Logo
image

যুদ্ধবিমানৰ দৰে শব্দ কৰি খহি পৰিল উল্কাপিণ্ড

‘আমাৰ অসম’ ৩০ মাৰ্চঃ মূৰৰ ওপৰেৰে যুদ্ধবিমান এখন পাৰ হৈ গ’লে যেনে শব্দ হয় ঠিক তেনেধৰণৰ বিকট শব্দেৰে ভূপৃষ্ঠত আছাৰ খাই পৰিল এটা বৃহৎ উল্কাপিণ্ড৷ তাকো নিশা নহয় দিন দুপৰতে আকাশমাৰ্গৰ পৰা সৰি পৰে এই উল্কাপিণ্ড৷ এই ঘটনাত মুহূৰ্তৰ বাবে কঁপি উঠে ব্ৰিটেইন আৰু ফ্ৰান্সৰ বিস্তীৰ্ণ এলেকা৷ যুদ্ধ আৰম্ভ হোৱা বুলি জনসাধাৰণৰ মাজত সৃষ্টি হয় হুৱাদুৱা আৰু আতংকৰ৷ এই ঘটনা যোৱা ২০ মাৰ্চৰ বিয়লি তিনি বজাত৷ সংবাদ প্ৰতিষ্ঠান বিবিচিয়ে প্ৰকাশ কৰা মতে উক্ত দিনা দক্ষিণ-পশ্চিম ইংলেণ্ড আৰু উত্তৰ ফ্ৰান্সৰ সীমান্তত যুদ্ধবিমানৰ উৰণৰ শব্দৰে খহি পৰে বিশাল আকাৰৰ উল্কাপিণ্ডটো৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২৮ ফেব্ৰুৱাৰীতো উত্তৰ-পশ্চিম ব্ৰিটেইনত আন এক উল্কাপাতৰ ঘটনা সংঘটিত হৈছিল৷