Logo
image

দুই কোটিপতিৰ যুঁজত প্ৰতি মিনিটত ৰাইজৰ ২.৫ লাখ ক্ষতি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ ডিচেম্বৰ : দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ এতিয়া অতীত হ’ল৷ এইবাৰ দুই ধনকুবেৰৰ যুঁজত মৰণ হৈছে দেশৰ জনতাৰ, ক্ষতি হৈছে কোটি কোটি টকা৷ প্ৰসংগ সংসদৰ চলিত শীতকালীন অধিৱেশন৷ বিশ্বৰ একেবাৰে আগশাৰীৰ দুই বিলিয়নাৰ শিল্পপতিক লৈ এইবাৰ সংসদৰ শীতকালীন অধিৱেশনৰ সৰহখিনি দিন নষ্ট হ’ল৷ তাৰে প্ৰথমজন গুজৰাটী উদ্যোগপতি গৌতম আদানি আৰু আনজন মাৰ্কিন শিল্পপতি জৰ্জ ছৰ’ছ৷  ইয়াৰে প্ৰথমজন বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ পুৰণি অস্ত্ৰ৷ আনহাতে, জৰ্জ ছৰ’ছক শাসনাধিষ্ঠিত বিজেপিয়ে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে৷ ফলত পানীত পৰিছে দেশৰ কৰদাতাৰ ধন৷ কিয়নো সদনৰ অধিৱেশনত ব্যয় হয় প্ৰতি মিনিটত ২.৫ লাখকৈ টকা৷ সেই হিচাপত প্ৰতিটো দিনত ব্যয় হয় কেইবাকোটি টকা৷ যদিহে সংসদৰ কাৰ্যক্ৰমণিকা চলি থাকে, তেতিয়া এইদৰে ব্যয় হোৱা প্ৰতিটো টকা দেশৰ জনতাৰ কল্যাণৰ বাবে ব্যৱহাৰ হয়৷


আনহাতে, সদনৰ কাম-কাজ নষ্ট হ’লে অপচয় হয় কৰদাতাৰ ধন৷ প্ৰতি মিনিটত সদনৰ যে ২.৫ লাখ টকা ব্যয় হয়, সেয়া চৰকাৰী তথ্য, য’ত অসত্য একো নাই৷ সেই ব্যয়ৰ বিষয়ে চৰকাৰী আৰু বিৰোধী দলৰ প্ৰতিজন সাংসদেই জ্ঞাত৷ কিন্তু ৰাজনৈতিক জয়-পৰাজয়ৰ স্বাৰ্থতে এই যুঁজ এৰি দিবলৈ কোনো সন্মত নহয়৷এইবাৰ শীতকালীন অধিৱেশনত সংসদৰ কাম-কাজ আৰম্ভণিৰ পৰাই অচল হৈ আছে৷ গুজৰাটী উদ্যোগপতি গৌতম আদানিয়ে দেশৰ কেইবাখনো ৰাজ্য চৰকাৰক তথা চৰকাৰী বিষয়াক উৎকোচ দি সৌৰবিদ্যুৎ প্ৰকল্পৰ চৰকাৰী ঠিকা লাভ কৰাৰ অভিযোগৰ উত্তৰ বিচাৰি বিৰোধীয়ে অচল কৰি ৰাখিছে সংসদ৷ তাৰ প্ৰত্যুত্তৰত বিজেপিৰ অস্ত্ৰ হৈছে মাৰ্কিন উদ্যোগপতি জৰ্জ ছৰ’ছ৷ যোৱা সপ্তাহত ফৰাছী সংবাদ সংস্থা মিডিয়াপাৰ্টৰ এক প্ৰতিবেদনৰ ভিত্তিত বিজেপিয়ে অভিযোগ কৰিছে জৰ্জ ছৰ’ছৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক আছে আৰু তেওঁৰ সমৰ্থনপুষ্ট সংবাদ সংস্থাই ভাৰতত অস্থিৰতা সৃষ্টিৰ চেষ্টা চলাইছে৷ এয়া দেশৰ নিৰাপত্তাৰ প্ৰতি উদ্বেগৰ বিষয়৷ মিডিয়াপাৰ্টে তেওঁলোকৰ প্ৰতিবেদন বিজেপিয়ে বিকৃতভাৱে উপস্থাপন কৰা বুলি দাবী জনালেও তালৈ কোনে কাণ কৰে? বিজেপিয়ে এই অভিযোগ উত্থাপন কৰি কৈছে, যেতিয়ালৈকে বিৰোধীয়ে আদানিৰ প্ৰসংগত সংসদ অচল কৰি থাকিব, তেতিয়ালৈকে বিজেপিয়েও জৰ্জ ছৰ’ছৰ প্ৰসংগ এৰি নিদিয়ে৷ আজিৰ পৰা শীতকালীন অধিৱেশনৰ ৯ দিন বাকী আছে৷ অধিৱেশনৰ বিগত দিনৰ প্ৰায় আটাইকেইদিনৰে কাম-কাজ বাতিল হৈছে৷ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ লোকসভাৰ বক্তৃতা আৰু গৃহমন্ত্ৰীৰ ৰাজ্যসভাৰ বক্তৃতা সম্পূৰ্ণ কৰিব পাৰে নে নোৱাৰে, সেয়া সন্দেহৰ বিষয়৷ সদনৰ কাম-কাজ সামগ্ৰিকভাৱেই যে অচল তাত সন্দেহৰ কাৰণ নাই৷