Logo
image

দৈনিক বাদাম খোৱাটো ক্ষতিকাৰক নেকি?

বাদাম প্ৰায়ভাগৰে প্ৰিয়৷ বাদাম স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু দৈনিক  বাদাম খালে স্বাস্থ্যৰ ক্ষতি হয় নেকি? উল্লেখ কৰা হ’ল বাদামত থকা উপকাৰী উপাদান আৰু ইয়াৰ ফলত হ’ব পৰা স্বাস্থ্যৰ উপকাৰিতাসমূহ৷–
- বাদামত স্বাস্থ্যকৰ ফেট্‌ছ, ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে৷
- বাদামে ভাল কলেষ্টেৰলৰ মাত্ৰা বঢ়ায় আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰে৷ বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিলে হৃদযন্ত্ৰ ভালে থাকে৷ ফলত হাৰ্ট এটেক আৰু  ষ্ট্ৰ’কৰ আশংকা কমে৷



- বাদামে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ গতিকে ডায়েবেটিছৰ সমস্যা থাকিলেও এইবিধ বাদাম খাব পৰা যায়৷
- বাদামত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্টৰ উপৰি ভিটামিন-ই, মেগনেছিয়াম আৰু পটাছিয়াম থাকে৷
- এইবিধ বাদামৰ পৰা প্ৰচুৰ পৰিমাণে কেল’ৰি পোৱা যায়৷ গতিকে বাদাম অত্যধিক পৰিমাণে নাখাব৷ বেছি পৰিমাণে এইবিধ বাদাম খালে ওজন বৃদ্ধি পোৱাৰ আশংকা থাকে৷
- বাদাম খালে বহুতৰে এলাৰ্জি হয়৷ গতিকে যিসকলৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে এইবিধ বাদাম খোৱাৰ পৰা বিৰত থকাই ভাল৷
- বাদাম ভাজি বা সেকি খোৱাতকৈ কেঁচাই খালে বেছি উপকাৰ পোৱা যায়৷ ভাজিলে বা সেকেলি এইবিধ বাদামৰ উপকাৰী গুণ হ্ৰাস পায়৷ তদুপৰি নিমখ সনা চিনা বাদাম খালে শৰীৰত ছ’ডিয়ামৰ মাত্ৰা বৃদ্ধি পায়৷