শ্বেইফৰ বোৱাৰী হ’ব শ্বেতা তিৱাৰীৰ কন্যা পলক
শ্বেইফ-অমৃতাৰ পুত্ৰ ইব্ৰাহিমৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছে অভিনেত্ৰী শ্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰী৷ একালৰ ‘ঘৰ ঘৰ কী কাহানী’ৰ ধাৰাবাহিকৰ অভিনেত্ৰী তথা ৫০ বছৰ বয়সতো সুন্দৰী, বয়সে কাবু কৰিব নোৱাৰা শ্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰী শ্বেইফ আলী খানৰ বোৱাৰী হ’বলৈ ওলাইছে৷
পলক আৰু ইব্ৰাহিমক বলীউডক হট আপকামিং কাপ্ল’ হিচাপে চিহ্নিত কৰিছে পাপাৰাজিয়ে৷ ইফালে বিবাহ বিচ্ছেদিত শ্বেতা তিৱাৰীয়ে কন্যাক সাৱধানে খোজ পেলাবলৈ উপদেশ দিছিল যদিও পৰিয়ালৰ কথা নামানি শ্বেইফ পুত্ৰ ইব্ৰাহিমৰ সৈতে ডেটিঙত ব্যস্ত সুন্দৰী পলক৷ দুয়ো বৰ্তমান বিদেশ ভ্ৰমণত ব্যস্ত৷ ইতিমধ্যে বলীউডত খোজ পেলোৱা পলক তিৱাৰীয়ে বিকিনী পিন্ধি সাগৰৰ তীৰত ইব্ৰাহিমৰ সৈতে ডেটিঙত মত্ত হৈ পৰিছে৷ দুয়োৰে ঘনিষ্ঠ ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