গুৱাহাটী-শ্বিলং ট্ৰেফিক জামত ডেৰ ঘণ্টা বন্দী হৈ থাকিল বনি-এম
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ নৱেম্বৰ : মেঘালয়ৰ ভৈৰিমবং এখন অখ্যাত, শান্ত-সমাহিত গাঁও হ’ব পাৰে, কিন্তু এটা নিশাৰ ভিতৰতে এইখন গাঁৱে বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিলে৷ শুকুৰবাৰে মেঘালয়ৰ শীতল সন্ধ্যা বিশ্বখ্যাত ৰেপাৰ একন আৰু প্ৰজন্মজুৰি সংগীত অনুৰাগীক মোহাবিষ্ট কৰি ৰখা বনি-এমে ভৈৰিমবং উত্তাল কৰি তোলাৰ লগে লগে প্ৰাচ্যৰ স্কটলেণ্ড শ্বিলঙৰ সৈতে সমানে উচ্ছাৰিত হ’ল অখ্যাত ভৈৰিমবঙৰ নাম৷ এফালে, নৱেম্বৰৰ মেঘালয়ৰ মায়াৱী সন্ধিয়া আৰু আনফালে চৌদিশে চেৰী ফুলৰ বাহাৰ৷ মেঘালয়ৰ এই চেৰী ব্লজম উৎসৱেই অঞ্চলটোৰ কেইবাটাও প্ৰজন্মক সুযোগ দিলে বনি-এমৰ সংগীতৰ চাক্ষুস সাক্ষী হোৱাৰ৷ ইমানদিনে পাশ্চাত্য সংগীতৰ যি অনুৰাগীয়ে এসময়ত লং প্লেয়িং ৰেকৰ্ডত, কেছেট আৰু কম্পেক্ট ডিস্কত কেৱল বনি-এমৰ আৰ এণ্ড বি, ৰেগি, ডিস্কো শুনিছিল, প্ৰযুক্তিৰ উৎকৰ্ষত সেই সংগীত ‘ভিজুৱেল’ হ’লেও উত্তৰ-পূবৰ দৰ্শকৰ বাবে নিজৰ ঘৰতে বনি-এমক সোঁশৰীৰে দেখাটো শুকুৰবাৰৰ সন্ধিয়াৰ আগলৈকে কেৱল সপোনহে আছিল৷ বনি-এম বেণ্ড মেঘালয়লৈ আহিব বুলি প্ৰচাৰ হোৱাৰ পাছৰে পৰা আগ্ৰহ বাঢ়িছিল আৰু সেয়া ক্ৰমাৎ উৎকণ্ঠাত পৰিণত হৈছিল৷ সেয়ে কেৱল পাশ্চাত্য সংগীতক লৈ সততে উল্লসিত মেঘালয়ৰ দৰ্শকেই নহয়, ভৈৰিমবঙলৈ শুকুৰবাৰে আহিছিল অসম, নাগালেণ্ড, অৰুণাচলৰ সংগীতপ্ৰেমী৷
আচৰিতভাৱে বনি-এমক প্ৰত্যক্ষ কৰিবলৈ দেশৰ ৰাজধানী দিল্লীকে ধৰি ভিন ভিন প্ৰান্তৰ পৰাও মেঘালয় পাইছিলহি অনেক সংগীতপ্ৰেম৷দৰ্শকৰ এই আতিশয্য চেৰী ব্লজম উৎসৱৰ প্ৰথমটো সাংস্কৃতিক সন্ধিয়াৰ বাবে বিজুতিতো পৰিণত হ’ল৷ কিয়নো মেঘালয়ৰ বাহিৰৰ পৰা যোৱা অনুৰাগীৰ গাড়ীৰ ভিৰে সৃষ্টি কৰা যান-জঁটত শুকুৰবাৰে বহু সময় আবদ্ধ হৈ পৰিল বনি-এম বেণ্ডৰ ‘টীম’৷ তেওঁলোক আছিল টেপেছিয়াৰ মে-ফেয়াৰ ৰিজ’ৰ্টত৷ তাৰ পৰা জি এছ ৰোডেৰে আগবঢ়া বনি-এমৰ সদস্য দীৰ্ঘ ডেৰ ঘণ্টাসময় যান-জঁটত আবদ্ধ হৈ থকাত শেষ মুহূৰ্তত অনুষ্ঠানৰ সূচী সলনি কৰি অয়োজকে একনক প্ৰথমে মঞ্চত উঠাবলৈ অনুৰোধ কৰিবলগীয়া হ’ল৷ আন্তঃৰাষ্ট্ৰীয় তাৰকা একনে অনিচ্ছাসত্ত্বেও অনুৰোধ ৰাখিলে আৰু তেওঁৰ ‘ছুপাৰফেন ট্যুৰ’ৰ মেঘালয় লেগ উত্তাল আৰু জীপাল কৰি তুলিলে৷ আনহাতে, ‘ফেয়াৰৱেল ট্যুৰ’ নামেৰে অহা বনি-এম বেণ্ডে ডেৰঘণ্টা পলমকৈ মঞ্চত উঠি বিখ্যাত ‘ৰাছপুটিন’ সংগীতেৰে আৰম্ভ কৰিলে মায়াময় নিশা৷ এটা এটাকৈ ‘অল্ড নাম্বাৰ’ যেনে ‘ডেডী কুল’, ‘ৰিভাৰ্ছ ইন বেবীলন’, ‘সা বেকাৰে’ৰে কেইবাটাও প্ৰজন্মৰ দৰ্শকক মুহি পেলালে৷ লিজ মিচেল, মাৰ্চিয়া উইলিয়াম্ছে প্ৰৌঢ়ত্বত ভৰি থৈছে, কিন্তু ভৈৰিমবঙৰ এই নিশাত তেওঁলোক যেন আছিল ’৮০১ দৰ্শকৰ মাজভাগৰ সেই বনি-এমেই৷