Logo
image

সংবিধানৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ শব্দ মচিবলৈ আহ্বান বাংলাদেশৰ এটৰ্নীৰ

ঢাকা, ১৫ নৱেম্বৰঃ বাংলাদেশ ধীৰে ধীৰে ইছলামিক কট্টৰপন্থীৰ দেশলৈ ৰূপান্তৰিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰাই দেশখনত গোড়া ইছলামিক নীতি-নিয়ম বলৱৎ কৰাৰ বাবে কাম-কাজ আৰম্ভ হৈছে৷ তাৰ মাজতে এইবাৰ বাংলাদেশৰ এটৰ্নী জেনেৰেলে দেশৰ সংবিধানৰ পৰা ‘ছেকুলাৰ’ অৰ্থাৎ ‘ধৰ্মনিৰপেক্ষ’ শব্দটো আঁতৰাই পেলাবলৈ আহ্বান জনোৱাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ 



বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰে ক্ষমতা দখল কৰাৰ পাছত এটৰ্নী জেনেৰেলৰ দায়িত্ব লাভ কৰা মহম্মদ আছাদুজ্জামানে বৃহস্পতিবাৰে এখন আদালতত হোৱা শুনানিৰ সময়ত এই দাবী জনায়৷ তেওঁ নিজৰ দাবীৰ সপক্ষে যুক্তি দাঙি ধৰি কয় যে বৰ্তমান বাংলাদেশৰ ৯০ শতাংশৰো অধিক নাগৰিক হৈছে মুছলমান সম্প্ৰদায়ৰ৷ গতিকে বাংলাদেশ হৈছে ইছলামিক ৰাষ্ট্ৰ৷ সেয়ে সংবিধানৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ শব্দটো আঁতৰাই দিয়া উচিত আৰু বাংলাদেশক ইছলামিক ৰাষ্ট˜ হিচাপে ঘোষণা কৰিব লাগে৷ ন্যায়াধীশ ফাৰা মেহবুব আৰু দেৱাশিস ৰয় চৌধুৰীৰ বিচাৰপীঠে বাংলাদেশৰ সংবিধানৰ ১৫সংখ্যক সংশোধনীৰ আইনী বৈধতা সম্পৰ্কীয় আৱেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত এটৰ্নী জেনেৰেলজনে এই দাবী জনায়৷ তেওঁৰ মতে বাংলাদেশৰ লোকে আগৰেই পৰাই আল্লাক বিশ্বাস কৰি আহিছে৷ বাংলাদেশৰ সংবিধানৰ ২ (এ) অনুচ্ছেদে দেশখনৰ সকলো ধৰ্মকে সমান অধিকাৰ দিয়াৰ কথা উল্লেখ কৰিছে৷ কিন্তু ৯ নম্বৰ অনুচ্ছেদে ‘বাঙালী ৰাষ্ট্ৰবাদ’ৰ কথা কোৱাত তেওঁ ইয়াক পৰস্পৰবিৰোধী বুলি আখ্যা দিয়ে৷