Logo
image

বিশ্বায়নবিৰোধী পুঁজিপতি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ খিলঞ্জীয়া জাতীয়তাবাদী আৱেগৰ ঢৌৱে ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত কৰিলে৷ খিলঞ্জীয়াৰ জাতীয়তাবাদৰ উত্থানে আমেৰিকা আৰু ইউৰোপত বহু অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বহু নতুন প্ৰশ্ন উত্থাপন কৰিছে৷ এনে এক জাতীয়তাবাদী আৱেগৰ বাবেই ব্ৰিটেইনৰ ৰাইজেও ইউৰোপিয়ান ইউনিয়নৰ পৰা ওলাই অহাৰ পক্ষত মত দিছিল৷ ইউৰোপৰ আন কেইবাখনো দেশতো জাতীয়তাবাদী আৱেগ উথলি উঠিছে৷ ইউৰোপ-আমেৰিকাৰ এই জাতীয়তাবাদী উত্থানৰ স’তে গোলকীকৰণ আৰু বিশ্বায়নৰ এৰাব নোৱৰা সম্পৰ্ক আছে; এফালে পুঁজিবাদী অৰ্থনীতি আৰু বজাৰৰ গোলকীকৰণ আৰু আনফালে ইছলামিক জেহাদী সন্ত্ৰাসবাদৰ বিশ্বায়ন৷ এই দুয়োবিধ গোলকীকৰণ আৰু বিশ্বায়নক বাদ দি আমেৰিকা আৰু ইউৰোপত নতুনকৈ উঠলি উঠা জাতীয়তাবাদৰ বিশ্লেষণ কৰিব নোৱাৰি৷ এই জাতীয়তাবাদৰ এটা প্ৰধান লক্ষণ হ’ল নিজৰ সকলো ব্যৰ্থতাৰ বাবে আনক দোষাৰোপ কৰা৷ আমেৰিকা পৃথিৱীৰ আটাইতকৈ ধনী আৰু বৃহৎ অৰ্থনীতি৷ এতিয়া আমেৰিকাৰ বগা ছালৰ খিলঞ্জীয়া মানুহে নিজৰ দুৰৱস্থাৰ বাবে ইছলামিক সন্ত্ৰাসবাদক, চীনক আৰু বহিৰাগতক দোষ দিছে৷ তেওঁলোকে এতিয়া কৈছে, আমেৰিকা আমেৰিকানৰ বাবে আৰু আমেৰিকাৰ স্বাৰ্থ সবাতোকৈ আগত৷বৰ্তমান ঠন ধৰি উঠা আমেৰিকা আৰু ইউৰোপৰ জাতীয়তাবাদৰ এটা উমৈহতীয়া চৰিত্ৰ হ’ল যে ই গোলকীকৰণৰ বিৰোধী৷ সাধাৰণতে বামপন্থীসকলকহে পুঁজিবাদী গোলকীকৰণৰ আৰু বজাৰৰ বিশ্বায়নৰ বিৰোধিতা কৰা দেখা যায়৷ কিন্তু আমেৰিকাত সোঁপন্থীসকলেহে গোলকীকৰণৰ বিৰোধিতা কৰিছে৷ বৰং ইউৰোপ-আমেৰিকাৰ গোলকীকৰণৰ বিৰোধিতা কৰাসকল অতি সোঁপন্থী জাতীয়তাবাদী৷ আমেৰিকা আৰু ইউৰোপৰ ৰাজনৈতিক দলসমূহক মূলতঃ দুটা ভাগত ভগাব পাৰি৷ কিছুমান দল সোঁপন্থী বা পুঁজিবাদৰ সমৰ্থক আৰু কিছুমান বাঁওপন্থী বা সমাজবাদৰ সমৰ্থক৷ আমৰিকা আৰু ইউৰোপৰ দেশসমূহ গণতান্ত্ৰিক দেশ৷ এইবোৰত নিৰ্বাচনৰ জৰিয়তে ৰাজনৈতিক দল ক্ষমতাত বহে৷ গতিকে এই দেশবোৰৰ বামপন্থী দলবোৰো গণতন্ত্ৰ আৰু নিৰ্বাচনত বিশ্বাস কৰা দল৷ আমেৰিকা আৰু ইউৰোপত এতিয়া গোলকীকৰণৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হোৱাসকল কিন্তু সমাজবাদীৰ নেতৃত্বত একত্ৰিত হোৱা নাই৷ ইয়াৰ ফলত সমাজবাদী চিন্তাও শক্তিশালী হোৱা নাই৷ গোলকীকৰণৰ বিৰোধিতাৰ ফলত ঠেক জাতীয়তাবাদী ৰাজনীতিহে লহপহকৈ বাঢ়ি আহিছে৷ আমেৰিকাৰ সাধাৰণ মানুহে দিনে দেনে বাঢ়ি গৈ থকা তেওঁলোকৰ দুখ-দুৰ্দশাৰ বাবে গোলকীকৰণক জগৰীয়া কৰিছে৷ আৰু এই গোলকীকৰণৰ বাবে তেওঁলোকে জগৰীয়া কৰিছে তথাকথিত কমিউনিষ্ট