বিজেপি নেত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগঃ নিশা ৰিজ'ৰ্টত এৰি থৈ আহিলে বনকৰা যুৱতীক, আৰক্ষীয়ে ৰুজু নকৰিলে গোচৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ ডিচেম্বৰঃ আইন সকলোৰে বাবে সমান বুলি কোৱা হয় যদিও বিজেপি নেতা-কৰ্মীয়ে অপৰাধ সংঘটিত কৰিলে আইন যেন তেওঁলোকৰ বাবে পৃথক হৈ পৰে৷ এগৰাকী ঘাতমাউৰা বনকৰা যুৱতীক শাৰিৰীক নি*ৰ্যাতন চলাই নিশা অসহায় অৱস্থাত অচিনাক্ত স্থানত এৰি থৈ অহাৰ দৰে ভয়ংকৰ অপৰাধ সংঘটিত কৰাৰ পাছতো এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অসুস্থ অৱস্থাত মাজ নিশা ১৯ বছৰীয়া যুৱতীগৰাকীক এগৰাকী মহিলা কনিষ্টবলে উদ্ধাৰ কৰি নিশাটো ঘৰতে আশ্ৰয় দি জালুকবাৰীস্থিত চৰকাৰী নাৰী গৃহত গটাই দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ বনকৰা যুৱতীক নি*ৰ্যাতন চলাই ৰাজপথত এৰি থৈ অহা বিজেপি নেত্ৰীগৰাকী হৈছে ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ অধ্যক্ষ মৃদুলা বৰকাকতি৷
ৰাজনৈতিক প্ৰভাৱ খটুৱাই বিজেপি নেত্ৰী মৃদুলা বৰকাকতি আৰু তেওঁৰ স্বামী নিত্যানন্দ বৰকাকতিয়ে আৰক্ষীৰ লগতে জালুকবাৰী ষ্টেট হোম কতৃৰ্পক্ষক মেনেজ কৰি এজাহাৰ দাখিল তথা গোচৰ পঞ্জীয়নৰ পৰা ৰেহাই পোৱা বুলিও চৰ্চা লাভ কৰিছে৷ অভিযোগ অনুসৰি গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰ-কাহিলীপাৰা ৰোডৰ প্ৰভা বৰ্মন উপ-পথৰ গৃহ নম্বৰ ৬১ নিৱাসী বিজেপি নেত্ৰী মৃদুলা বৰকাকতি আৰু তেওঁৰ স্বামী নিত্যানন্দ বৰকাকতিয়ে বিগত ২ জুলাইত জালুকবাৰীস্থিত ষ্টেট হোমৰ পৰা এগৰাকী ১৯ বছৰীয়া ঘাতমাউৰা যুৱতীক ঘৰুৱা সহায়িকা কামৰ বাবে আনিছিল৷ কিন্তু যুৱতীগৰাকীক ঘৰুৱা সহায়িকাৰ বাবে আনি অকথ্য নি*ৰ্যাতন চলাইছিল বুলি স্থানীয় প্ৰতিবেশীয়ে অভিযোগ কৰিছে৷ বিজেপি নেত্ৰীৰ ঘৰৰ পৰা প্ৰায়ে যুৱতীগৰাকীক মা*ৰপিট কৰা তথা কান্দোনৰ শব্দ ভাহি আহিছিল বুলিও স্থানীয় লোকে অভিযোগ কৰিছে৷ শেহতীয়াকৈ বৃহস্পতিবাৰে মৃদুলা বৰকাকতি আৰু তেওঁৰ স্বামীয়ে কামৰূপৰ গন্ধমৌস্থিত ককো বেম্ব’ নামৰ ৰিজ’ৰ্টখনত অৱসৰ বিনোদনৰ বাবে গৈছিল৷ লগত লৈ গৈছিল বনকৰা যুৱতীগৰাকীকো৷ ৰিজ’ৰ্টখনত আহাৰ গ্ৰহণ কৰি উঠাৰ পাছতে হঠাতে যুৱতীগৰাকী ৰিজ’ৰ্টখনৰ পৰা নোহোৱা হৈ পৰে৷ ষ্টেট হোমৰ পৰা আনুষ্ঠানিকভাৱে চমজি লোৱা এগৰাকী বনকৰা যুৱতী হঠাতে সন্ধানহীন হৈ পৰাৰ পাছতো মৃদুলা বৰকাকতি আৰু তেওঁৰ স্বামীয়ে স্থানীয় শুৱালকুছি আৰক্ষীক অভিযোগ দিয়াৰ পৰিৱৰ্তে গুৱাহাটীলৈ পলায়নহে কৰে৷ ইয়াৰ পাছতেই নিশা প্ৰায় ১০.৩০ বজাত স্থানীয় বঙালঘুলিৰ একাংশ লোকে অসুস্থ অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰি শুৱালকুছি থানাত কৰ্মৰত সীমা দাস নামৰ মহিলা কনিষ্টবল গৰাকীক চমজাই দিয়ে৷ মহিলা কনিষ্টবলগৰাকীয়ে শুৱালকুছি থানাক ঘটনাটো অৱগত কৰি নিশাটো যুৱতীগৰাকীক নিজৰ ঘৰতে আশ্ৰয় দিয়ে৷
পাছত শুকুৰবাৰে যুৱতীগৰাকীক শুৱালকুছি থানালৈ আনি স্থানীয় মহাত্মা গান্ধী ৩০খন বিছনাযুক্ত হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰক্ষীয়ে যুৱতীগৰাকীক জালুকবাৰীৰ ষ্টেট হোম কতৃৰ্পক্ষক চমজাই দিয়ে৷ স্বাস্থ্য পৰীক্ষাত চিকিৎসকে যুৱতীগৰাকীৰ ভৰি আৰু বাওঁ হাতত আঘাতৰ চিন স্পষ্ট থকা বুলিও জানিবলৈ দিয়ে৷ যুৱতীগৰাকী মানসিকভাৱে ভাগি পৰা বুলিও চিকিৎসকে জানিবলৈ দিয়াৰ লগতে মৃদুলা বৰকাকতিয়ে মাৰধৰ কৰা বুলিও চিকিৎসকক অৱগত কৰিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে৷ আশ্চৰ্যজনক বিষয়টো হৈছে, বনকৰা যুৱতীগৰাকীয়ে বিজেপি নেত্ৰী মৃদুলা বৰকাকতিৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰাৰ পাছতো শুৱলাকুছি থানা তথা কামৰূপ আৰক্ষীয়ে ৰহস্যজনক কাৰণত অসহায় যুৱতীগৰাকীক ন্যায় দিয়াৰ স্বাৰ্থত নিজাববীয়াকৈয়ো কোনো গোচৰ ৰুজু নকৰিলে৷ ইয়াৰ বিপৰীতে যুৱতীগৰাকীৰ বয়স ১৯ বছৰ হোৱাৰ দোহাই দি এজাহাৰ নিদিলে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি বুলিহে দায়সৰা মন্তব্য কৰিছে কামৰূপ আৰক্ষীয়ে৷
আনকি কামৰূপ আৰক্ষীয়ে ৰহস্যজনক কাৰণত এগৰাকী যুৱতীক নিশা অচিনাকী এটা স্থানত এৰি থৈ অহা বিজেপি নেত্ৰীগৰাকীৰ লগতে তেওঁৰ স্বামীকো ৰহস্যজনক কাৰণত প্ৰাথমিক সোধা-পোছাও প্ৰয়োজনবোধ নকৰিলে৷ ইফালে জালুকবাৰী ষ্টেট হোম কতৃৰ্পক্ষয়ো চুক্তি কৰি আনুষ্ঠানিকভাৱে গতাই দিয়া এগৰাকী ঘাতমাউৰা অসহায় যুৱতীৰ ওপৰত শাৰীৰিক নি*ৰ্যাতন চলোৱাই নহয়, বিপদৰ মুখলৈ ঠেলি নিশা এৰি থৈ অহাৰ পাছতো যুৱতীগৰাকীৰ দায়িত্ব লোৱা বৰকাকতি দম্পতীৰ বিৰুদ্ধে কিয় এজাহাৰ দাখিল নকৰিলে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ অৰ্থাৎ বিজেপি নেত্ৰী মৃদুলা বৰকাকতিয়ে ৰাজনৈতিক প্ৰভাৱ খটুৱাই যে সকলোকে মেনেজ কৰি আৰক্ষীৰ লগতে চৰকাৰী আশ্ৰয় গৃহৰ কতৃৰ্পক্ষকো ক্ৰয় কৰিলে বুলি চৰ্চা লাভ কৰিছে৷ আশ্চৰ্যজনকভাৱে শুৱালকুছি আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ পাছতো সৌজন্যতাৰ খাতিৰতো যুৱতীগৰাকীৰ ওচৰত উপস্থিত হোৱাৰ প্ৰয়োজনবোধ নকৰিলে বিজেপি নেত্ৰীগৰাকীয়ে৷ অৱশ্যে, এই ভয়ংকৰ ঘটনাটোৰ ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷






