Logo
image

আবু ধাবিত নিৰ্মাণ হৈ আছে প্ৰথমটো হিন্দু মন্দিৰ

'আমাৰ অসম' ৩০ মাৰ্চঃ  সংযুক্ত আৰব এমীৰেট্‌ছৰ আবু ধাবিত নিৰ্মাণ হৈ আছে প্ৰথমটো হিন্দু মন্দিৰ৷ দেশখনত প্ৰথমবাৰৰ বাবে এটা হিন্দু মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত হিন্দু ধৰ্ম  লোকসকলৰ মাজত উৎসাহ বৃদ্ধি পাইছে৷ এই বিশাল হিন্দু মন্দিৰটো নিৰ্মাণত ব্যয় হ’ব ৮৮৮ কোটি টকা৷ এই হিন্দু মন্দিৰটোত থাকিব সাতটা চূড়া৷ বোচাছনবাসী অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থাৰ দ্বাৰা আবু ধাবিত এই মন্দিৰটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে৷ এই মন্দিৰটোৰ বাবে ২৭ একৰ মাটি লাভ কৰিছে সংস্থাটোৱে৷ নিৰ্মাণকাৰ্য বৰ্তমান চূড়ান্ত পৰ্যায়ত আছে৷