
মন্ত্ৰিত্ব নোপোৱাৰ দুখ নাই, পদ্মৰ আবৃত্তি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰ : হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত ব্যাপক ৰদ-বদলসহ সম্প্ৰসাৰণ কৰা হ’ল মন্ত্ৰীসভা৷ কংগ্ৰেছৰ পৰা আহি সৌ সিদিনা বিজেপিত যোগদান কৰি মন্ত্ৰিত্ব লাভ কৰিলে ৰূপেশ গোৱালাই৷ প্ৰথমবাৰ বিধায়ক হৈ কৌশিক ৰায়ে লাভ কৰিলে খাদ্য আৰু অসামৰিক যোগান, খনি আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰিত্ব৷ তাৰ পাছতো মনত খেদ নাই জ্যেষ্ঠ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ৷
সতীৰ্থ বিধায়কসকলে বিভিন্ন বিভাগৰ মন্ত্ৰিত্ব লৈ আনন্দ উপভোগ কৰাৰ সময়ত বিধায়ক হাজৰিকাই কবিতা আবৃত্তি কৰি থকা পৰিলক্ষিত হয়৷ বিধায়ক হাজৰিকাই সোমবাৰে কলাক্ষেত্ৰৰ বাকৰিত উদাত্ত কণ্ঠেৰে আবৃত্তি কৰি গ’ল–
‘শক্তি পুত্ৰ মই
ভক্তি বুকুত লই
মুক্তি প্ৰয়াসী হই
অৰ্জুন মই, গাণ্ডীবী মই,
ময়েই ধনঞ্জয়– মৃত্যু কৰিছোঁ জয়;
ময়ে অসমৰ
ময়ে ভাৰতৰ
ময়ে ডেকা ল’ৰা অগ্নিময়৷
ময়ে ভাৰতৰ নবীন সূৰ্য্য
পূৰ্বাচলত বজাও তূৰ্য্য
মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
মুগ্ধ কৰিব আলোক যাত্ৰী
শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি
কৰিম জগত জয়
নবীন সূৰ্য্য মই৷৷...’
ৰাজ্যবাসীৰ এই কথা ভালদৰে অৱগত যে গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিধায়ক পদ্ম হাজৰিকাৰ ওপৰত৷ গৰুখুঁটি প্ৰকল্পৰ নামত অসম চৰকাৰে লোকচান ভৰিবলগীয়া হৈছে কোটি কোটি টকা৷ উল্লেখ্য যে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত ৭ আৰু ৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম আবৃত্তি মহোৎসৱ আৰু প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ সফল সামৰণি পৰে৷ এই অনুষ্ঠানতে আবৃত্তিকাৰ তথা বিধায়ক পদ্ম হাজৰিকাই ‘শক্তি পুত্ৰ মই’ শীৰ্ষক কবিতাটো আবৃত্তি কৰে৷