Logo
image

দেশৰ ভিতৰতে সৰ্বাধিক স্মাৰ্ট মিটাৰ অসমত, সদনত তথ্য

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ডিচেম্বৰ : স্মাৰ্ট মিটাৰ ৰাজ্যবাসীক জ্বলা-কলা খুওৱাৰ সময়তে অসমৰ স্মাৰ্ট মিটাৰক লৈ লোকসভাৰ মজিয়াত উন্মোচন হৈছে বিস্ফোৰক তথ্য৷ ৰাজ্যবাসীয়ে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে যদিও স্মাৰ্ট মিটাৰ সংযোগত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম৷ গুজৰাট, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ কোম্পানীয়ে অসমত স্মাৰ্ট মিটাৰ সংস্থাপনৰ কাম কৰিলেও সংশ্লিষ্ট ৰাজ্যকেইখনত বৰ্তমানলৈ নাম মাত্ৰহে স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে৷ কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰা অনুসৰি অসমত এইপৰ্যন্ত ২৩,৩০,০৭৩ জন উপভোক্তাৰ ঘৰত স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে৷ স্মাৰ্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত দেশৰ ভিতৰতেই শীৰ্ষত আছে অসম৷ অসমৰ গ্ৰামাঞ্চলত ১৮,৬৭,০৬৬টা  স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ বিপৰীতে নগৰ অঞ্চলত ৪,৬৪,১৫৯ টা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে৷ অৰ্থাৎ অসমৰ গাঁৱৰ অধিকাংশ পৰিয়াল তথা উপভোক্তাৰ ঘৰতে ইতিমধ্যে শক্তি বিভাগে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে৷ অৱশ্যে, অসম স্মাৰ্ট মিটাৰ সংস্থাপনৰ তালিকাত শীৰ্ষত থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাট স্মাৰ্ট মিটাৰ সংস্থাপনত ৮ নম্বৰ স্থানত আছে৷


অসমত ২৩ লাখ স্মাৰ্ট মিটাৰৰ বিপৰীতে গুজৰাটত মাত্ৰ আঢ়ৈ লাখ স্মাৰ্ট মিটাৰ সংযোগ কৰিছে৷ কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে সদৰী কৰা অনুসৰি অসমৰ পাছতেই তালিকাত আছে বিহাৰ৷ বৰ্তমানলৈ বিহাৰৰ ১৯,৬৪,২০৭জন গ্ৰাহকৰ ঘৰ-প্ৰতিষ্ঠানত সংস্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ৷ ইয়াৰ পাছতেই থকা মধ্যপ্ৰদেশত ১০,২০,১৪২টা, ছত্তিশগড়ত ৫,৮৮,৪৭৬টা, মহাৰাষ্ট্ৰত ৪,৩০,৪৫৫টা, উত্তৰ প্ৰদেশত ৪,১৫,১৩৩টা, অন্ধ্ৰপ্ৰদেশত ৩,৮৬,৮৪৬টা আৰু গুজৰাটত ২,৫০,০২৫টা স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে৷ অসমৰ চুবুৰীয়া পশ্চিমবংগতো মাত্ৰ ১,০৮,৯৫৯টাহে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমানলৈ স্মাৰ্ট মিটাৰ সংযোগ কৰা দেশৰ ১৬খন ৰাজ্যৰ শেষত থকা মণিপুৰত সংস্থাপন কৰা হৈছে মাত্ৰ ৭৭টা মিটাৰ৷ অসমৰ ২৩ লাখ লোকৰ ঘৰত স্মাৰ্ট মিটাৰ সংযোগ কৰাত ৰাজ্যবাসীয়ে ৰাজপথলৈ ওলাই আহি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও শক্তি বিভাগ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনো গুৰুত্বই দিয়া নাই৷ আজিৰ তাৰিখত অসমৰ গ্ৰামাঞ্চলত প্ৰায় ৮০ শতাংশই স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে৷ অসমৰ গাঁৱে-ভূঞে আদানী গ্ৰুপে ইতিমধ্যে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে গুজৰাটত ১.৬৫ কোটি স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ অনুমোদন জনায়ো বাস্তৱত এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠানতহে এই মিটাৰ সংযোগ কৰিছে৷ আনহাতে অসমত সৰ্বমুঠ ৬৯,২১,৩২৯টা স্মাৰ্ট মিটাৰ স্থাপনত অনুমোদন জনাইছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