Logo
image

৮০ শতাংশ নম্বৰ পালেহে স্কুটী পাব ছাত্ৰ-ছাত্ৰীয়ে

মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম) : ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে আজি মাজুলী জিলাতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫শতাংশ বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক ‘আনন্দৰাম বৰুৱা বঁটা,  প্ৰজ্ঞান ভাৰতী আঁচনিৰ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ-ছাত্ৰীক ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী আৰু নৱমমান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ পেগুৰ লগতে স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দেৱজিৎ শইকীয়া, জিলাৰ অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্তসকল, বঁটাপ্ৰাপক ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ প্ৰধানসকলৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷


নিজৰ ভাষণত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে অহা বছৰৰ পৰা ৮০শতাংশ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলেহে ড॰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিব৷ অৰ্থাৎ তেওঁলোকেহে স্কুটী পাব৷ নতুনকৈ প্ৰতিখন হাইস্কুলত একোজনকৈ গণিতৰ শিক্ষক নিযুক্তি দিয়া হ’ব৷ ২০২৫ চনৰ পৰা প্ৰতিখন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰিব ডিজিটেল শ্ৰেণী কোঠা৷ জিলাখনত এই বৰ্ষত মুঠ ১৫১গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰাৰ বিপৰীতে ২৯৩জন ছাত্ৰ-ছাত্ৰীয়ে ড॰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিছে৷ জিলাখনৰ ৭৩খন উচ্ছ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত ২৬৮৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰে বিনামূলীয়া চাইকেল৷

ক’চিং কৰা ছাত্ৰ-ছাত্ৰীয়ে নাপাব বাণীকান্ত কাকতি বঁটা : মন্ত্ৰী জয়ন্তমল্ল

‘আমাৰ অসম’ৰ বৰমাৰ প্ৰতিবেদক : আজি বিতৰণ কৰা হয় উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰাম বৰুৱা আৰু বাণীকান্ত কাকতি বঁটা৷ কিন্তু বাণীকান্ত কাকতি বঁটাৰ পৰা বঞ্চিত হ’বলগা হ’ল একাংশ মেধা ছাত্ৰ-ছাত্ৰী৷ বাগ্‌সা জিলা সদৰ মুছলপুৰ উচ্ছতৰ মাধ্যমিক খেলপথাৰত বাগ্‌সা জিলা প্ৰশাসনৰ উদ্যোগত আজি অনুষ্ঠিত হৈছিল আনন্দৰাম বৰুৱা আৰু বাণীকান্ত বঁটা প্ৰদান অনুষ্ঠান৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰে এই বঁটা৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২০২৩-২৪বৰ্ষত ৭৫শতাংশ লাভ কৰা ৬৪৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১২,৫০০ টকাকৈ আনন্দৰাম বৰুৱা বঁটা লাভ কৰাৰ লগতে ৮৯৬গৰাকী উচ্ছতৰ মাধ্যমিকত ৬০ শতাংশ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ লাভ কৰা ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হয় বাণীকান্ত কাকতি বঁটাৰ কাৰণে৷ একেটা অনুষ্ঠানতে বাগ্‌সা জিলাৰ ৬০৪৮গৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে চাইকেল৷ পুৱাৰে পৰা স্কুটী, চাইকেল আৰু নগদ ধন পোৱাৰ আশাত ৰৈ আছিল বঁটাপ্ৰাপকসকল৷ কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা এটি মন্তব্যৰ পাছতে উচ্ছতৰ মাধ্যমিকৰ বাণীকান্ত কাকতি বঁটাপ্ৰাপক একাংশ ছাত্ৰ-ছাত্ৰী হতাশ হৈ পৰে৷ উচ্ছতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যিসকল ছাত্ৰ-ছাত্ৰী মেডিকেল, ইঞ্জিনিয়াৰিং আদি বৃত্তিমুখী পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ কাৰণে অনলাইন বা অফ লাইন কোচিং কৰি আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা পোৱাৰ পৰা বঞ্চিত হ’ব বুলি ঘোষণা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷

