ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়সমূহত অসমীয়া বিষয় বাধ্যতামূলক কৰক
‘আমাৰ অসম’ৰ ঢেকীয়াজুলিৰ প্ৰতিবেদক আৰু বিশেষ প্ৰতিবেদক, ১৫ ডিচেম্বৰঃ ‘অসমীয়া ভাষা চহকী আৰু সমৃদ্ধিশালী৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাটোতেই আমি সন্তুষ্টি লভিলে নহ’ব৷ অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত অসমীয়া বিষয়টো বাধ্যতামূলক হ’ব লাগিব৷ অসমৰ প্ৰতিটো কাৰ্যালয়, দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ বহুল প্ৰয়োগ হ’ব লাগিব৷’ –এই ভাষ্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷
ঢেকীয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শনিবাৰে সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰজনে এইদৰে কয়৷ ভাষণ প্ৰসংগত গোস্বামীয়ে কয়, ‘কমেও দুই কোটি মানুহে অসমীয়া ভাষা ব্যৱহাৰ কৰে যদিও অসমীয়া ভাষা সম্প্ৰতি সংকটৰ গৰাহত৷ আমি নিজৰ ভাষাত কিতাপ-পত্ৰ প্ৰকাশ কৰিব লাগিব৷ আমি নিজৰ ভাষাৰ প্ৰতি সজাগ হ’ব লাগিব৷ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে, মৰ্যাদা দিছে– চৰকাৰে ভাল কাম কৰিছে৷ কিন্তু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰিলেই নহ’ব৷ তাক আমি ব্যৱহাৰ কৰিব লাগিব আৰু অধিক প্ৰচলনৰ বাবে বাট উলিয়াই দিব লাগিব৷’ সতীৰ্থ সন্মিলন উপলক্ষে ৰুণজুণ নাথ আৰু ড॰ ডালিমা কাকতিৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘বুনিয়াদ-১৯২৯’ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত ‘এন কে টিভি’ৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা বিশিষ্ট সাংবাদিক-সাহিত্যিকজনে আৰু কয়– ‘চৰকাৰী কাৰ্যালয়ত যদি আমি ধ্ৰুপদী ভাষা ব্যৱহাৰ নকৰোঁ, যদি আমি এপিএছচি পৰীক্ষাত ভাষাটো ব্যৱহাৰ নকৰোঁ, যদি আমি চৰকাৰী কাম-কাজত আমাৰ ভাষা ব্যৱহাৰ নকৰোঁ, যদি আমি ব্যৱহাৰিক কাম যেনে কম্পিউটাৰ, মোবাইলত নিজৰ ভাষাটো ব্যৱহাৰ নকৰোঁ– তেতিয়াহ’লে এই ধ্ৰুপদী ভাষাৰ কাৰ্যতঃ কোনো অৰ্থ নাই৷ ইয়ালৈ আহি নষ্টালজিক হৈ পৰিছোঁ৷ বিশ্ববিদ্যালয় আৰু স্কুল-কলেজৰ দিনবোৰলৈ মনত পৰিছে৷ পুৰণি কথাবোৰ মনলৈ আহিছে৷ সকলোৱে ল’ৰালি ঘূৰাই পাব বিচাৰে৷ এনে সময়ত আমাৰ আৱেগবোৰ জাগি উঠে৷ আমাৰ দিন আৰু আজিৰ দিনৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ আমি যিধৰণৰ দিন দেখিছোঁ, আজিৰ ল’ৰা-ছোৱালীয়ে সেইবোৰ দেখা নাই৷ আগৰ সময় জটিল আছিল৷ জ্ঞান আহৰণ কৰিবলৈ গৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ আমি বহুতক লগ ধৰিবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল, বহু সময় পাৰ কৰিবলগীয়া হৈছিল৷ কিন্তু আজিৰ নৱপ্ৰজন্মই কাকো অপেক্ষা কৰিবলগীয়া হোৱা নাই৷ এতিয়া স্কুল-কলেজৰ ডিগ্ৰীৰ গুৰুত্ব নোহোৱা হৈছে৷ কেৱল কৌশল তথা নতুন পদ্ধতিক গুৰুত্ব দিয়া হৈছে৷ নতুন প্ৰজন্মই মোবাইলক অধিক গুৰুত্ব দিয়া দেখা গৈছে৷ আমাৰ ভাষাটো লাহে লাহে সংকটৰ গৰাহত পৰিছে৷ ইয়াৰ বাবে আমিয়েই দায়ী৷ আমি ঘৰখনত নিজৰ ভাষাৰ প্ৰচলন নকৰা হ’লোঁ৷ ভাষাটো জীয়াই ৰাখিবৰ বাবে আমি মাতি থাকিলেই নহ’ব, চৰকাৰেও গুৰুত্ব দিব নাগিব৷’
