Logo
image

পুনৰ আৰম্ভ হ’ব ভাৰত, পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা

চলিত বৰ্ষতে টি-২০ শৃংখলাৰ সম্ভাৱনা

'আমাৰ অসম' ২৬ মাৰ্চঃ দীৰ্ঘদিনৰ পাছত পুনৰ আৰম্ভ হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা৷ চলিত বছৰতে দুই চিৰন্তন প্ৰতিদ্বন্দ্বীৰ মাজত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে তিনিখন খেলৰ টুৱেণ্টী২০ শৃংখলা এটা৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কৰ্মকৰ্তা এজনৰ উদ্ধৃতি দি দেশখনৰ দৈনিক কাকত ‘জং’ত প্ৰকাশ কৰা হৈছে যে চলিত বৰ্ষতে ভাৰতৰ বিৰুদ্ধে চমু ক্ৰিকেট শৃংখলা এটাৰ বাবে ক্ৰিকেট ব’ৰ্ডক সাজু থাকিবলৈ কোৱা হৈছে৷ অহা সপ্তাহত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ সভাত এই বিষয়টো লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ ইপিনে, ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মতে, ভাৰত আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট শৃংখলাক লৈ এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাভাৰত আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট শৃংখলাক লৈ এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ ৩০ মাৰ্চত ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰী আলোচনাত মিলিত হোৱাৰ কথা আছে আৰু সেই আলোচনাত দেশ দুখনৰ মাজত দ্বিপাক্ষিক শৃংখলাটোৱে ঠাই পোৱাৰ সম্ভাৱনা আছে৷ তাৎপৰ্যপূৰ্ণ যে ভাৰতৰ বিৰুদ্ধে টুৱেণ্টী২০ শৃংখলাটোক লৈ পাকিস্তানৰ সংবাদ মাধ্যমত বাতৰি পৰিবেশন কৰা হ’লেও দেশ দুখনৰ ক্ৰিকেট ব’ৰ্ডে সেই কথাটো মানি লোৱা নাই৷  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ শীৰ্ষ কৰ্মকৰ্তা এজনে বুধবাৰে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্ভাব্য টুৱেণ্টী২০ শৃংখলাটো লৈ এতিয়ালৈকে কোনো আলোচনা হোৱা নাই৷ আনহাতে, জিঅ’ টেলিভিশ্বনৰ সৈতে হোৱা সাক্ষাৎকাৰত পাকিস্তান ক্ৰিকেট সন্থাৰ অধ্যক্ষ এহছান মানীয়ে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজৰ দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাৰ বিষয়টো লৈ তেওঁলোকৰ সৈতে কোনেও যোগাযোগ কৰা নাই৷ ‘জং’ কাকতখনত ইয়াকো লিখা হৈছে যে জুনত ইংলেণ্ডত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পাছত জুলাই মাহটোত ভাৰতীয় দলৰ কোনো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সূচী নাথাকিব আৰু সেই সমযছোৱাত অথবা ছেপ্টেম্বৰৰ শেষভাগত পাকিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ টুৱেণ্টী২০ শৃংখলাটো অনুষ্ঠিত কৰা হ’ব পাৰে৷ শৃংখলাটো আয়োজন কৰা সম্ভৱ হ’লে বিৰাট কোহলিৰ ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে৷ কিয়নো দেশ দুখনৰ মাজত ২০১২-২০১৩ বৰ্ষৰ অন্তিমটো শৃংখলাত পাকিস্তানে ভাৰত ভ্ৰমণ কৰিছিল৷ উক্ত শৃংখলাটোত আছিল তিনিখনকৈ এদিনীয়া আৰু টুৱেণ্টী২০৷