Logo
image

শাসকীয় নেতা আব্দুল জিব্ৰানে খুলিছে ৰিজ’ৰ্ট, পঞ্চৰত্নত বুলড’জাৰেৰে চলিছে উচ্ছেদ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ ডিচেম্বৰ : ‘খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে!’– এই নীতিৰে উচ্ছেদ চলাইছে গোৱালপাৰা জিলা প্ৰশাসনে৷ ডিচেম্বৰৰ হাড় কঁপোৱা প্ৰচণ্ড শীতৰ মাজতে  গোৱালপাৰা জিলা প্ৰশাসনে পঞ্চৰত্নত ৪৪টাকৈ বেদখলকাৰী পৰিয়ালক উচ্ছেদ চলায়৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ সাময়িক স্থগিতাদেশৰ পাছতো প্ৰশাসনে শুকুৰবাৰে সংখ্যালঘু মুছলমানৰ লগতে হিন্দু মাছমৰীয়া আৰু বিহাৰী সম্প্ৰদায়ৰ দুখীয়া পৰিয়ালকেইটাৰ বাসগৃহ বুলড’জাৰ লগাই উচ্ছেদ চলোৱাত কণ কণ শিশুসহ উচ্ছেদিতৰ মাজত কান্দোনৰ ৰোল উঠে৷ উচ্ছেদ চলাবলৈ অহা প্ৰশাসনৰ বুলড’জাৰক বেদখলকাৰী মহিলাই ৰাজপথতে বাটভেটি ধৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ গোৱালপাৰা জিলা প্ৰশাসনে ভূমিহীন পৰিয়ালকেইটাক উচ্ছেদ চলাই যদিও চৰকাৰী ভূমিত নিৰ্মাণ কৰা শাসক দলৰ এজন নেতাৰ ‘লুইত ভিউ’ নামৰ ৰিজ’ৰ্টখন ৰেহাই দিয়াৰ অভিযোগ উঠিছে৷ প্ৰাক্তন বিজেপি তথা বৰ্তমানৰ অগপ নেতা আব্দুল ৰহিম জিব্ৰানৰ মালিকানাধীন ৰিজ’ৰ্টখনত ৰহস্যজনক কাৰণত উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ অভিযোগ উঠিছে গোৱালপাৰা জিলা প্ৰশাসনৰ বিৰুদ্ধে৷ দিছপুৰৰে ঘনিষ্ঠ সম্পৰ্ক থকা শাসক দলৰ নেতা আব্দুল ৰহিম জিব্ৰানে ব্ৰহ্মপুত্ৰৰ পাৰত দুই-আঢ়ৈ বিঘা চৰকাৰী ভূমি বেদখল কৰি উক্ত ৰিজ’ৰ্টখন নিৰ্মাণ কৰিছিল যদিও ৰিজ’ৰ্টখনক লৈ হোৱা বিতৰ্কৰ পাছতেই গোৱালপাৰা নগৰ উন্নয়ন প্ৰাধিকাৰীয়ে অতি সংগোপনে উক্ত চৰকাৰী ভূমিখিনি ৩০ বছৰৰ বাবে ৰাজনৈতিক পালিনেতাজনক লীজত দিয়াৰ চুক্তিত স্বাক্ষৰ কৰা বুলি  এতিয়া চৰ্চা লাভ কৰিছে৷