উল্লেখ্য, শনিবাৰৰ পৰা আৰম্ভ হৈছে ঢেকীয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলনৰ দুদিনীয়া কাৰ্যসূচী৷ শনিবাৰে পুৱা সতীৰ্থ সন্মিলন উদ্যাপন সমিতিৰ সভাপতি ধ্ৰুৱ কুমাৰ বৰাই পতাকা উত্তোলন কৰে৷ লগে লগেই এদল সতীৰ্থই পৰিৱেশন কৰে সন্মিলনৰ শীৰ্ষগীত৷ গীতটিৰ কথা আৰু সুৰ কাজল বৰাৰ, সংগীত পৰিচালনা ৰিপণ বৰাৰ৷ বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিপদ নাথে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিদ্যালয়ৰ প্ৰয়াত শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিষয়ববীয়াসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সোণটি শইকীয়াই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে৷ সোণটি শইকীয়াই শংকৰদেৱসৃষ্ট প্ৰাৰ্থনাৰে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বিদ্যালয় চৌহদত অৱস্থিত শ্বহীদ বেদীত স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হয়৷ এই অনুষ্ঠান মুকলি কৰে প্ৰৱীণ সাংবাদিক, লেখক ৰমেশ চন্দ্ৰ বৰাই৷ তেজপুৰ আৰ্টিষ্ট ফ’ৰামৰ প্ৰতিষ্ঠাপক সভাপতি হৰিনাৰায়ণ দাসে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে৷ সতীৰ্থ সন্মিলন উদ্যাপন সমিতিৰ ক্ৰীড়া বিভাগৰ পৰিচালনাত অনুষ্ঠিত হয় খেল-ধেমালি প্ৰতিযোগিতা৷ উদ্যাপন সমিতিৰ সভাপতি ধ্ৰুৱ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতিগ্ৰন্থ উন্মোচনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কল্পজ্যোতি নাথে৷ মুকলি চ’ৰা (অন্তৰংগ আলাপ) অনুষ্ঠান মুকলি কৰে প্ৰাক্তন ছাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু গৌতম ৰাজবংশীয়ে৷ সতীৰ্থ সন্মিলনৰ প্ৰথমদিনাৰ কাৰ্যসূচীত উপস্থিত থাকি গীতে-মাতে অনুষ্ঠানটো উপভোগ্য কৰি তোলে বিশিষ্ট শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে৷ সতীৰ্থ সন্মিলনৰ দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ মূল সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিব আয়োজক সমিতিৰ সাধাৰণ সম্পাদক কল্পজ্যোতি নাথে৷ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি-সাহিত্যিক ড॰ নন্দ সিং বৰকলা৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব স্থানীয় বিধায়ক তথা কেবিনেটমন্ত্ৰী অশোক সিংঘাল৷ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকিব তেজপুৰৰ বিদ্যালয়সমূহৰ সহঃপৰিদৰ্শক নীলোজ্জ্বল শৰ্মা৷ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যুতিভা বৰাই৷