Logo
image

২৫ মিটাৰ পিষ্টল ইভেণ্টত ভাৰতৰ স্বৰ্ণ জয়

আই এছ এছ এফ শ্বুটিং বিশ্বকাপ

'আমাৰ অসম' ২৬ মাৰ্চঃ  চিংকি যাদৱ, মনু ভাকৰ আৰু ৰাহি ছৰ্ণোবাটেৰে গঠিত ভাৰতীয় দলে চলিত আই এছ এছ এফ বিশ্বকাপত মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে৷ খিতাপৰ যুঁজত ভাৰতীয় মহিলা দলটোৱে পোলেণ্ডক পৰাস্ত কৰে৷ আনহাতে প্ৰতিযোগিতাত  মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিশ্বন টীম ইভেণ্টত ৰূপৰ পদক জয় কৰিছে ভাৰতে৷ অঞ্জুম মৌদগিল, শ্ৰেয়া ছাক্সেনা আৰু গায়ত্ৰী নিত্যানন্দামেৰে গঠিত ভাৰতীয় দলটোৱে খিতাপৰ যুঁজত  ৪৩ শ্বট কৰি ৰূপত পদক লাভ কৰে৷ ৪৭ স্ক’ৰ কৰি স্বৰ্ণ পদক জয় কৰে পোলেণ্ডে৷ ইণ্ডোনেছিয়াই লাভ কৰে ব্ৰঞ্জৰ পদক৷ প্ৰতিযোগিতাখনত ভাৰতে লাভ কৰা পদকৰ সংখ্যা ২১ টালৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত আছে ১০ টা স্বৰ্ণ, ৬ টা ৰূপ আৰু পাঁচটা ব্ৰঞ্জ৷