Logo
image

জাকিৰ হুছেইনৰ বিয়োগত বেদনাহত শিল্পীৰ পৃথিৱী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ ডিচেম্বৰ : শেষ মুহূৰ্তত মৃত্যুৰ খবৰক লৈ চৰম বিভ্ৰান্তিৰ সৃষ্টি হ’লেও ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিম্বদন্তী তবলাবাদক জাকিৰ হুছেইনৰ মৃত্যুৰ সংবাদ এক অমোঘ সত্য৷ দেওবাৰে আমেৰিকাৰ ছান ফ্ৰান্সিছকোৰ এখন হাস্পতালত তেওঁ কমদিনৰ অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰিলে৷ প্ৰথমে গুৰুতৰভাৱে অসুস্থতা আৰু চিকিৎসাধীন হোৱাৰ খবৰ, পাছত মৃত্যুৰ খবৰ আৰু শেষত অনিশ্চয়তা৷ প্ৰয়াত জাকিৰ হুছেইনৰ ভাগিনীয়েক আৰু ভগ্নীৰ এক্স একাউণ্টৰ পৰা বিয়পি পৰিছিল এই উৰাবাতৰি৷ অৱশ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী, দুয়োটা এক্স একাউণ্টেই পৰীক্ষিত (ভেৰিফাইড) নাছিল৷ তথাপি নিশ্চিত হ’ব পৰা নাছিল দেশৰ কোনো সংবাদ প্ৰতিষ্ঠান৷ দোদুল্যমান স্থিতিৰ মাজতে দেওবাৰে নিশা ৰৈ গৈছিল এই খবৰ৷ কিন্তু সোমবাৰে পুৱা ওস্তাদ জাকিৰ হুছেইনৰ মেনেজাৰ নিৰ্মলা ভাচানিয়ে ঘোষণা কৰিলে এই নিৰ্মম সত্য, ওস্তাদ জাকিৰ হুছেইন সঁচাকৈয়ে নাই৷ ৭৩ বছৰ বয়সত তেওঁ সংগীতৰ এক বিশাল উত্তৰাধিকাৰ সমগ্ৰ বিশ্বত সিঁচি থৈ চিৰবিদায় ল’লে৷ভাৰতীয় সংগীতৰ কিম্বদন্তীৰ প্ৰয়াণত সোমবাৰে চৌদিশৰ পৰা আহিছে শোকৰ বাণী৷ আক্ষৰিক অৰ্থতে শোকস্তব্ধ হৈ পৰিছে দেশে-বিদেশে সিচঁৰতি হৈ থকা তেওঁৰ অযুত অনুৰাগী৷ ছান ফ্ৰান্সিছকোত থকা তেওঁৰ পত্নী এণ্ট’নিয়া মিনেক’লা, কন্যা এনিশা কুৰেছি, ইজাবেলা কুৰেছি, ভাতৃদ্বয় তৌফিক আৰু ফজল কুৰেছি স্বাভাৱিকতে বেদনাহত৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা তেওঁৰ কেবিনেটৰ বিৰোধী দলপতি ৰাহুল গান্ধী, মাতৃ ছোনিয়া গান্ধী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অগণিত লোকে ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে৷


কোৱা বাহুল্য মাথোঁ হাতৰ আঙুলিৰ সমানে শিৰ সঞ্চালনত অবিন্যস্ত চুলিৰ আগৰ পৰা উফৰি অহা  ধীৰ গতিৰ জলকণিকা আৰু দ্ৰুতগতিৰ ভিডিঅ’ৰ লগতে ততোধিক দ্ৰুতলয়ৰ তবলা বাদনৰে টেলিভিশ্বনৰ এটা বিজ্ঞাপনত ‘বাঃ তাজ’ বুলি কৈ জাকিৰ হুছেইনে পলকতে আপোন কৰি লৈছিল দেশৰ সংগীত জনা অথবা নজনা অনুৰাগীক৷ বিগত ছটা দশক ধৰি দেশ আৰু বিদেশৰ সংগীতনুৰাগীক কেৱল তবলা বাদনেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল তেওঁ৷ গুৰুতৰভাৱে হূদৰোগত আক্ৰান্ত