
কংগ্ৰেছক পুৰণি ভুলৰ পৰা শিক্ষা ল'বলৈ আহ্বান ৰাইজৰ দলৰ
'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ "কালিৰে পৰা বিভিন্ন ইলেক্ট্রনিক মাধ্যম আৰু বাতৰি কাকতত ভাৰতীয় জাতীয় কংগ্রেছ দলে আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনত ১০০ খন আসনত প্রতিদ্বন্দ্বিতা কৰি বাকী থকা ২৬খন আসন অন্য বিৰোধী দলসমূহলৈ এৰি দিব বুলি প্ৰচাৰ হৈ থকা এটা বাতৰি ৰাইজৰ দলৰ দৃষ্টিগোচৰ হৈছে। এনে প্রেক্ষাপটত এটা আঞ্চলিক দল হিচাপে ২০২৬ত বিজেপিক প্রতিহত কৰাৰ ক্ষেত্ৰত ৰাইজৰ দল শংকিত হৈ পৰিছে।" এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে৷
দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেল সম্বোধন কৰি ৰাছেল হুছেইনে কয় যে অসমৰ সকলো শ্ৰেণীৰ নাগৰিকে বিজেপিৰ অপশাসনৰ ফলত ৰাজনৈতিক, অর্থনৈতিক, সামাজিক নিৰাপত্তাহীনতাত ভুগিছে আৰু সেয়েহে বিজেপিক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ হোৱাটো কামনা কৰিছে। বিগত লোকসভা নির্বাচনত ঐক্যবদ্ধভাৱে বিৰোধী ঐক্যই নির্বাচনত অৱতীৰ্ণ হোৱাৰ ফলত আমি বিৰোধী ঐক্যই ভাল ফলাফল পাবলৈ সক্ষম হৈছিলোঁ। ইয়াতে অতি উৎসাহিত হৈ কংগ্রেছে এতিয়া উভোতগোৰে নাচিব বিচাৰিছে৷ কংগ্রেছে একপক্ষীয়ভাৱে ১০০খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত কেনেকৈ ল'ব পাৰে৷ আন্তৰিকতাৰে বিজেপিক পৰাভূত কৰাৰ সদিচ্ছা থাকিলে যিকোনো ৰাজনৈতিক দলে ঐক্যৱদ্ধভাৱে সমিল মিলে এই সিদ্ধান্ত লোৱা উচিত আছিল। আন ১৬ টা ৰাজনৈতিক দলক সম্পূৰ্ণ অৱজ্ঞা কৰি মাত্র ২৬ খন আসন এৰি দিম বুলি কোৱা কংগ্ৰেছ দলটোৰ ক্ষেত্ৰত আমি অসমৰ ৰাইজক সুধিব বিচাৰিছোঁ- সঁচাকৈ কংগ্ৰেছ দলে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত অকলে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সমর্থবান হয়নে? বিগত কেইমাহমানত ৰাইজৰ দলৰ সভাপতি তথা ৰাইজৰ দলে অসমৰ জনগণৰ মাজত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ পিছত ৰাইজৰ মাজলৈ গৈ আমি দেখিছোঁ যে ২০০১ চনৰ দৰে এতিয়া আৰু কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সেই আস্থা নাই। কাৰণ মাত্র তিনি বছৰ আগৰ বিধানসভা নির্বাচনত ২৬খন আসন জিকা দলটোৰ ৭ জনকৈ বিধায়ক প্রত্যক্ষ বা পৰোক্ষভাৱে বিজেপিত চামিল হৈছে। বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলটোৰ তিনিজন কাৰ্যকৰী সভাপতিৰ দুজনেই বিজেপি দলত যোগদান কৰিছে। যোৱা বিধানসভা নির্বাচনত টিকট দিয়া ৯ জন প্রার্থীয়েই ইতিমধ্যেই বিজেপি দলত যোগদান কৰে। দলটোৰ বৰ্তমানৰ বহু নেতাই দুদুল্যমান অৱস্থাত আছে যে তেওঁলোক কংগ্রেছতেই থাকিব নে বিজেপিত যাব? তেনে এক প্রেক্ষাপটত কংগ্রেছে অকলেই চৰকাৰ গঠন কৰিম বুলি ভবা কথাটো অসমৰ ৰাইজে এক অলৌকিক সপোন বুলি বিশ্বাস কৰে। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নির্বাচনত যেনে- মহাৰাষ্ট্ৰত ১০১খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ২০খন আসনত জয় লাভ কৰিছিল, ঠিক তেনেদৰে বিহাৰৰ বিধানসভা নির্বাচনতো ৭০খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ১৯ খন আসনত জয়ী হৈছিল। কিন্তু যোৱা ঝাৰখণ্ডৰ বিধানসভা নির্বাচনত আঞ্চলিক দল জে এম মৰ লগত ঐক্যবদ্ধভাৱে অৱতীর্ণ হোৱাৰ বাবে প্রবল প্রতিষ্ঠানবিৰোধী ঢৌ থকাৰ পিছতো বিৰোধী ঐক্যই বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হৈছিল৷ অসমত ৫ সমষ্টিৰ উপ-নির্বাচনত অসমত শাসকীয় দলৰ বিৰুদ্ধে প্রবল প্রতিষ্ঠানবিৰোধী ঢৌ থকাৰ পিছতো আমি ৫খন আসনতেই হাৰিলো। একেদৰে কাৰ্বি আংলঙত All Party Hill Leaders Conference (APHLC) ৰ নেতা জ'নছ ইংতি কাথাৰক ডিফু আসনখন কংগ্রেছে এৰি নিদিয়াৰ বাবে জ'নছ ইংতি কাঠৰ অলপ ভোটত পৰাজিত হৈছিল৷ য'ত কংগ্রেছে তৃতীয় স্থান লাভ কৰিছিল৷ সেয়ে ৰাইজৰ দলে বিগত দিনবোৰৰ ভুলসমূহৰ পৰা শিক্ষালৈ সকলো বিৰোধীক ঐক্যবদ্ধভাৱে আগবাঢ়ি আহি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হৈছে।