হাড়ে-ছালে লাগিছে মহাকাশবন্দী সুনীতা উইলিয়াম্ছ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ নৱেম্বৰঃ এসপ্তাহলৈ গৈ ৫ মাহৰ বন্দীদশা কটাবলগীয়া হৈছে ভাৰতীয় মূলৰ মাৰ্কিন নভোচৰ সুনীতা উইলিয়াম্ছে৷ দূৰত্ব খুউব বেছি নহয়, গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যিমান দূৰ, তাতকৈ সামান্য বেছি৷ কিলোমিটাৰৰ জোখেৰে ৪০০৷ ঘূৰি আহিবলগীয়া গ্ৰহটো, অৰ্থাৎ পৃথিৱীখন দিনে-নিশাই দেখিও থাকে৷ কিন্তু আহো বুলিলেই আহিব নোৱাৰে৷ কিয়নো তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশকেন্দ্ৰত প্ৰায় বন্দী৷ বয়িঙৰ যিখন মহাকাশযান তেওঁ আৰু বাছ উইলমোৰে পৰীক্ষামূলকভাৱে মহাকাশলৈ চলাই নিছিল, সেই ষ্টাৰলাইনাৰ যানখন মহাকাশলৈ যাওঁতেই কাৰিকৰী বিজুতি ওলাল৷ ফলত এসপ্তাহৰ বাবে মহাকাশলৈ গৈয়ো ৫ মাহ মহাকাশ ষ্টেচনতে থাকিবলৈ বাধ্য হৈছে সুনীতা উইলিয়াম্ছ৷
ইতিমধ্যে বিজুতি ঘটা ষ্টাৰলাইনাৰ কোনোমতে পৃথিৱীলৈ উভতি আহিলেও সুনীতা উইলিয়াম্ছে প্ৰত্যাৱৰ্তনৰ বাবে ক্ষণ গণিবলগীয়া হৈছে তেওঁৰ ওভতনি যাত্ৰাৰ যানৰ অভাৱৰ বাবে৷ আৰু খুউব সম্ভৱতঃ তেওঁ মহাকাশতে ৰোগাক্ৰান্ত হোৱাৰ বাবে৷ অৱশ্যে নাছাই গোপনে ৰাখিছে এই কথা৷
আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনত নভোচৰৰ সংখ্যা বৃদ্ধি হ’লেও কোনোমতে দিন কটাই আছিল সুনীতা উইলিয়াম্ছে৷ কিন্তু বিগত ৫ মাহতে তেওঁৰ শৰীৰৰ ওজন ইমান হ্ৰাস হৈছে, যিটো বিষয় উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে৷ বাছ উইলমোৰৰ সৈতে একেলগে বহি থকা এখন ফটো অলপতে নাছাই প্ৰকাশ কৰিছে, য’ত সুনীতা উইলিয়াম্ছৰ চেহেৰা একেবাৰে খীনাই-শুকাই হাড়ে-ছালে লগা অৱস্থা হৈছে৷ ৫৯ বছৰীয়া নভোচৰগৰাকীৰ মুখমণ্ডলৰ হনু এনেদৰে ওলাই পৰিছে যে সেই ফটোত তেওঁৰ ভগ্নস্বাস্থ্য স্পষ্টভাৱে ধৰা পৰিছে৷ তেওঁ যে কোনো শাৰীৰিক সমস্যাত ভুগিছে বা কোনো ৰোগৰ কবলত পৰিছে, তাত কোনো সন্দেহ নাই বুলিয়েই যিকোনো লোকে মত দিব৷
সুনীতা উইলিয়াম্ছৰ এই অৱস্থা দেখি নাছাও উদ্বিগ্ন৷ এই অভিযানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছাৰ এজন কৰ্মকৰ্তাই ক’লে– ‘তেওঁৰ অস্বাভাৱিক হাৰত ওজন কমিছে৷ একেবাৰে হাড়ে-ছালে লাগিছে৷ এতিয়া আমাৰ অগ্ৰাধিকাৰ হৈছে, সুনীতা উইলিয়াম্ছৰ স্বাস্থে্যাধাৰ কৰা৷ তাৰ পাছতহে তেওঁক ঘূৰাই অনাৰ দিনটোৰ পৰিকল্পনা কৰা হ’ব৷’ অৱশ্যে নাছাই সুনীতা উইলিয়াম্ছ অসুস্থ বুলি এতিয়াও স্বীকাৰ কৰা নাই৷ নাছাৰ ‘স্পেচ অপাৰেচন মিছন’ৰ মুখপাত্ৰ জিমি ৰাছেলে কয়– ‘আইএছএছত থকা সকলো সুস্থ হৈ আছে৷ তেওঁলোকৰ নিয়মিত স্বাস্থ্যপৰীক্ষা কৰা হৈছে৷’ তেওঁ এনেদৰে ক’লেও নাছাই কিছুদিন পূৰ্বৰ পৰা সুনীতা উইলিয়াম্ছৰ স্বাস্থ্য উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে৷ পৃথিৱীৰ পৰাই চলিছে ভাৰত-বংশোদ্ভৱ নভোচৰৰ চিকিৎসা৷ এতিয়াৰ পৰা দুমাহমান পূৰ্বেই নাছাই জনাইছিল, সুনীতা উইলিয়াম্ছ ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পূৰ্বেই উভতি আহিব৷ একাংশ সংবাদ মাধ্যমৰ দাবী, ৰোগ ধৰাৰ পৰাৰ বাবেই বিনা চিকিৎসাই সুনীতা উইলিয়াম্ছক ওভোতাই আনিবলৈ সাহস কৰা নাই নাছাই৷ কিয়নো মহাকাশৰ পৰা ওভতনি যাত্ৰা কেতিয়াও মসৃন নহয়৷ এগৰাকী নভোচৰৰ যাত্ৰাত বহু দায়িত্ব থাকে আৰু তেওঁলোকে মহাকাশযানখন চলাই আনিবলগীয়া হয়৷ প্ৰয়োজন হয় শাৰীৰিক শক্তিৰো৷ সম্ভৱতঃ সুনীতা উইলিয়াম্ছৰ দেহত এতিয়া সেই শক্তি নাই৷ সেয়ে নাছাই বাৰম্বাৰ কৈ আছে ২০২৫ৰ ফেব্ৰুৱাৰীৰ কথা৷ আশা– তেতিয়ালৈ সুনীতা উইলিয়াম্ছৰ স্বাস্থে্যাধাৰ হ’ব৷ তেওঁ উভতি আহিব এলন মাস্কৰ স্পেচ এক্স কোম্পানীৰ ক্ৰু-৯ ড্ৰেগন মহাকাশযানত৷