Logo
image

শীতৰ শ্বিলঙত ব্ৰায়ান আডাম্‌ছৰ ‘ছামাৰ অৱ ৬৯’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ ডিচেম্বৰ : ৬৫ বছৰ বয়সত পাৰিব জানো ব্ৰায়ান আডামছে ! অনুৰাগীৰ আবেগক জোকাৰি যাব পাৰিব জানো ব্ৰায়ান আডামছে ! এনে প্ৰশ্নই আগতীয়াকৈ আমনি কৰিছিল অযুত অনুৰাগীক৷ কিন্তু হাতত গীটাৰ লৈ মঞ্চত থিয় হোৱা আডামছে দেখুৱাই দিলে কিয় তেওঁ ষ্টাৰ৷ তেওঁ চিৰতৰুণ৷  একেৰাহে প্ৰায় দুঘণ্টা গাই গ’ল Summer of ৬৯, Cuts like a knife, Here I’m, Run to you... আৰু বহুতো, সহযোগ কৰিলে  শীতৰ শ্বিলঙত ব্ৰায়ান আডাম্‌ছৰ মাথোঁ তিনি চাৰিজন সতীৰ্থই৷ উৎফুল্লিত দৰ্শকে সমস্বৰে সহযোগ কৰি গ’ল এটা এটা গীতত৷ কানাডাৰ নাগৰিক ৰকষ্টাৰ ব্ৰায়ান আডামছক শ্বিলঙৰ দৰ্শক অনুৰাগীয়ে দেখুৱাই দিলে তেওঁৰ প্ৰতি আমাৰ ভালপোৱা কিমান৷ সংগীতৰ টোপোলা বুকুত বান্ধি বিশ্ব ভ্ৰমণলৈ ওলোৱা ব্ৰায়ান আডামছ ১৬ ডিচেম্বৰলৈ ভাৰতত থাকিব৷ কলকাতাত আৰম্ভ কৰি মেঘালয়ৰ পাহাৰৰ শিখৰেৰে কৰা ভাৰতৰ যাত্ৰাত আছে গুৰুগ্ৰাম, মুম্বাই, বেংগালুৰু, হায়দৰাবাদৰ নাম৷ শ্বিলং সাক্ষী হ’ল এক অৱিস্মৰণীয় ৱেষ্টাৰ্ণ কনচাৰ্টৰ৷ আবেগঘন শ্বিলং তেতিয়া কঁপি উঠিছে৷


শীতৰ ৰাতি উমাল কৰি সেই একেই যৌৱনৰ প্ৰাচুৰ্যৰে প্ৰায় ৫০ হাজাৰ দৰ্শকৰ সন্মুখত থিয় হ’ল ব্ৰয়ান আডামছ৷ হিমশীতল শ্বিলঙৰ ৰাতি আৰু ব্ৰায়ান আডামছ, শ্বিলঙৰ সেমেকা ৰাতি উদ্বাউল হৈ উঠিল৷ বগা পোছাকজোৰ পিন্ধি হাতত গীটাৰ লৈ মঞ্চলৈ আহিল ব্ৰায়ান আডামছ৷ বয়সে ৬৫ৰ ঘৰ চুলেও আদামছ আজিও দুৰন্ত তৰুণ৷ গীতৰ মাজে-মাজে গীটাৰৰ ষ্ট্ৰিঙত আঙুলিৰ কঁপনি৷ আস... এয়া কি সঁচাকৈয়ে সংগীত সমৰ্পিত দৰ্শকৰ সন্মুখত ব্ৰায়ান আডাম্‌ছ৷ ভাৰতীয় বা অধিক ওচৰ চাপি ক’ব পাৰি– বহুতৰে বাবে ইংৰাজী গীত শুনাৰ অভ্যাসৰ নামেই আছিল ব্ৰায়ান আডামছ৷ বহুতৰে বাবে স্কুলীয়া দিনৰ সোঁৱৰণৰ নাম ব্ৰায়ান আডামছ৷ ৰোমন্থনৰ নাম ব্ৰায়ান আডামছ৷  আডাম্‌ছৰ ছামাৰ অৱ চি’টী নাইন বা এভৰিঠিং আই ডু, ডু ফৰ ইউ, প্লিজ ফৰগিভ মি, ষ্ট্ৰেইট ফ্ৰম দ্য হাৰ্ট, আল ফৰ লাভ, you Cant take me... এটা এটাকৈ অজস্ৰ গীতৰ লহৰত বুৰ গ’ল শ্বিলঙৰ সেমেকা ৰাতি৷ আডামছৰ ৰক কনচাৰ্টত কঁপি উঠিল শ্বিলং৷ ৫০ হাজাৰ দৰ্শকে আডামছৰ কণ্ঠতেই কণ্ঠ মিলাই গাই গ’ল প্লিজ ফৰগিভ মি৷  ৮০-৯০ দশকৰ বহুতৰ বাবে ৰক মিউজিক মানেই আছিল ব্ৰয়ান আডামছ৷ বিশেষকৈ ৰবিন হুড চিনেমাখনৰ everything i do আছিল বহুতৰে বাবে আবেগ৷ মন-মগজুত কঁপনি তোলা ব্ৰয়ান আডামছ শ্বিলঙলৈ আহিল, মঙলবাৰৰ নিশা আৰু মোহাচ্ছন্ন কৰি থৈ গ’ল উত্তৰ-পূবৰ দৰ্শকক৷ য’ত কেৱল শ্বিলঙৰে নহয়, চামিল হৈছিল অসম, অৰুণাচলৰো অনুৰাগী৷