হোৱাৰ বাবে আমেৰিকাপ্ৰৱাসী বিশ্বখ্যাত তবলাবাদকজনক দুসপ্তাহ পূৰ্বে হাস্পতালৰ আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছিল৷ তেওঁৰ এই অসুস্থতাৰ কথা প্ৰকাশ কৰিছিল পৰিয়াল আৰু মেনেজাৰ নিৰ্মলা বাচানিয়েও৷ আনকি জাকিৰ হুছেইনৰ শাৰীৰিক অৱস্থা ইমানেই গুৰুতৰ হৈ পৰিছিল যে, পৰিয়ালৰ লোকে তেওঁৰ আৰোগ্যৰ বাবে অনুৰাগীক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছিল৷ পিছে পৰিয়ালৰ এই ইচ্ছা আৰু অনুৰাগীৰ প্ৰাৰ্থনা উপেক্ষা কৰি চিৰদিনৰ বাবে অযুত সমৰ্থক আৰু অনুৰাগীক এৰি চিৰ বিদায় ল’লে জাকিৰ হুছেইনে৷ পাঁচটাকৈ সংগীতৰ গ্ৰেমী বঁটা লাভ কৰা জাকিৰ হুছেইনৰ দৰে তবলাত সংগীতৰ মূৰ্চনাৰ সৃষ্টি কৰিব পৰা সংগীতজ্ঞৰ এই চিৰ বিদায়ত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ আৰু বিশেষভাৱে বলীউড৷মাথোঁ চলিত বছৰৰ আগভাগতে ওস্তাদ জাকিৰ হুছেইনে লাভ কৰিছিল ৬৬সংখ্যক গ্ৰেমীৰ দুটাকৈ বঁটা৷ ছটা দশক ধৰি বিস্তৃত তেওঁৰ সংগীতৰ কেৰিয়াৰত জাকিৰ হুছেইনে বহু বিশ্বখ্যাত সংগীতজ্ঞৰ সৈতে যুটি বান্ধি বিশ্বৰ অনুৰাগীক সংগীতৰ মায়াজালেৰে বান্ধি ৰাখিছিল৷ ১৯৭৩ চনতে তেওঁ যুটি বান্ধিছিল ব্ৰিটিছ গীটাৰিষ্ট জন মেকল’গিন, ভায়োলিন বাদক এল শংকৰ আৰু টি এইছ বিনয়াক্ৰমৰ সৈতে৷ ওস্তাদ জাকিৰ হুছেইনৰ তবলাৰ সৈতে ভাৰতীয় সংগীতৰ বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰিছিল দেশৰ আন আন কিম্বদন্তী পণ্ডিত ৰবিশংকৰ, ওস্তাদ আমজাদ আলী খান আৰু বিদেশৰ জৰ্জ হেৰিছনৰ দৰে সংগীতজ্ঞই৷ এই চাৰি সংগীতজ্ঞৰ সংগীতৰ ছিম্ফনীয়ে সমগ্ৰ বিশ্বৰ সংগীত অনুৰাগীক মোহাচ্ছন্ন কৰি তুলিছিল৷ দেশে-বিদেশে অসামান্য জনপ্ৰিয়তা অৰ্জন কৰা জাকিৰ হুছেইনক ভাৰত চৰকাৰে ১৯৮৮ চনত পদ্মভূষণ আৰু ২০২৩ চনত দেশৰ দ্বিতীয় সৰ্বোচ্ছ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত কৰিছিল৷ জাকিৰ হুছেইনৰ জন্ম হৈছিল ১৯৫১ চনত দেশৰ সাংস্কৃতিক ৰাজধানী মুম্বাইত৷ তেওঁৰ পিতৃ আছিল প্ৰবাদপ্ৰতিম তবলাবাদক আল্লা ৰাখা৷ ওস্তাদ জাকিৰ হুছেইন আছিল আল্লা ৰাখাৰ জ্যেষ্ঠ পুত্ৰ৷ পিতৃৰ সংগীতৰ ধাৰা তেওঁ তিনি বছৰ বয়সতে আয়ত্ত কৰিছিল আৰু কৈশোৰ-যৌৱনত সেই তবলাবাদন অধিক মোহনীয় আৰু আকৰ্ষণীয় কৰি দেশ-বিদেশৰ অনুৰাগীৰ মাজলৈ আগবঢ়াই লৈ গৈছিল৷ পশ্চিমীয়া সংগীতৰ সৈতে তেওঁৰ অনন্য তবলাবাদন শৈলীৰ ‘ফিউজন’ৰ সৃষ্টি কৰি এই ভাৰতীয় সংগীত বাদ্যক বিশ্বৰ ওচৰত পৰিচিত কৰি তুলিছিল৷