ছোৰেণৰ শপতগ্ৰহণত হাজিৰ ৰাহুল, মমতা, অখিলেশ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ নৱেম্বৰ : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিলে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী হেমন্ত ছোৰেনে৷ চতুৰ্থবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেনে শপত গ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কংগ্ৰেছৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিন, সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ, আৰজেডিৰ নেতা তেজস্বী যাদৱসহ বিৰোধী জোঁট ইণ্ডিয়া’ৰ একাধিক শীৰ্ষ নেতা৷
হেমন্ত ছোৰেনক ঝাৰখণ্ডৰ চতুদৰ্শ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায় ৰাজ্যপাল সন্তোষ গেংৱাৰে৷ শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছিল মোৰাবাদী গ্ৰাউণ্ডত, সহস্ৰাধিক সমৰ্থকৰ সন্মুখত৷ ঝাৰখণ্ড মুক্তি মৰ্চাৰ সহযোগী দল কংগ্ৰেছক ৪ টা আৰু আৰজেডি তথা চিপিআইএমএলক এটাকৈ মন্ত্ৰীপদ দিয়া হ’ব বুলি ‘ইণ্ডিয়া’ জোঁটে প্ৰকাশ কৰিছে৷ ৮১খন আসন থকা ঝাৰখণ্ডত বিধানসভাত সৰ্বাধিক মন্ত্ৰী পদ আছে ১২টা৷ তেনেক্ষেত্ৰত জেএমএমৰ হাতত থাকিব ৬টা মন্ত্ৰীপদ৷ উল্লেখ্য, বিজেপিৰ তীব্ৰ প্রত্যাহ্বান ওফৰাই এইবাৰ জেএমএম, কংগ্ৰেছ, আৰজেডি, বাঁও জোঁট মুঠ ৫৬খন আসন লাভ কৰে৷ আনহাতে ২৪ খন আসনতে সন্তুষ্ট থাকে বিজেপি৷