Logo
image

অমিতা পুষ্টিকৰ কিন্তু কিছুমান ৰোগীৰ বাবে বিপজ্জনক

আমাৰ অসম বিশেষঃ চিকিৎসকে অমিতা খোৱাৰ পৰামৰ্শ দিয়ে হৃদৰোগত আক্ৰান্ত আৰু কোলেষ্টৰেলত ভোগা ৰোগীসকলক৷ কিয়নো বছৰৰ সকলো ঋতুতে পোৱা যায় এই স্বাস্থ্যকৰ ফল বিধ৷ তদুপৰি অমিতা কেঁচা আৰু পকা দুয়োটা অৱস্থাতে খাব পাৰি৷ অনেকে পকা অমিতা জুছ প্ৰস্তুত কৰি খায়৷ গৰম দিনত অমিতাৰ চৰ্বত খালে আৰাম পোৱা যায়৷ খাদ্যৰ হজম প্ৰক্ৰিয়াত অমিতাই বিশেষভাৱে সহায় কৰে৷ অমিতাত থকা প্যাপেইন নামৰ এনজাইমে হজমত সহায় কৰে৷ শৰীৰৰ ত্বক আৰু চুলিৰ কাৰণে বিশেষ ভাৱে উপকাৰী অমিতাত এণ্টি-অক্সিডেণ্ট পোৱা যায়৷ অৱশ্যে, শৰীৰৰ বাবে উপকাৰী এই ফল বিধ কোনো কোনো ৰোগীৰ বাবে অতি ক্ষতিকাৰক৷ কি কি ৰোগ থাকিলে অমিতা খাব নালাগে জানো আহক– 

◾ডায়েবেটিছ ৰোগীৰ বাবে অমিতা অপকাৰী৷ গতিকে ডায়েবেটিছ ৰোগীসকলে বেছিকৈ অমিতা নোখোৱাই ভাল৷ 

◾গৰ্ভৱৰ্তী নাৰীৰ বাবে অমিতা ক্ষতিকাৰক হ’ব পাৰে৷ অমিতাৰ গুটি, ঠাৰি আৰু পাত গৰ্ভত থকা শিশুৰ কাৰণে অতি ক্ষতিকৰ৷ 

◾চিকিৎসকৰ পৰামৰ্শ মতে কম  বয়সীয়া শিশুৱে অমিতা খোৱা উচিত নহয়৷ অমিতাত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, যি এবছৰতকৈ কম শিশুৰ ক্ষেত্ৰত সমস্যাৰ কাৰণ  হ’ব পাৰে৷

◾যিসকল ৰোগীৰ শ্বাসজনিত সমস্যা আছে তেওঁলোকে অমিতা খোৱাতো বিপজ্জনক৷ অমিতাত এলাৰ্জেন নামৰ এবিধ এনজাইম থাকে৷ এই ফল অতিৰিক্তভাৱে খোৱাৰ ফলত শ্বাসজনিত অসুস্থতা তথা হাঁপানীৰ সমস্যা বৃদ্ধি পাব পাৰে৷

◾হজমৰ সমস্যা বঢ়াই অমিতাই৷ কোষ্ঠ্যকাঠিন্যত ভোগা ব্যক্তিসকলক সাধাৰণতে অমিতা খাবলৈ দিয়া হয়৷ কিন্তু অতিৰিক্ত খালে পেটত জ্বলা-পোৰা আৰু বিষ হ’ব পাৰে৷

◾গৱেষণাৰ দ্বাৰা জনা গৈছে অমিতা অতিৰিক্তকৈ খালে পেটফুলা বা বমিভাৱ হ’ব পাৰে৷