অসম চৰকাৰৰ এই সিদ্ধান্তক চৰকাৰে একাংশ মেধা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰিব বিচাৰিছে বুলি মন্তব্য কৰে বঞ্চিত ছাত্ৰ-ছাত্ৰীয়ে৷ পূৰ্বে কোনো জাননী নিদিয়াকৈ হঠাৎতে লোৱা চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ৩ান জনায় বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকেও৷ বাণীকান্ত কাকতি বঁটা পোৱাৰ আশাত ছাত্ৰ-ছাত্ৰীসকলে মনপুতি অধ্যয়ন কৰিছিল৷ আৰু সেইসকল ছাত্ৰ-ছাত্ৰীৰে একাংশই বৃত্তিমুখী শিক্ষাৰ কাৰণে অধ্যয়নত ব্ৰতী হৈ আছে৷ আনহাতে, বিগত বৰ্ষত তেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰি উচ্ছতৰ মাধ্যমিকত ৬০ শতাংশ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ লাভ কৰা ছাত্ৰই ( কোচিঙত থকাসকলেও ) লাভ কৰিছিল স্কুটী৷ কিন্তু এইবছৰ হঠাৎ চৰকাৰে এনে সিদ্ধান্ত লোৱাত বঞ্চিত ছাত্ৰ-ছাত্ৰীসকল হতাশ হৈ পৰা বুলি মন্তব্য কৰে অভিভাৱকে৷ বঁটা বিতৰণ সমাপন কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীজনে বাগ্‌সা জিলাৰ শৈক্ষিক দিশটো উন্নত কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা বুলি মন্তব্য কৰে৷ বিদ্যালয়সমূহৰ আন্তগাঁথনি উন্নয়ন আৰু শিক্ষক নিযুক্তিৰ কাম বিজেপি চৰকাৰে হাতত লোৱা বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ অনুষ্ঠানত বাগ্‌সা জিলা আয়ুক্ত গৌতম দাস, বিটিচি অধ্যক্ষ কাতিৰাম বড়ো, এমচিএলএ মণ্টু বড়োকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামকে ধৰি কেইবাজনো বিষয়া উপস্থিত থাকে৷

দৰং জিলাত স্কুটী, চাইকেল, চেক বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদক : অসম চৰকাৰে শিক্ষা, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰে বিকাশৰ ১২দিন নামৰ এক প্ৰগতিশীল কাৰ্যসূচী হাতত লৈছে৷ ইয়াৰ অংশ হিচাপে আজি দৰং জিলাৰ গান্ধী ময়দানত অনুষ্ঠিত বিকাশৰ ১২দিন কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে যুগৰ পৰিৱৰ্তনৰ লগে লগে সকলোকে উচ্ছ শিক্ষিত কৰাৰ আশাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনি হাতত লৈছে যাতে কোনো ক’তো আৰ্থিক অভাৱৰ বাবে ৰৈ থাকিবলগীয়া নহয়৷ মন্ত্ৰীজনে বিনামূলীয়া কিতাপৰ পৰা আৰম্ভ কৰি বিনামূলীয়া নামভৰ্তি, মধ্যাহ্ন ভোজন, যাতায়াতৰ সুবিধা আদিকে ধৰি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক যথেষ্ট সকাহ দিছে বুলি উল্লেখ কৰে৷ তেওঁ অসমৰ সু-সন্তান ড॰ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱাই অসমীয়া জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য ৰাখে৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মহান ব্যক্তিকেইজনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যাবলৈ আহ৩ান জনায়৷ অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে মানৱীয় গুণ আহৰণ কৰি ভৱিষ্যত সমাজখন আগুৱাই নিবলৈ আহ্বান জনায়৷ ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড॰ পৰমানন্দ ৰাজবংশীয়ে কয় যে শৈক্ষিক দিশত এক যুগান্তকাৰী পদক্ষেপ লোৱা আজিৰ দিনতো এক উল্লেখযোগ্য দিন৷ তেওঁ শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান লাভৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ৩ান জনায়৷ অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু ভৱিষ্যতে শিক্ষিত হৈ জিলাৰ লগতে দেশৰ নাম উজলাই তুলিবলৈ আহ্বান জনায়৷ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনে আঁচনি গ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ আজিৰ অনুষ্ঠানত মন্ত্ৰীজনে আনুষ্ঠানিকভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী, চাইকেল আৰু চেক প্ৰদান কৰে৷ উল্লেখ্য, দৰং জিলাত ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ২২৩৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ৮১৮৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ১১১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডি বি টি যোগে নগদ ধন লাভ কৰে৷ জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ কমলাকান্ত বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি বহুলোক উপস্থিত থাকে৷