুলি ধাৰণা কৰিছে৷ তেওঁৰ গাল সম্পূৰ্ণ ভিতৰলৈ সোমাই যোৱা প্ৰত্যক্ষ হৈছে ছবিখনত৷ উল্লেখ্য যে মহাকাশত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বেৰী বুছ উইলম’ৰক উভতাই অনাৰ বাবে এলন মাস্কৰ কোম্পানীয়ে ড্ৰেগন কেপছুল প্ৰস্তুত কৰি আছে৷ কিন্তু সুনীতা আৰু বেৰীক উদ্ধাৰ কৰি অনাৰ বাবে ধাৰ্য কৰা হৈছে অহা ফ্ৰেব্ৰুৱাৰী মাহ৷  এনেক্ষেত্ৰত অহা চাৰি মাহলৈ সুনীতাৰ শাৰীৰিক অৱস্থা অধিক বেয়াৰ পিনে ঢাল খোৱাৰ আশংকা আছে৷ যদি সেয়াই হয়, তেন্তে সৰ্বসাধাৰণৰ মনত  প্ৰশ্নৰ উদ্ৰেক হৈছে যে সুনীতা আৰু বেৰী বুছ সুস্থ অৱস্থাত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ’ব নে?