শ্ৰীভূমিত ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনে মহটিয়াই নিলে আৰক্ষী জোৱানকঃ থিতাতে নিহত উজ্জ্বল বৰা
ডিজিটেল সংবাদ, শ্ৰীভূমি, ১৪ ডিচেম্বৰঃ শ্ৰীভূমি জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ ট্ৰাকে মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় এজন কনিষ্টবল৷ বাজাৰিচড়া থানাৰ অন্তৰ্গত চুৰাইবাড়ী নীৰিক্ষণ চকীত শনিবাৰে পুৱতি নিশা ত্ৰিপুৰাৰ পৰা এখন ১২ চকীয়া কাৰ্টুন ভৰ্তি ট্ৰাক প্ৰৱেশ কৰাত তালাচীৰ বাবে কৰ্তব্যৰত আৰক্ষীয়ে গাড়ীখন ৰখাবলৈ সংকেত দিয়ে।কিন্তু আৰক্ষীৰ সংকেত নামানি ট্ৰাকখনৰ চালকে বেৰিকেড ভাঙি তীব্ৰ বেগেৰে গাড়ীখন লৈ পলায়ন কৰে। ড্ৰাগছ সৰবৰাহকাৰী ট্ৰাকখনৰ চালকে তীব্ৰ বেগেৰে গাড়ীখন লৈ পলায়ন কৰোঁতে কৰ্তব্যৰত আৰক্ষী কনিষ্টবল উজ্জ্বল বৰাই বাধা প্ৰদান কৰিবলৈ যাওঁতে চালকে কনিষ্টবলজনক মহটিয়াই লৈ যোৱাৰ ফলত থিতাতে নিহত হয়।
গুৰুতৰভাৱে আহত কনিষ্টবল উজ্জ্বল বৰাক ততালিকে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। উজ্জ্বল বৰা যোৰহাট জিলাৰ চুতীয়াকাৰী গাঁৱৰ মৃত গোপাল বৰাৰ পুত্ৰ। ১৯৯৫ চনত জন্ম গ্ৰহণ কৰা উজ্জ্বল বৰাই ২০২২ চনত অসম আৰক্ষী কনিষ্টবল হিচাপে কৰিমগঞ্জত যোগদান কৰিছিল। ২ বছৰ ৬ মাহ ২৮ দিন অসম আৰক্ষীত চাকৰি কৰি ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ত্ৰাসত মৃত্যুমুখত পৰে উজ্জ্বল। উজ্জ্বল বৰাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ মৃতদেহ কৰিমগঞ্জৰ পৰা যোৰহাট চুতীয়াকাৰি গাঁৱৰ ঘৰলৈ লৈ যোৱা হয়।
ইপিনে ঘটনা সংঘটিত কৰি ট্ৰাক চালকে গাড়ীখন লৈ পলায়ন কৰোঁতে আৰক্ষীয়ে খেদি যোৱাৰ ফলত ৰাতাবাৰী সমষ্টিৰ দুৰ্লভচড়া নিভিয়া ফানাইৰবন্দ এলেকাত দুৰ্ঘটনাত পতিত হয়। ৰাস্তাৰ পৰা পথাৰত বাগৰি পৰাৰ লগে লগে আৰক্ষীয়ে চালক অভিজিত কৰ আৰু সহ-চালক গিয়াছ উদ্দিনক আটক কৰে ইফালে ড্ৰাগছ সৰবৰাহকাৰীৰ বাহনখন খেদোতে আৰক্ষীৰ বাহনো দুৰ্ঘটনাগ্ৰস্ত হয়। শেষত আৰক্ষীয়ে এস্কেভেটৰ লগাই দুয়োখন গাড়ী ৰাতাবাৰী থানালৈ আনে। আৰক্ষীৰ তালাচীত বাহনখনৰ পৰা ২০ হাজাৰ নিচাজাতীয় ইয়াবা টেবলেট উদ্ধাৰ কৰা হয়। যাৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। বৰ্তমান ঘাতক চালক অভিজিত কৰ আৰু সহ-চালক গিয়াছ উদ্দিন আৰক্ষীৰ জিম্মাত আছে৷