ৰূপৰ চাহিদা বাঢ়িছে, দাম কমিছে সোণৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ নৱেম্বৰঃ ৰকেটৰ গতিত উত্থানৰ পাছত এতিয়া পতনমুখী সোণৰ দাম৷ বিগত অক্টোবৰত সোণৰ মূল্যৰ আকাশলংঘী গতিয়ে দেশবাসীক হতচকিত কৰি তুলিছিল৷
উৎসৱৰ বতৰত আৰু ধনতেৰচৰ আগে-পিছে সোণৰ দাম অস্বাভাৱিক গতিত বাঢ়িছিল৷ যোৱা ৯ অক্টোবৰত সোণৰ দাম ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰামত ৮১ হাজাৰ ৫০০ টকা হৈছিল৷ সেয়া আছিল দেশত সোণৰ সৰ্বকালৰ সোণৰ সৰ্বোচ্ছ দাম৷ আশংকা কৰা হৈছিল, উৎসৱৰ বতৰ শেষ হ’লেও বিয়াৰ বতৰত সোণৰ দামে প্ৰতি ১০ গ্ৰামত ১ লাখ টকা স্পৰ্শ কৰিব৷ কিন্তু ৯ অক্টোবৰৰ পাছৰ পৰা সোণৰ দাম লাহে লাহে কমিবলৈ ধৰে আৰু যোৱা মঙলবাৰে সোণৰ দামৰ একপ্ৰকাৰ পতনেই হয়৷
বিগত ৩ দিনত একেৰাহে পতন ঘটাৰ অন্তত বৃহস্পতিবাৰে গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৭৪ হাজাৰ ৬০০ টকা হৈছে আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত গুৱাহাটীত ৭১ হাজাৰ ৫০ টকালৈ পতন ঘটিছে৷ অত্যাধিক দাম বৃদ্ধিত দেশবাসীৰ ক্ৰয় চাহিদা হ্ৰাস পোৱাৰ বাবেই সোণৰ দাম হ্ৰাস পোৱা বুলি ‘বুলিয়ন বজাৰ’ৰ বিশেষজ্ঞই দাবী কৰিছে৷ বিয়াৰ বতৰত দেশৰ কন্যাদায়গ্ৰস্ত পিতৃ-মাতৃয়ে এতিয়া সামান্য সকাহ পাব৷