Logo
image

শিক্ষাৰ্থীক স্কুটী-চাইকেল প্ৰদান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ডিচেম্বৰ : ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ অংশৰূপে বুধবাৰে ৰাজ্যৰ ৪৮,৬৭৩গৰাকী মেধা সম্পন্ন শিক্ষাৰ্থীক বাণীকান্ত কাকতি বঁটা আৰু ২৬,৯৬৯গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা৷ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত উক্ত কাৰ্যসূচী মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পত কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ ডি বি টি যোগে  নগদ পুৰস্কাৰ প্ৰদান কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ৰাজ্যখনৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে আজিৰে পৰা বিকাশৰ ১২ দিন কাৰ্যসূচী আৰম্ভ কৰা হৈছে৷ এই সময়ছোৱাত কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়োৱা হ’ব৷


প্ৰতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উত্তীৰ্ণ হোৱা ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে৷ এইবছৰ ৰাজ্যৰ ২৬,৯৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীক অহা ১২ দিনত আনন্দৰাম বৰুৱা বঁটা হিচাপে বিদ্যাৰ্থী সমাজৰ শিক্ষাগ্ৰহণৰ সুবিধাৰ্থে ১২,৫০০ টকা নিজৰ বেংক একাউণ্টত যোগে লাভ কৰিব৷ এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা ৰাজ্যৰ ৪,৪০,৫৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে উপকৃত হৈছে৷ ৰাজ্য চৰকাৰে আৰম্ভ কৰা আন এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে বাণীকান্ত কাকতি বঁটা৷ এই বঁটাৰ জৰিয়তে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে আগবঢ়ায় আৰু যিসকল ছাত্ৰই ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁলোকৰ বাবেও একোখনকৈ স্কুটাৰ আগবঢ়োৱা হয়৷ পূৰ্বৰ সকলো অভিলেষ ভংগ কৰি এইবাৰ ৰাজ্যৰ ৪৮,৬৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে লাভ কৰিব৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্ৰহণক সহজলভ্য কৰি তোলাৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰা হৈছিল৷ এই বছৰ অহা ১২ টা দিনৰ ভিতৰত ৰাজ্যৰ ৩,২৩,৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা চাইকেল লাভ কৰিব৷ বিকাশৰ দিনৰ সময়ছোৱাত বিধবংসী বানে ক্ষতিগ্ৰস্ত কৰা ৬,৮৬,৪৮৭ পৰিয়াললৈ ৩৫৩ কোটি টকা বান সাহায্য হিচাপে ডি বি টি যোগে আগবঢ়োৱা হ’ব৷ মাইক্ৰফাইনেন্সৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে ঋণ মুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰিব৷ এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনিৰ জৰিয়তে ৬,৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যক ২১ কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াব৷

১২ দিনত ৰাজ্যৰ প্ৰায় ১১ লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’ব৷ ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা বঁটা দুগৰাকী মহান মনীষীৰ নামত উৎসৰ্গিত কৰা হৈছে৷ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা ৰাজ্যৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ পুৰো¸ধা ব্যক্তি আছিল৷ ভাষাতত্ত্ববিদ ড॰ বাণীকান্ত কাকতিয়ে কটন কলেজত অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল৷ গভীৰ পাণ্ডিত্যৰ পৰিচয় দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বীৰ দায়িত্বও পালন কৰিছিল৷ তেওঁ তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতখনক সমৃদ্ধ কৰি থৈ গৈছে৷ ড॰ বাণীকান্ত কাকতিৰ দৰে যিসকল সাহিত্যিকে অসমীয়া ভাষাটো জগতসভালৈ লৈ গৈছিল আৰু চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে অকৃত্ৰিম সেৱা আগবঢ়াইছিল, পাণ্ডিত্যৰে অসমীয়া ভাষা-সাহিত্যক জিলিকাই তুলিছিল তেওঁলোকৰ বাবে এক শ্ৰদ্ধাঞ্জলি হিচাপে এই বছৰটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে অসমীয়া আৰু বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰি দুয়োটা ভাষাকে পৃথকভাৱে স্বীকৃতি দি অসমীয়া ভাষাক জগতসভালৈ  লৈ যোৱাৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ চতুৰ্থ শতিকাতে অসমীয়া ভাষাই শিলালিপিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল৷ অসমীয়া ভাষাৰ ইতিবৃত্ত, চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ বিকাশ, বিৱৰ্তনৰ মাজেৰে আহি অসমীয়া ভাষাই আধুনিক ভাষালৈ ৰূপান্তৰিত হৈছে, সেই বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ৩ান জনায়৷ প্ৰকাশন পৰিষদৰ ৱে’বচাইটত অসমীয়া ভাষাৰ সৃষ্টি আৰু ইয়াৰ বিৱৰ্তন, এই সমগ্ৰ বিষয় অসমীয়া ভাষাতে লিপিবদ্ধ কৰিছে৷ আনন্দৰাম বৰুৱা অসমৰ সমাজ জীৱন তথা আধুনিক জীৱনৰ বাবে এক আদৰ্শ৷ ভাৰতবৰ্ষৰ পঞ্চমজন আইএএছ বিষয়া আৰু অসমৰ প্ৰথমগৰাকী অসমীয়া আইএএছ বিষয়া আছিল আনন্দৰাম বৰুৱা৷

