এনআৰচিত আৱেদন কৰাসকলেহে পাব আধাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ডিচেম্বৰ : শেহতীয়াকৈ বাংলাদেশৰ পৰা অসমলৈ হোৱা অনুপ্ৰৱেশক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ৷ অসম আৰক্ষীয়ে কেইবাজনো বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই অসম পুলিচে ছেকেণ্ড লাইন ডিফেন্স শক্তিশালী কৰাৰ লগতে বি এছ এফৰ লগত যুটীয়াভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত শেহতীয়া বাংলাদেশৰ পৰিস্থিতিৰ লগতে দেশখনৰ পৰা হোৱা মুছলমান অনুপ্ৰৱেশৰ বিষয়টো গুৰুত্বসহকাৰে লৈ অসমত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা ব্যৱস্থাটো কটকটীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসমত আধাৰ কাৰ্ড বনাই কোনো বাংলাদেশী অনুপ্ৰৱেশকাৰী যাতে দেশৰ আন প্ৰান্তলৈ যাব নোৱাৰে বা অসমত বসবাস কৰিব নোৱাৰে, চৰকাৰী সুবিধা ল’ব নোৱাৰে ইয়াৰ বাবেই আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থাটো জটিল কৰা হৈছে৷ কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই সন্দৰ্ভত সবিশেষ এনেদৰে কয়– ‘অসমত আধাৰ কাৰ্ড ব্যৱস্থাটো কটকটীয়া কৰা হ’ব৷ এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ সমগ্ৰ ব্যৱস্থাটো সাধাৰণ প্ৰশাসন বিভাগে নডেল ডিপাৰ্টমেণ্ট হিচাপে চোৱাচিতা কৰিব৷প্ৰত্যেকখন জিলাতে আধাৰ কাৰ্ডৰ বাবে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব দিব লাগিব৷
আধাৰ কাৰ্ডৰ পৰীক্ষাৰ বাবে চক্ৰ বিষয়াসকলক দায়ৱদ্ধ কৰা হ’ব৷ ইউ আই ডি এ আইৰ পৰ্টেলত আবেদন কৰিলেই অসমত নতুনকৈ আধাৰ কাৰ্ড লাভ নকৰে৷ ইউ আই ডি এ আইৰ পৰ্টেলত কৰা আবেদন ৰাজ্য চৰকাৰে ফিজিকেলি পুনৰীক্ষণ কৰিব৷ চক্ৰ বিষয়াসকলে এই পুনৰীক্ষণ কৰিব লাগিব৷ যি সকলৰ এন আৰ চিত আবেদন কৰাৰ তথ্য আছে তেওঁলোকেহে আধাৰ কাৰ্ড লাভ কৰিব৷ এন আৰ চিত আবেদনৰ তথ্য প্ৰমাণ নাথাকিলে আধাৰ লাভ নকৰিব৷ চক্ৰবিষয়াসকলে আবেদনকাৰীৰ এন আৰ চিত নাম আছে নে নাই চাব লাগিব৷ ২০১৪ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰীয়ে অসমত কাম কৰি আছে তেওঁলোকৰ বাবে এন আৰ চি নালাগে৷ কিন্তু ফিজিকেল ভেৰিফিকেশ্বনৰ কাৰণে তেওঁলোকো আহিব লাগিব৷ এন আৰ চিত আবেদন নকৰা লোকৰ আধাৰ প্ৰত্যাখ্যান কৰি আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন দিম৷’ ইফালে কেবিনেটৰ আন সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘এতিয়াৰ পৰা ৰাজ্যত অনলাইন আৰু অফ লাইন অৰ্থাৎ মৌজাদাৰৰ কাৰ্যালয়ত পূৰ্বৰ দৰে নগদ ধন দি দুয়োটা ব্যৱস্থাৰে ৰাইজে মাটিৰ খাজনা দিব পাৰিব৷ মিছন বসন্ধৰা-৩ ৰ অধীনত নামঘৰ, মন্দিৰ, বিদ্যালয়, ক্লাব মহিলা সংঘ, সামাজিক অনুষ্ঠান আদিয়ে মাটিৰ পট্টা লাভ কৰিব৷ ইয়াৰ বাবে তিনি বছৰীয়া চি এৰ অডিট ৰিপোৰ্ট গাঠি দিব নালাগে৷ তদুপৰি ৰেজিষ্ট্ৰেছনৰ ফাইনো মাফ কৰি দিয়া হৈছে৷ অহা ১২ দিনত ৰাজ্যত ১২ লাখক স্কুটী, চাইকেল বিতৰণৰ লগতে বান ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান কৰা হ’ব৷ মন্ত্ৰীসকলে জিলা সদৰত থাকি এই কাৰ্যসূচী তদাৰক কৰিব৷ মই নিজে যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰ, নগাঁৱত থাকিম৷অহা ১৫ ডিচেম্বৰত ১৮ লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব৷ ১৫-২৮ ডিচেম্বৰলৈ অৰুণোদয় ৩.০ নতুনকৈ ৩৭ লাখ লোকৰ অন্তৰ্ভুক্তিৰ বাবে গাঁৱে গাঁৱে গাঁওসভা অনুষ্ঠিত কৰা হ’ব৷ এই গাঁওসভাত অৰুণোদয় প্ৰত্যাশীসকলক উপস্থিত থাকিবলৈ মই আহ্বান জনাইছো৷ ১৬-১৮ ডিচেম্বৰলৈ মই ভূটান চৰকাৰৰ আমন্ত্ৰণ মৰ্মে ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ভূটানলৈ যাম৷ এই ভ্ৰমণকালত জলসিঞ্চন, জলবিদ্যুৎ প্ৰকল্প আৰু ভূটানৰ পৰা অহা পানী সম্পৰ্কত কেইবাখনো চুক্তি স্বাক্ষৰ হ’ব৷’