চীনক, এছিয়াৰ বা আন ঠাইৰ পৰা গৈ আমেৰিকাত থিতাপি লোৱা আৰু নিজৰ যোগ্যতাৰে নিজক প্ৰতিষ্ঠা কৰা বহিৰাগতক আৰু সমগ্ৰ পৃথিৱীৰ মুছলমানক৷ আগতে আমেৰিকা আছিল উৎপাদনকাৰী আৰু সমগ্ৰ পৃথিৱীখন আছিল সেই উৎপাদিত সামগ্ৰীৰ বজাৰ৷ গোলকীকৰণৰ কৃপাত এতিয়া চীন হ’ল উৎপাদনকাৰী আৰু আমেৰিকা হ’লগৈ চীনৰ উৎপাদিত সামগ্ৰীৰ বজাৰ৷ গোলকীকৰণে কমিউনিষ্ট চীনক আটাইতকৈ অধিক উপকৃত কৰিছে৷ এই তথ্যই ইয়াকে প্ৰতিপন্ন কৰে যে গোলকীকৰণ বামপন্থীসকলে ভবাৰ দৰে আমেৰিকাকৰণ নহয়৷ বৰং আমেৰিকাৰ সাধাৰণ লোকে গোলকীকৰণে তেওঁলোকৰ জীৱনলৈ দুখ-দৰ্দশা কঢ়িয়াই অনা বুলি ভাবে আৰু ইয়াৰ প্ৰতিকাৰৰূপে আমেৰিকাৰ সাধাৰণ মানুহে এতিয়া সংকীৰ্ণ জাতীয়তাবাদেই তেওঁলোকৰ একমাত্ৰ ৰক্ষাৰ পথ বুলি ভাবিছে৷ তেওঁলোকে তেওঁলোকৰ দুৰ্দশাৰ কাৰণে আন দেশৰ পৰা অহা মানুহক আৰু চীনক জগৰীয়া কৰিছে৷ এই গোলকীকৰণবিৰোধী জাতীয়তাবাদী আৱেগৰ ঢৌত উঠি ড’নাল্ড ট্ৰাম্প এতিয়া ৰাষ্ট্ৰপতি৷ মজাৰ কথাটো হ’ল– আমাৰ বামপন্থীসকল গোলকীকৰণৰ বিৰোধী আৰু আমেৰিকাৰ নব্য জাতীয়তাবাদীসকলো গোলকীকৰণৰ বিৰোধী৷ পশ্চিমৰ বুদ্ধিজীৱীসকলে দেখি আচৰিত মানিছে যে গোলকীকৰণৰ বিৰোধী শিবিৰত বাঘে-ছাগে গোট খাইছে৷ আৰু ইয়াৰ ফলত আমেৰিকা আৰু ইউৰোপৰ পৰম্পৰাগত ৰাজনৈতিক দলবোৰৰ মাজত ভূমিকম্পৰ সৃষ্টি হৈছে৷ ড’নাল্ড ট্ৰাম্প ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ বাবে আটাইতকৈ বেছিকৈ নিজৰ দলৰ পৰাই বাধাৰ সন্মুখীন হৈছিল৷ ৰিপাব্লিকান দলে পৰম্পৰাগতভাৱে আমেৰিকাত খিলঞ্জীয়া বগা চামৰাৰ লোকৰ প্ৰভুত্ব থাকিব লাগে বুলি বিশ্বাস কৰে৷ আনহাতে, ডেমক্ৰেটিক দলে লেটিন আমেৰিকা, এছিয়া আৰু আফ্ৰিকাৰ পৰা অহা লোককো সামৰি এটা বহল আমেৰিকান জাতীয়তাবাদত বিশ্বাস কৰে৷ কিন্তু ৰাজনৈতিক বিশ্লেষকসকলে আচৰিত হৈ লক্ষ্য কৰিছে যে পৰম্পৰাগত ৰাজনৈতিক দলবোৰৰ মাজতো হঠাতে ড’নাল্ড ট্ৰাম্পৰ দৰে নেতাৰ আৱিৰ্ভাৱ ঘটিছে৷ এই নেতাসকল পেছাগত ৰাজনীতিক নহয়৷ কিন্তু তেওঁলোকে ড’নাল্ড ট্ৰাম্পে ৰিপাব্লিকান দলত কৰাৰ দৰে ভূমিকম্পৰ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ নতুন আদব-কায়দাৰে পৰম্পৰাগত ৰাজনীতিকেই অপ্ৰাসংগিক কৰি পেলাইছে৷ ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ প্ৰমাণ কৰি দেখুৱাইছে যে আমেৰিকাৰ জনসাধাৰণৰ পৰম্পৰাগত ৰাজনীতিৰ প্ৰতি মোহভংগ হৈছে আৰু তেওঁলোকে ড’নাল্ড ট্ৰাম্পৰ অপৰম্পৰাগত ৰাজনীতিৰ মাজতহে আশাৰ পোহৰ দেখিছে৷ মুক্তি বাণিজ্য অৰ্থনীতি আৰু গোলকীকৰণে আমেৰিকা আৰু ইউৰোপত এখন উদাৰ, গণতান্ত্ৰিক সমাজ গঢ়ি তুলিছিল৷ পৃথিৱীৰ সকলো জাতিৰ, সকলো বৰ্ণৰ, সকলো ধৰ্মৰ মানুহে সেই উদাৰ অৰ্থনীতিয়ে কঢ়িয়াই অনা সুযোগৰ বাবে আমেৰিকা-ইউৰোপক নিজৰ ঘৰ কৰি লোৱাৰ সুযোগ পাইছিল৷ বিজ্ঞান-প্ৰযুক্তি, শিক্ষা-গৱেষণা, শিল্প-সাহিত্যত সকলোতে এই বহিৰাগতসকলেও প্ৰভূত বৰঙণি যোগাইছিল৷ সেই সমাজখনৰ বুনিয়াদ আছিল পুঁজিবাদী অৰ্থনীতি৷ পুঁজিবাদী অৰ্থনীতিৰ ভিত্তিতেই ইউৰোপত বিশেষকৈ স্কেণ্ডিনেভিয়ান দেশকেইখনত লাহে লাহে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই গা কৰি উঠিছিল৷ ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত আৰু বিশেষকৈ ষ্টালিনৰ শাসন কালৰ প্ৰকৃত ছবি উন্মোচন হোৱাৰ পাছত আৰু পূব ইউৰোপৰ ছোভিয়েটৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা কমিউনিজ্‌মৰ পতনৰ পাছত ইউৰোপৰ লগতে সমগ্ৰ পৃথিৱীৰ মানুহে কমিউনিজ্‌মৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিল৷ সৰ্বহাৰাৰ একনায়কত্ববাদে কেনে দানৱীয় ৰূপ ল’ব পাৰে, তাৰ অভিজ্ঞতা লাভৰ পাছত সাংবিধানিক গণতন্ত্ৰ আৰু সমাজবাদ-পুঁজিবাদৰ মাজৰ মধ্যম পন্থাৰে যোৱাই উত্তম বুলি এটা ধাৰণা প্ৰবল হৈ উঠিছিল৷ পুঁজিবাদক নাকী লগাব পৰা কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠনৰ পৰীক্ষা-নিৰীক্ষা ইউৰোপতেই আৰম্ভ হৈছিল৷আমেৰিকাৰ বৃহৎসংখ্যক লোক এক সংকীৰ্ণ ৰাষ্ট্ৰবাদী-জাতীয়তাবাদী আৱেগৰ ঢৌত উটি-ভাহি গৈছে৷ এই মানুহখিনিয়ে তেনে সংকীৰ্ণ জাতীয়তাবাদৰ মাজত তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সমস্যাসমূহ সমাধান হোৱাৰ আশা দেখিছে৷ যিকোনো চিন্তাশীল মানুহে ক’ব তেওঁলোকৰ এই আশা পূৰণ নহয়৷ কিন্তু আমেৰিকা, ইউৰোপ আৰু ভাৰতৰো সকলো চিন্তাশীল লোক, বুদ্ধিজীৱী, বিৰোধী ৰাজনৈতিক দলে সাধাৰণ মানুহক এনে জাতীয়তাবাদৰ ফান্দত ভৰি দিয়াৰ পৰা বিৰত ৰখাত ব্যৰ্থ হ’ল৷ এতিয়া প্ৰশ্ন হৈছে যে এইধৰণৰ জাতীয়তাবাদে পৃথিৱীত পুনৰ হিটলাৰ, মুছলিনিৰ দৰে ফেচিষ্ট একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব নেকি? বৰ্তমান যুগত ভাৰতত বা আমেৰিকাত হিটলাৰৰ দৰে জাতীয়তাবাদ আধাৰিত সামৰিক একনায়কত্ব প্ৰতিষ্ঠা হ’ব পাৰে বুলি ভবাটো যুক্তিসংগত নহয়৷ আমেৰিকাৰ গণতন্ত্ৰ ইতিমধ্যে বহু পূৰঠ হৈ উঠিছে৷ একে সময়তে চীনৰ দৰে বা ষ্টালিনৰ দৰে কমিউনিষ্ট সামৰিক একনায়কত্ববাদক এই জাতীয়তাবাদৰ বিকল্প হৈ থকা নাই৷ কমিউনিষ্ট বা ফেচিষ্ট কোনো একনায়কত্ববাদ আজিৰ পৃথিৱীত গ্ৰহণযোগ্য নহয়৷ বিদ্বেষ-হিংসা আধাৰিত সংকীৰ্ণ ৰাষ্ট্ৰবাদী-জাতীয়তাবাদৰ গণতান্ত্ৰিক কল্যাণকামী ৰাষ্ট্ৰ হ’ল একমাত্ৰ বিকল্প৷ এনে কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে সকলো গণতান্ত্ৰিক শক্তি একত্ৰিত হোৱাটো এতিয়া সময়ৰ দাবী৷