পূজা-পাতল কৰি জনতা ভৱনত প্ৰৱেশ নতুন মন্ত্ৰীৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ডিচেম্বৰ : মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু ব্যাপক ৰদ বদলৰ পাছত মঙলবাৰে পুৱাৰ ভাগতে মন্ত্ৰিত্বৰ দায়িত্ব ল’লে প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পালে৷ মন্ত্ৰী প্ৰশান্ত ফুকনে মঙলবাৰে জনতা ভৱনৰ ডি ব্লকত পুৱাৰ ভাগত পূজা পাৰ্বন কৰি আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ দায়িত্ব লয়৷ মন্ত্ৰিত্বৰ দায়িত্ব লৈ কৃষ্ণেন্দু পালে প্ৰথমটো দিনতে পশুপালন বিভাগ, মীন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনামূলক বৈঠকত মিলিত হয়৷ পুৱা কামাখ্যা মন্দিৰত সেৱা জনাই পূজা পাৰ্বন কৰি মন্ত্ৰীৰ দায়িত্ব লয়৷ ফুকনে মন্ত্ৰীৰ আসনত বহাৰ পূৰ্বে পত্নীৰ অনুমতি লোৱা পৰিলক্ষিত হয়৷ মন্ত্ৰিত্ব লাভ কৰাৰ পাছত মঙলবাৰে পুৱাই কাৰ্যালয়ত উপস্থিত হৈ পূজা-অৰ্চনা কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে৷ গুৰুত্বপূৰ্ণ যোগান বিভাগৰ উপৰি তেওঁক খনি আৰু খনিজ সম্পদ বিভাগৰ লগতে বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ তিনিটাকৈ বিভাগৰ দায়িত্ব লাভ কৰা কৌশিক ৰায়ে পুৱাই কাৰ্যালয়ত উপস্থিত হৈ পূজা-অৰ্চনা কৰে৷ ইয়াৰ পিচতেই সংবাদ মাধ্যমৰ আগত মনৰ ভাৱ ব্যক্ত কৰি নৱনিযুক্ত মন্ত্ৰী কৌশিক ৰায়ে কয়–আজি মই বিভাগটোৰ সকলো কথাৰ বুজ ল’ম৷ মূল প্ৰত্যাহ্বানটো হৈছে মূল্যবৃদ্ধি কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰো৷ ক’লা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে কাম কৰিব লাগিব৷ সময় যিহেতু কম গতিকে আজি পুৱাই পূজা দি কাৰ্যালয়লৈ আহিছো৷ আজিৰ পৰাই দায়িত্ব দিয়া তিনিটা বিভাগৰ কাম কৰাৰ বাবে যাত্ৰা আৰম্ভ কৰিছো৷ এই যাত্ৰাত মই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰো যাতে ভালদৰে কাম কৰিব পাৰো৷
কামাখ্যা, কাজিৰঙা, মানাহক জিলিকাই তোলাৰ সংকল্প ল’লে নতুন পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ পৰ্যটনৰ দৰে প্ৰচুৰ সম্ভাৱনা থকা বিভাগ এটাৰ দায়িত্ব লাভ কৰিয়েই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ঐতিহ্যমণ্ডিত মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰে আৰু এই খণ্ডটোৰ বিকাশৰ হেতু অন্তঃকৰণেৰে কৰ্মত অগ্ৰসৰ হ’বৰ বাবে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা জনায়৷ ইয়াৰ লগতে মন্ত্ৰী দাসে কামাখ্যা মন্দিৰ পৰিচালনা সমিতি, দলৈ সমাজৰ প্ৰতিনিধিবৰ্গ আৰু বিভাগীয় বিষয়া সকলৰ সৈতেও মত-বিনিময় কৰি আগন্তুক দিনত মন্দিৰ উন্নয়নৰ পৰিকল্পনাৰ সন্দৰ্ভতো বুজ লয়৷ অসমৰ সুবিশাল পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে গুৰুদায়িত্ব অৰ্পণ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে নৱনিযুক্ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰে দাসে৷ মন্ত্ৰী দাসে উল্লেখ কৰে–বিশাল ব্ৰহ্মপুত্ৰ, নানা নৈ-উপনৈ, সেউজীয়া পাহাৰ, কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যান, চাহ বাগিছা, বিহুকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ পয়োভৰেৰে অসমে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিছে আৰু আগলৈও অধিক আকৰ্ষণ কৰাৰ যথেষ্ট থল আছে৷ মাজুলী, বৰপেটা, বটদ্ৰৱাকে ধৰি সত্ৰ সংস্কৃতিয়েও পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে৷ বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী আৰু আটাইতকৈ সৰু নদী দ্বীপ উমানন্দ আমাৰ অসম ভূমিতে বিৰাজমান৷ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ, ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ আদিৰ উন্নয়নেৰে পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে যি উদ্যোগ গ্ৰহণ কৰিছে সেয়া উল্লেখনীয়৷ আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইনভেষ্টৰ চামিটৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণেৰে অসমৰ অন্যতম জনগোষ্ঠী চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ সমাহাৰেৰে ‘মেগা ঝুমুৰ’ নৃত্য প্ৰদৰ্শন কৰা হ’ব৷ ৰাজ্য খনৰ প্তখন ৰাষ্ট্ৰীয় উদ্যান, ১৮খন অভয়াৰণ্য, ৪৬খন পক্ষীৰ আৱাসভূমি তথা প্ৰায় ৩৫ শতাংশ সেউজ আৱৰণেৰে প্ৰকৃতিপ্ৰেমী সকলক সদায় আকৰ্ষিত কৰি অহাৰ উপৰি পাৰিপাশ্বিৰ্ক পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা বহন কৰিছে৷ পৰ্যটনৰ ক্ষেত্ৰখনত অতিকৈ চহকী অসমত এতিয়াও বহু দিশ উন্মোচন হ’বলৈ বাকী আছে৷ আগন্তুক দিনত সম্ভাৱনাপূৰ্ণ সকলো দিশকে গুৰুত্বসহকাৰে লৈ অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰাৰ পোষকতা কৰে মন্ত্ৰী দাসে৷ নতুন পৰিবহণ মন্ত্ৰী যোগেন মহনে মঙলবাৰে শিৱসাগৰত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি বিষয়া-কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয়৷