দেশৰ প্ৰথমগৰাকী ভাৰতীয় জিলা আয়ুক্ত আছিল আনন্দৰাম বৰুৱা৷ আনন্দৰাম বৰুৱা সংস্কৃতত বিদগ্ধ পণ্ডিত আছিল আৰু মেক্সমুলাৰৰ দৰে পণ্ডিতে আনন্দৰাম বৰুৱাক প্ৰশংসাৰে উপচাই দিছিল৷ সংস্কৃতত আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ এই দুইগৰাকী মহান পূজাৰীয়ে অসমীয়া জাতিক চিৰকাললৈ গৰ্বিত কৰিলে৷ দৰিদ্ৰতাৰ বাধা নেওচি শিক্ষা সকলোৰে হওঁক আৰু শিক্ষাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন স্পৰ্শ কৰক, সেই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবে নিৰন্তৰ ভাৱে আঁচনি গ্ৰহণ কৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যই বিদ্যাৰ্থীক কলেজত পঢ়াৰ বাবে বিনামূলীয়াকৈ নামভৰ্ত্তিৰ ব্যৱস্থা কৰি দিয়ে৷ এইবছৰ ৰাজ্যখনত ৯৪,৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্ত্তিৰ সুযোগ লাভ কৰিছে৷ তেওঁ লগতে কয় যে অসম এনে এখন ৰাজ্য য’ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষা দিবৰ বাবে পৰীক্ষাৰ মাচুলো ৰাজ্য চৰকাৰে বহন কৰে৷ ৰাজ্য চৰকাৰে ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে নিয়ুত মইনা আঁচনি ৰূপায়ন কৰিছে৷ ইয়াৰ জৰিয়তে ছাত্ৰীসকলে উচ্ছতৰ মাধ্যমিকত পঢ়িলে প্ৰতি মাহত চৰকাৰৰ পৰা ১ হাজাৰ টকাকৈ বৃত্তি লাভ কৰে৷ আনহাতে ডিগ্ৰী পঢ়িলে ১,২৫০ হাজাৰ টকাকৈ লাভ কৰাৰ উপৰি স্নাতকোত্তৰ পঢ়িলে ২,৫০০ টকাকৈ লাভ কৰে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনতে চাহ বাগিছাত ২২৪ খন হাইস্কুল স্থাপন কৰাৰ বাবে সুদূৰপ্ৰসাৰী সিদ্ধান্ত লৈ ইয়াক কাৰ্যকৰী কৰে৷ সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ যাত্ৰাত বৰ্তমানৰ ৰাজ্য চৰকাৰে আগবাঢ়িছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এখন ৰাজ্যৰ উন্নতি বা বিকাশ হয়, যেতিয়া ৰাজ্যৰ নৱ প্ৰজন্মই নিজৰ দায়ৱদ্ধতা, দেশপ্ৰেমৰ দ্বাৰা উদ্বুদ্ধ হৈ শিক্ষা গ্ৰহণ কৰে আৰু শিক্ষাৰ সামৰণিত একো একোজন উপযুক্ত নাগৰিক হোৱাৰ সপোন দেখে৷ চৰকাৰে সুবিধা, সহযোগিতা আগবঢ়াব পাৰে কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত প্ৰচেষ্টা আৰু অধ্যৱসায়ক চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰে৷ চৰকাৰে প্ৰেৰণা দিব পাৰে কিন্তু প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে সপোন দেখাৰ সাহস গোটাব লাগিব৷ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱনক পূৰ্ণতা দিবলৈ একো একোজন উপযুক্ত নাগৰিক হিচাপে নিজক নিৰ্মাণ কৰিবলৈ যত্ন কৰিব লাগিব বুলিও তেওঁ কয়৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি লাভৰ বাবে পূৰ্বে চলি থকা দুৰ্নীতিৰ সমস্ত ব্যৱস্থাটোক মষিমুৰ কৰি পেলাইছে৷ যোৱা পাঁচ বছৰত মানসিকতাৰ পৰিৱৰ্তন সাধন হৈছে৷ অকল অসম চৰকাৰৰ চাকৰিয়ে নহয় ভাৰতচৰকাৰৰ চাকৰি, ষ্টাৰ্টআপ, উদ্যমিতা, দক্ষতা সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাবে  এক মানসিক শক্তি আহৰণ কৰিব লাগিব৷ আজিৰ এই অনুষ্ঠানত  শিক্ষা ইত্যাদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পটোৱাৰী, বিধায়কসকল ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা, হেমাঙ্গ ঠাকুৰীয়াৰ লগতে উচ্ছ পদস্থ বিষয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