১০০ দিনলৈ সংহাৰ চলাব কৰ’নাই
আমাৰ অসম, ২৬ মাৰ্চঃ এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হৈ পৰৱৰ্তী এশ দিনত পুনৰ সংহাৰ চলাব ক’ভিড অতিমাৰীয়ে৷ ভাৰতীয় ষ্টেটবেংকে চলোৱা এটা সমীক্ষাত প্ৰকাশ পোৱা এই তথ্যই দেশজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ যোৱা ফেব্ৰুৱাৰীৰ পৰাই ভাৰতত নতুনকৈ ক’ভিডৰ সংক্ৰমণৰ বৃদ্ধি আৰম্ভ হৈছিল৷ প্ৰথমে দৈনিক দহ হাজাৰকৈ সংক্ৰমণ হ’লেও এতিয়া দৈনিক সংক্ৰমণৰ সংখ্যাই ৫০ হাজাৰ অতিক্ৰম কৰিছে৷ যোৱা ২৪ ঘণ্টাত দেশত সংক্ৰমণৰ বলি হৈছে ৫৩,৪৭৬ জন৷ এই সময়ছোৱাত দেশজুৰি ক’ভিডত মৃত্যু হৈছে ২৫১ জনৰ৷ এদিন আগলৈকে সংক্ৰমণৰ সংখ্যা ৫০ হাজাৰৰ তলত থাকিলেও সম্প্ৰতি ক’ভিডৰ বিস্তৃতিয়ে দেশজুৰি আতংকৰ সৃষ্টি কৰিছে৷ এনে সময়তে ভাৰতীয় ষ্টেটবেংকে প্ৰকাশ কৰা পৰিসংখ্যা সকলোৰে বাবে আতংকজনক হৈ পৰিছে৷ উক্ত সমীক্ষা অনুসৰি এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা ভাৰতত আক্ষৰিকভাৱে ক’ভিডৰ দ্বিতীয়টো ঢৌ আৰম্ভ হ’ব৷ যোৱা ২৩ মাৰ্চ পৰ্যন্ত দেশত ক’ভিডৰ গতি-বিধি পৰ্যৱেক্ষণ কৰাৰ অন্তত এই সমীক্ষা প্ৰকাশ কৰিছে ষ্টেটবেংকে৷ এই প্ৰতিবেদন অনুসৰি এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা যিটো দ্বিতীয় ঢৌ আৰম্ভ হ’ব সেই কৰ’নাৰ ঢৌ পৰৱৰ্তী ১০০ দিন ধৰি তুংগত থাকিব৷ স্বাভাৱিকতে এই ১০০ দিনৰ সম্ভাৱ্য ক’ভিডৰ ঢৌক সংহাৰ বুলি আখ্যা দিয়া হৈছে৷ এই সময়ছোৱাত দেশত ২৫-৫০ লাখ লোক আক্ৰান্ত হ’ব৷ প্ৰতিবেদনত দাবী কৰা হৈছে, স্থানীয় লকডাউন দি এই ঢৌ চম্ভালিব পৰা নাযাব৷ ইয়াৰ পৰিৱৰ্তে তীব্ৰ গতিত টিকাকৰণৰ অভিযান আগবঢ়াই নিলে দেশবাসী ৰক্ষা পৰিব পাৰে৷ উল্লেখ্য, সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে সম্প্ৰতি দেশৰ কেইবাখনো ৰাজ্যত স্থানীয় লকডাউন বলৱৎ কৰা হৈছে৷ অৱশ্যে সমান্তৰালভাৱে টিকাকৰণৰ অভিযানেও এতিয়া গতি লৈছে৷ ঘাইকৈ সাধাৰণ লোকে শেহতীয়া সংক্ৰমণৰ তীব্ৰ গতি দেখি প্ৰতিষেধক লোৱাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে৷ সম্প্ৰতি দেশত দৈনিক ৩০ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে৷ ১ এপ্ৰিলৰ পৰা ৪৫ বছৰ বয়সীয়া লোককো প্ৰতিষেধক প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱাৰ ফলত টিকাকৰণৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