Logo
image

দৰ্শক পদপিষ্ট হোৱা গোচৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ, হাইক’ৰ্টৰ জামিন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ ডিচেম্বৰ : দিনজোৰা নাটকৰ অন্তত অৱশেষত ‘এণ্টি ক্লাইমেক্স৷’ দেশৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু পুষ্পা-২১ নায়ক আল্লু অৰ্জুনক পুৱা গ্ৰেপ্তাৰ, বিয়লি ১৪ দিনৰ জে’লৰ শাস্তি আৰু সন্ধিয়া হওঁতেই উচ্ছ ন্যায়ালয়ৰ জামিন৷ দিনটোত নাটকীয় উত্থান পতন আছে, উত্তেজনা-উৎকণ্ঠা আছে, কিন্তু দিনান্তত সেই নাটকীয়তাৰ অৱসান আৰু দিনজোৰা উত্তেজনাৰো সমাপ্তি৷ কোনোপধ্যেই তেওঁৰ নিজৰ ছবিৰ দৰে উত্তেজনাৰে ভৰপুৰ কিম্বা ক্লাইমেক্সসম্বলিত সমাপ্তি নঘটিল পুষ্পা-২ৰ নায়কৰ৷ সন্দেহাতীতভাৱে অৱশ্যে দিনটো আছিল নাটকীয়তাৰে ভৰা৷শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে পুৱাৰ ভাগত হঠাতে গ্ৰেপ্তাৰ কৰে আল্লু অৰ্জুনক৷ যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত এগৰাকী ৩৯ বছৰীয়া মহিলা দৰ্শকৰ পদপিষ্ট হৈ মৃত্যু হোৱা ঘটনাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক৷


ঘটনাটো সংঘটিত হৈছিল দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা আল্লু অৰ্জুন অভিনীত ছবি পুষ্পা-২ ৰ এটা দৰ্শনীত৷ সন্ধ্যা থিয়েটাৰ দৰ্শকেৰে লোকাৰণ্য আছিল৷ তেনেতে আগতীয়া কোনো খবৰ নিদিয়াকৈ আল্লু অৰ্জুন উপস্থিত হৈছিলগৈ সেই ছবিঘৰত৷ হঠাতে নায়কক সন্মুখত দেখি সন্ধ্যা থিয়েটাৰত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ বাহিৰৰ পৰাও বহু অনুৰাগী ছবিঘৰৰ চৌহদলৈ সোমাই আহে৷ ফলত প্ৰচুৰ ঠেলা-হেঁচাৰ সৃষ্টি হয় আৰু তেনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰাত দৌৰাদৌৰি আৰম্ভ হয়৷ তাৰ মাজতে পদপিষ্ট হৈ মহিলা দৰ্শক এগৰাকী নিহত আৰু তেওঁৰ কিশোৰ পুত্ৰ গুৰুতৰভাৱে আহত হয়৷ ভুক্তভোগীৰ পৰিয়ালটোৱে এই ঘটনাত আল্লু অৰ্জুনৰ বিৰুদ্ধে হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল৷ ঘটনাৰ ৯ দিনৰ পাছত শুকুৰবাৰে আৰক্ষীয়ে আল্লু অৰ্জুনসহ মুঠতে ৩ জনক গ্ৰেপ্তাৰ কৰে, য’ৰ এজন আছিল সন্ধ্যা থিয়েটাৰৰ স্বত্বাধিকাৰী৷ তেওঁলোকৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যাৰ ধাৰা লগোৱা হৈছিল৷ আৰক্ষীয়ে তেওঁলোকক আদালতত হাজিৰ কৰোৱাত নিম্ন আদালতে ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিন্তু আল্লু অৰ্জুনে তেলেংগানা উচ্ছ ন্যায়ালয়ত নিম্ন আদালতৰ ৰায় প্ৰত্যাহ৩ান জনায় আৰু ডে শ্ৰীদেৱীৰ আদালতে তিনিওকে এই ঘটনাৰ পৰোক্ষ অভিযুক্ত বুলি কৈ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে৷ আল্লু অৰ্জুনে নিহতৰ পৰিয়াললৈ ২৫ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়াইছিল৷