গোৱালপাৰা নগৰ উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ তথা বিজেপি নেতা দীপক কুমাৰ নাথে কোনো ৰাজহুৱা শুনানিৰ অবিহনে ক্ষমতাৰ অপব্যৱহাৰ কৰি গোপন বুজাবুজিৰে আব্দুল ৰহিম জিব্ৰানক চৰকাৰী মাটিখিনিৰ লীজ অনুমোদন দিয়া বুলিও অভিযোগ উঠিছে৷ ব্ৰহ্মপুত্ৰৰ নদী পাৰৰ অঞ্চলটো ইক’ ছেনছিটিভ জ’ন হিচাপে ধৰা হয় যদিও ব্ৰহ্মপুত্ৰৰ কাষতে আব্দুল ৰহিম জিব্ৰানক ৰিজ’ৰ্ট নিৰ্মাণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন আৰু নগৰ উন্নয়ন প্ৰাধিকাৰীয়ে কেনেকৈ অনুমতি দিলে সেয়া এতিয়া কোটিটকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ আব্দুল ৰহিম জিব্ৰানক আইনবিৰুদ্ধেভাৱে ৰিজ’ৰ্ট নিৰ্মাণৰ অনুমতি দিয়া কাৰ্যৰ গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে তদন্ত ঘেষণা কৰিবনে, সেয়া হ’ব লক্ষণীয়৷ শাসক দলৰ নেতা আব্দুল ৰহিম জিব্ৰানৰ বিৰুদ্ধে চৰকাৰী ভূমি জালিয়াতিৰে লীজত লোৱাৰ অভিযোগেই নহয়, নামনি অসমত ছিণ্ডিকেট চলোৱাৰো গুৰুতৰ অভিযোগ আছে৷ কয়লা, ছুপাৰিৰ পৰা আৰম্ভ কৰি গো-ধন আৰু ব্ৰয়লাৰ ছিণ্ডিকেটতো জড়িত থকাৰ অভিযোগ আছে জিব্ৰানৰ বিৰুদ্ধে৷ দিছপুৰৰ আশীৰ্বাদ থকাৰ বাবেই পশ্চিম গোৱালপাৰা সমষ্টিৰ মিত্ৰদলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুল ৰহিম জিব্ৰানে আইনবিৰুদ্ধ কাৰ্য চলাই নিবলৈ সক্ষম হোৱা বুলিও ৰাজনৈতিক মহলতো চৰ্চা লাভ কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে একেখিনি চৰকাৰী ভূমিত নিৰ্মাণ কৰা আব্দুল ৰহিম জিব্ৰানৰ লুইত ভিউ ৰিজ’ৰ্ট আৰু পঞ্চৰত্ন নামৰ আন এখন চৰকাৰী ৰিজ’ৰ্টক ৰেহাই দিলেও বিপৰীতে এবাৰলৈও বেদখলকাৰীৰ মুখলৈকে নাচালে বালিজানা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে৷ শীতৰ মাজত উচ্ছেদ চলালে ৪৪টা পৰিয়ালৰ কণ কণ শিশুসকলৰ কি অৱস্থাৰ সৃষ্টি হ’ব, তাকো যেন এবাৰলৈকো অনুভৱ নকৰিলে প্ৰশাসনে৷ দয়া নাই ক্ষমা নাই নীতিৰে বৃহৎসংখ্যক আৰক্ষীৰ সহযোগত গোৱালপাৰা জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বালিজানা চক্ৰ বিষয়াই উচ্ছেদ কৰিলে ৪৪ টাকৈ বাসগৃহ৷ উল্লেখ্য, বিগত ১৩ নৱেম্বৰত বালিজানা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই অসম ভূমি আৰু ৰাজহ অধিনিয়ম- ১৮৮৬ ৰ অধীনত উচ্ছেদৰ এই জাননী জাৰী কৰিছিল৷ উক্ত জাননী যোগে ১৫ দিনৰ ভিতৰত ঘৰ-দুৱাৰ, খেতি-বাতি আঁতৰাই নিয়াৰ নিৰ্দেশ দিছিল৷

