Logo
image

অসমসহ উত্তৰ-পূবত ভূমিকম্পৰ জোকাৰণি

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ অসমকে ধৰি উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্যত সোমবাৰে নিশা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি  অনুভূত হয়৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি নিশা ৭ বাজি ৪০ মিনিট ৩৫ ছেকেণ্ডত প্ৰায় ১৩ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৯ কম্পনাংক। 



আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল গোৱালপাৰা জিলাৰ গাতে লগা মেঘালয়ত পশ্চিম গাৰো পাহাৰ জিলাৰ উত্তৰ পূব দিশত ১০ কিলোমিটাৰ গভীৰতাত । অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক'তো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই৷ উল্লেখ্য যে চলিত বৰ্ষৰ লগতে বিগত ২০২৩ বৰ্ষতো অসমকে ধৰি উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্যত এইপৰ্যন্ত মৃদু আৰু মধ্যমীয়া প্ৰাৱল্যৰ ২৩টা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।