Logo
image

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ভূটানলৈ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ ডিচেম্বৰ : ৰয়েল ভূটান চৰকাৰৰ আমন্ত্ৰণ মৰ্মে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত উপস্থিত হয়৷ সোমবাৰ পৰা ১৯ ডিচেম্বৰলৈ চাৰিদিনীয়া এই ভ্ৰমণসূচীৰ সময়ত মুখ্যমন্ত্ৰী  শৰ্মাই ভূটানৰ ৰজাৰ লগতে ৰয়েল ভূটান চৰকাৰৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে ৰয়েল ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদ্‌যাপন সমাৰোহত অংশগ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীৰ শৰ্মাই সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে সোমবাৰে ভূটানৰ পাৰো বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত ৰয়েল ভূটান চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েল, ভূটানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুধাকৰ ডালেলা আৰু ৰয়েল ভূটান চৰকাৰৰ কেবিনেট সচিব কেছাং ডেকীয়ে উষ্ম আদৰণি জনায়৷ ইফালে মুখ্যমন্ত্ৰীৰ সন্মানাৰ্থে ভূটানৰ যুৱক-যুৱতীসকলে পৰিৱেশন কৰা অসমৰ বিহুৰ লগতে দেশখনৰ পৰম্পৰাগত নৃত্যৰে  এক নান্দনিক পৰিৱেশ গঢ়ি তোলে৷ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰথম ভূটান ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য, অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে৷


মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে ভূটান আৰু অসমৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰিছে অসম চৰকাৰে৷ ইফালে, অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি সোমবাৰে সন্ধিয়া ভূটানৰ ৰাজধানী থিম্মুৰ লা মেৰিডিয়ান হোটেলত  আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে৷  এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী  শৰ্মাই  কয় যে  অসমে আজি আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধন কৰি বাণিজ্য আৰু বিনিয়োগৰ অংশীদাৰিত্বৰে  নতুন সুযোগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে৷ অসমে এক্ট ইষ্ট পলিচিৰ জৰিয়তে বিভিন্ন খণ্ডত হোৱা সফলতা লাভ কৰিছে৷  এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ৰ প্ৰসাৰৰ হকে ভূটানৰ পৰা আৰম্ভ কৰা ৰোড শ্ব’ই যুগ যুগ ধৰি অব্যাহত থকা অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বমূলক সম্পৰ্ক তথা অৰ্থনৈতিক আদান প্ৰদানৰ দিশটোও অধিক ত্বৰান্বিত কৰিব৷ দুয়োটা ভৌগোলিক ভূখণ্ডক সংযোগ কৰা প্ৰাচীন বাণিজ্যিক পথসমূহ কেৱল চাহ, ৰেচম আৰু অন্যান্য সামগ্ৰী সৰবৰাহৰ পথ নাছিল বৰং ই আছিল পাৰস্পৰিক বুজা বুজি আৰু আন্তনিৰ্ভৰশীলতাৰ জীৱন ৰেখা৷ যোৱা বছৰৰ ৯ নৱেম্বৰ মাহত ভূটানৰ ৰজাৰ অসম ভ্ৰমণে অসম আৰু ভূটানৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে পাৰস্পৰিক বুজা বুজি আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত দুয়োখন দেশকে  নতুন পদক্ষেপৰ সন্ধানত অনুপ্ৰেৰণা যোগাব৷ অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসমত  এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট আয়োজন কৰা হ’ব৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই সন্মিলনে সমগ্ৰ দক্ষিণ এছিয়াত বিনিয়োগ আৰু অংশীদাৰিত্ব গঢ়ি তোলাত এক নতুন মাত্ৰা প্ৰদান কৰিব৷ তেওঁ অসমত অনুষ্ঠিত হোৱা  এডভান্টেজ আসামৰ যোৱা সংস্কৰণত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ উপস্থিত থকাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ লগতে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক অহা বৰ্ষৰ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলত অংশগ্ৰহণৰ কৰি অনুষ্ঠানটোৰ শোভাবৰ্ধন  কৰিবলৈ আমন্ত্ৰণ জনায়৷