পঞ্চৰত্ন, পঞ্চৰত্ন এন চি আৰু হুৰকাকুচিৰ১৩৭, ১৩৮, ১৪০, ১৪৪, ১৪৫, ১৪৬, ১৪৭ আৰু ১৪৮ নম্বৰ দাগত বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ নিৰ্দেশ দিছিল৷ প্ৰশাসনৰ এই নিৰ্দেশৰ পাছতেই আতংকিত পৰিয়ালকেইটাই উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ প্ৰতিটো দাগ নম্বৰৰ বিপৰীতে এজনকৈ লোকে উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ জিলা প্ৰশাসনৰ বিৰুদ্ধে ডব্লিউ পি (চি)৬২৫৬/২০২৪ নম্বৰ গোচৰ ৰুজু কৰাত উচ্ছেদৰ বিৰুদ্ধে সাময়িক স্থগিতাদেশ জাৰি কৰি পৰৱৰ্তী শুনানিৰ দিন অহা ২২ জানুৱাৰী নিৰ্ধাৰণ কৰিছিল৷ কিন্তু উচ্ছ ন্যায়ালয়ৰ এই নিৰ্দেশনাক কেৰেপ নকৰি শুকুৰবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলায়৷ উচ্ছেদিত ৰাইজে পথৰ দাঁতিত থকা পঞ্চৰত্ন আৰু লুইত ভিউ ৰিজ’ৰ্টত কিয় উচ্ছেদ অভিযান চলোৱা নহয় বুলি উত্তেজিত হৈ পৰে৷ উত্তেজিত ৰাইজে লুইত ভিউ ৰিজ’ৰ্টৰ গেট ভাঙি প্ৰৱেশ কৰিবলৈ উদ্যত হোৱাত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ ফলত আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতিৰ সৃষ্টি হয়৷ লগে লগে ঘটনাস্থলীত উপস্থিত থকা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে বৃহৎ সংখ্যক আৰক্ষীক লগত লৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ৰাইজৰ  অভিযোগ–ৰাস্তাৰ কাষত থকাৰ বাবে যদি দৰিদ্ৰ ৰাইজৰ গৃহ উচ্ছেদ কৰিব পাৰে, তেন্তে ৰিজ’ৰ্ট দুখন উচ্ছেদ নকৰিব কিয়? উচ্ছেদৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পক্ষপাতিত্বমূলক ব্যৱস্থা কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে৷ বালিজানা চক্ৰ বিষয়াই পঞ্চৰত্ন, পঞ্চৰত্ন এন চি আৰু হুৰকাকুচীত উচ্ছেদ অভিযান চলাই মহন চৌধুৰী, সুখ বিলাস চৌধুৰী, ৰামচৰণ চৌধুৰী, ৰূপা বোস, ভগৱান ৰাজভৰ, গণেশ ৰাজভৰ, ছিছন চৌধুৰী, কিশন চৌধুৰী, মেহেৰজান বেওৱা, আলমিনা বেগম, জিয়াউৰ ৰহমান, শহৰ আলী, সোণাউল্লাহ শ্বেখ, জবান আলী, আব্দুল ৰহিম, জবেদা বেওৱা, আলম আলী, মহৰ আলী, তছিৰণ বেগম, জিয়াৰ আলী, জেলহক, শুকুৰ আলী, শাহাৰ উদ্দিন, জেলাল হক, ছামচুল হক, আব্দুল হাই, আব্দুল খালেক, আব্দুল মালেক, ছমেৰ আলী, আশান আলী, জেলাল হক, আয়েন আলী, আলী হুছেইন, তাহেৰ আলী, আলম আলী, হুছেইন আলী, ইয়াচিন আলী, আক্কেচ আলী, ফজৰ আলী, মনোৱাৰ হুছেইন, আনাৰ আলী, হজৰত আলী, ফজৰ আলী, জুৰান আলী, আনাৰ হোছেন, মনোৱাৰ হুছেইন, অমৰ আলী, মনিৰুদ্দিন, আনাৰ আলী আৰু মেহেৰুল আলীৰ গৃহসমূহ ভাঙি দিয়ে৷ অৱশ্যে উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা ছামচুল হক, ৰামচৰণ চৌধুৰী, অমৃতা চেত্ৰী, ইউনুছ আলী আৰু ময়নাল হকৰ গৃহ উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়া দেখা যায়৷ ইপিনে ৰহস্যজনক ভাৱে একে ঠাইতে থকা ৰামকৃষ্ণ, ধৰ্মৰাজ যাদৱ আৰু সাৱিত্ৰী বাঢ়ৈৰ গৃহও উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়া বুলি জানিব পৰা গৈছে৷ উচ্ছেদিত ৰাইজৰ অভিযোগ লুইত ভিউ ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী শাসক দলৰ নেতা আব্দুল ৰহিম জিব্ৰানৰ সৈতে সু সম্পৰ্ক থকাৰ সুবাদে এই তিনিটা পৰিয়ালক উচ্ছেদৰ পৰা ৰেহাই দিয়া বুলিও চৰ্চা লাভ কৰিছে৷ উল্লেখ্য বিগত বৰ্ষত একোটা সময়তে প্ৰশাসনে অৰ্ধশতাধিক লোকক উচ্ছেদ কৰিছিল৷ উপায়হীন হৈ উচ্ছেদিত লোকসকলে নদীৰ পাৰত অস্থায়ীভাৱে থাকিবলৈ লোৱাত প্ৰচণ্ড ঠাণ্ডাত এজন লোকৰ মৃত্যু হৈছিল৷ 

পঞ্চৰত্নৰ হুৰকাকুচিত ম্যাদী পট্টাৰ ভূমিত উচ্ছেদ চলাবলৈ আহি ৰাইজৰ ৰোষত পৰিল বন বিভাগ : উত্তপ্ত পৰিস্থিতি

ইপিনে শুকুৰবাৰে আবেলি ভাগত হুৰকাকুচিত ম্যাদী পট্টাৰ ভূমিৰ উচ্ছেদ চলাবলৈ আহি ৰাইজৰ ৰোষত পৰে বন বিভাগে৷ গোৱালপাৰা চহৰৰ পৰা মাত্ৰ জ্জ্বকিলমিটাৰ নিলগৰ পঞ্চৰত্নত বালিজানা ৰাজহ চক্ৰই উচ্ছেদ অভিযান চলোৱাৰ পাছতেই হুৰকাকুচিত বনবিভাগে ম্যাদী পট্টাৰ ভূমিত উচ্ছেদ অভিযান চলায়৷ বন বিভাগে ম্যাদী পট্টাৰ ৬ বিঘা ১৮ লেছা ভূমিত থকা খেৰৰ দ’মত জুই লগাই দি জেচিবিৰে গাত খান্দি থকাত ভূমিৰ স্বত্বাধিকাৰীয়ে স্থানীয় ৰাইজৰ সহযোগত বাধা প্ৰদান কৰে৷ ইমানতে ক্ষান্ত নাথাকি বন বিভাগৰ বিষয়া-কৰ্মচাৰীক আবদ্ধ কৰি ৰাখে৷ বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে উচ্ছেদ অভিযান চলোৱা বুলি জানিবলৈ দিয়ে যদিও বন বিভাগৰ এনে কৰ্মকাণ্ডক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বৃহৎসংখ্যক আৰক্ষী বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ বিষয়া-কৰ্মচাৰীক উদ্ধাৰ কৰি লৈ আহে৷