বহুবিতৰ্কিত আকাশ ফুকনক নতুন দায়িত্ব বিজেপিৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ ডিচেম্বৰ : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক মক্কেল, ননচেন্স আদি অমাৰ্জিত শব্দৰে গালি পৰা ‘শিষ্টাচাৰহীন’ পালি নেতা আকাশ ফুকনক পুৰস্কাৰ দিলে বিজেপিয়ে৷ দলৰ এজন জ্যেষ্ঠ নেতা তথা সন্মানীয় শিক্ষামন্ত্ৰীৰ দৰে পদত অধীস্থিত ব্যক্তিক অশ্লীল-অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ৰাজ্যিক ক্ৰীড়া ব’ৰ্ডৰ উপাধ্যক্ষ তথা গোলাঘাটৰ বিজেপিৰ পালিনেতা আকাশ ফুকনৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থাই গ্ৰহণ নকৰিলে বাজপেয়ী ভৱন৷ ইয়াৰ বিপৰীতে বিজেপিয়ে আকাশ ফুকনক দলৰ গুৰু দায়িত্ব প্ৰদান কৰি সন্মানিতহে কৰিলে৷ আকাশ ফুকনৰ দৰে শিষ্টাচাৰহীন নেতাৰ প্ৰতি বাজপেয়ী ভৱনৰ অহৈতুক দৰদক লৈ বিজেপিৰ তৃণমূল পৰ্যায়তে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিতৰ্কৰ পাছতেই আকাশ ফুকনক বাজপেয়ী ভৱনে তেজপুৰৰ সহ-প্ৰভাৰী তথা সাংগঠনিক নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্ব অৰ্পণ কৰিছে৷ উল্লেখ্য, দিনচোৰক পূৰ্বে আকাশ ফুকনে এজন ঠিকাদাৰৰ সৈতে বাৰ্তালাপৰ এটা অডিঅ’ ক্লিপিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷
য’ত আকাশ ফুকনে নিজকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি কৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক আশ্ৰাব্য-অশ্লীল গালি-গালাজ কৰিছিল৷ আনকি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে ঠিকাৰ কামৰ বিনিময়ত কমিচন লোৱাৰ ভয়ংকৰ অভিযোগ আনিছিল৷ এই অডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই সাংসদ তাছাই পালিনেতা আকাশ ফুকনৰ বিৰুদ্ধে ব্যৱস্থাৰ দাবী জনাই ৰাজ্যিক বিজেপিলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে আকাশ ফুকনক সমাজসেৱী, ভাল ল’ৰা বুলি অভিহিত কৰিও আকাশৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দলৰ ৰাজ্যিক সভাপতিক আহ্বান জনাইছিল৷ কিন্তু ইয়াৰ বিপৰীতে বাজপেয়ী ভৱনে বিতৰ্কিত আকাশ ফুকনক এতিয়া দলৰ সহঃপ্ৰভাৰী তথা সাংগঠনিক নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াৰ দায়িত্ব দি তেজপুৰলৈ প্ৰেৰণ কৰা কাৰ্যই দলৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা লাভ কৰিছে৷