Logo
image

বৰষুণৰ বিঘিনি, প্ৰস্তুতি মেচৰ প্ৰথম দিনৰ খেল বিঘিনি

কেনবেৰা, ১ ডিচেম্বৰ : বৰষুণে বিঘিনি ঘটালে অষ্ট্ৰেলিয়া প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে ভাৰতৰ প্ৰস্তুতি মেচত৷ বৰষুণৰ বাবে শনিবাৰে মেচখনৰ প্ৰথম দিনা টছেই সম্ভৱ নহ’ল৷ দুদিনীয়া মেচখনৰ প্ৰথম দিনা খেন নোহোৱাত হাতত থাকিল মাত্ৰ এটা দিন৷ দেওবাৰে সেয়ে বতৰে বিঘিনি নঘটালে ৫০ অভাৰৰ মেচত অংশ ল’বলৈ সন্মত হৈছে উভয় দল৷ ভাৰতীয় বেটাৰ আৰু বলাৰে যাতে অনুশীলনৰ সুযোগ লাভ কৰে তাৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে৷ শনিবাৰৰ খেল বাতিল হোৱাৰ সময়ত ষ্টেডিয়ামত ৫০ অভাৰৰ মেচৰ কথা ঘোষণা কৰা হয়৷ ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্ট অনুষ্ঠিত হ’ব দিবা-নৈশ৷ টেষ্টখন ছয় ডিচেম্বৰত আৰম্ভ হ’ব৷ সেয়ে তাৰ আগেয়ে কেনবেৰাত গোলাপী বলৰ প্ৰস্তুতি মেচ ৰখা হৈছিল৷


কিন্তু শনিবাৰে প্ৰায় সমগ্ৰ দিনটো বৰষুণ দিয়ে৷ পাছত বৰষুণ বন্ধ হ’লেও খেল আৰম্ভ কৰিব পৰা নগ’ল৷ দ্বিতীয় সন্তানৰ পিতৃ হোৱা বাবে প্ৰথম টেষ্টৰ পৰা আঁতৰি আছিল অধিনায়ক ৰোহিত শৰ্মা৷ ইতিমধ্যে দলৰ সৈতে যোগ দি তেওঁ গোলাপী বলেৰে অনুশীলন আৰম্ভ কৰিছে৷ আঙুলিৰ আঘাতৰ বাবে প্ৰথম টেষ্টত অংশ ল’ব নোৱৰা শুভমন গীল অনুশীলনলৈ উভতিছে৷ ভাৰতে এতিয়ালৈকে চাৰিখন গোলাপী বলৰ টেষ্টত অংশ লৈছে৷ বাংলাদেশৰ বিৰুদ্ধে (২০১৯ কলকাতা) জয়ী হোৱাৰ পাছত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে (২০২০ এডিলেইড) পৰাস্ত হৈছিল৷ ইয়াৰ পাছত ভাৰতে স্বদেশত ইংলেণ্ড (২০২১ আহমেদাবাদ) আৰু শ্ৰীলংকাৰ বিৰুদ্ধে (২০২২ত বেংগালুৰুত) জয় অৰ্জন কৰিছিল৷