জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ডিচেম্বৰ : ৰাজ্যৰ জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দলং৷ প্ৰতিখন জিলাতে স্থাপন কৰা হ’ব একোখনকৈ বিশ্ববিদ্যালয়৷ বুধবাৰে গুৱাহাটীত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচী মুকলি কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়– অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে পালন কৰা হ’ব বিকাশৰ ১২ দিন৷ অবিৰত বিকাশ যজ্ঞৰ আন এক শক্তিশালী প্ৰয়াস হিচাপে ‘বিকাশৰ ১২ দিন’ অসম চৰকাৰৰ বিনম্ৰ প্ৰচেষ্টা৷ এই পদক্ষেপে অসমৰ উন্নয়নক এক নতুন আয়তন প্ৰদান কৰিব৷ ইয়াৰ অংশৰূপে খাদ্য সংসাধন গোটসমূহক সমৰ্থন কৰিবলৈ ৰাজ্যৰ ৬,৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ২১.৯০ কোটি টকা বিতৰণ কৰা হ’ব৷ বিকাশৰ দিনৰ সময়ছোৱাত বিধবংসী বানে ক্ষতিগ্ৰস্ত কৰা ৬,৮৬,৪৮৭ পৰিয়াললৈ ৩৫৩ কোটি টকা বান সাহায্য হিচাপে ডি বি টি যোগে আগবঢ়োৱা হ’ব৷ মাইক্ৰ ফাইনেন্সৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে ঋণ মুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰিব৷
এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনিৰ জৰিয়তে ৬,৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যক ২১ কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াব৷ অহা ১২ দিনত ৰাজ্যৰ প্ৰায় ১১ লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’ব৷ শিক্ষাৰ প্ৰসাৰৰ বাবে সুদূৰপ্ৰসাৰী পদক্ষেপ ৰাজ্য চৰকাৰে হাতত লৈছে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনতে চাহ বাগিছাত ২২৪খন হাইস্কুল স্থাপন কৰাৰ বাবে সুদূৰপ্ৰসাৰী সিদ্ধান্ত লৈ ইয়াক কাৰ্যকৰী কৰে৷ সৰ্বাংগসুন্দৰ অসম গঢ়াৰ যাত্ৰাত বৰ্তমানৰ ৰাজ্য চৰকাৰে আগবাঢ়িছে৷ ৰাজ্যখনত ২৩খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে৷ দৰং, হাইলাকান্দি আৰু হোজাইত আৰু তিনিখন নতুন মেডিকেল কলেজৰ কাম হাতত লোৱা হ’ব৷ ৰাজ্যখনৰ প্ৰতিখন জিলাতে বিশ্ববিদ্যালয়ৰ কাম হয় আৰম্ভ নাইবা সমাপ্ত হৈছে৷ ৰাজ্যখনৰ প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ দৰে বিশাল কৰ্মযজ্ঞ বৰ্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে৷ স্বাধীনতাৰ পিছত কোনেও কল্পনা কৰিব নোৱাৰা এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰা হৈছে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি লাভৰ বাবে পূৰ্বে চলি থকা দুৰ্নীতিৰ সমস্ত ব্যৱস্থাটোক মষিমুৰ কৰি পেলাইছে৷ অকল অসম চৰকাৰৰ চাকৰিয়ে নহয় ভাৰতচৰকাৰৰ চাকৰি, ষ্টাৰ্টআপ, উদ্যমিতা, দক্ষতা সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাবে এক মানসিক শক্তি আহৰণ কৰিব লাগিব৷ আজি ৰাজ্যখনৰ উন্নতিৰ মূল কাৰণ হৈছে আন্দোলন বিৱৰ্জিত পৰিৱেশ৷ অৰ্থনৈতিক ক্ষেত্ৰত অসম আগুৱাই গৈছে৷ দৰিদ্ৰতাৰ পৰা ৮০ লাখ লোক মুক্ত হৈছে আৰু চাৰিওফালে বিকাশৰ এক নতুন কৰ্মযজ্ঞ আহিবলৈ আৰম্ভ কৰিলে৷ অসমীয়া যুৱক-যুৱতীয়ে বৰ্তমান কৰ্ম সংস্কৃতি, শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক আন্দোলন কৰিব খোজে৷ এই কথা প্ৰমাণ হৈছে৷