এ চি নাই? ঘৰ শীতল কৰিব পাৰি এইদৰেও
আমাৰ অসম বিশেষঃ মাৰ্চ মাহ পৰাৰ লগে লগে বাঢ়িছে তাপমাত্ৰা৷ সম্প্ৰতি যি হাৰত পাৰাস্তম্ভ ঊধবৰ্গামী হৈছে তালৈ লক্ষ্য কৰিলে অহা গৰমৰ দিনকেইটা যে কিমান অসহ্যকৰ হ’ব, সেয়া এতিয়াই অনুমান কৰিব পাৰি৷ গৰম বুলিলে বহুতে এচিৰ আশ্ৰয় লয়৷ কিন্তু এচি স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক৷ সেয়ে চিকিৎসকে দীৰ্ঘসময় এচি ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে৷ কিন্তু অসহ্যকৰ গৰমত কেনেকৈ থাকিব? আজিৰ শিতানত এচিৰ ব্যৱহাৰ নকৰাকৈ ঘৰ শীতল কৰি ৰাখিব পৰা কৌশলৰ বিষয়ে উল্লেখ কৰা হ’ল–
[১] পুৱাৰ সময়খিনি পাৰ হোৱাৰ লগে লগে ঘৰৰ খিৰিকী বন্ধ কৰি পৰ্দাসমূহ টানি দিয়ক৷ কিয়নো পুৱাৰ মিঠা ৰ’দৰ ম্যাদ বেছি সময় নাথাকে৷ এনে অৱস্থাত পুৱাৰ সময়খিনি অতিক্ৰম কৰাৰ লগে লগে ঘৰৰ ভিতৰত যাতে তাপৰ প্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে এনে পদ্ধতি প্ৰয়োগ কৰাৰ দৰকাৰ৷ খিৰিকী বন্ধ কৰি পৰ্দা টানি দিলে ফেনৰ তলতো এচিৰ দৰেই ঠাণ্ডা অনুভৱ কৰিব পৰা যায়৷
[২] ঘৰত সুতি বা নাইলন কাপোৰৰ পৰ্দা ব্যৱহাৰ কৰক৷ আনকি বিছনা চাদৰো পৰ্দা হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ মন কৰিব যে পৰ্দাসমূহ যেন পাতল বৰণৰ হয়৷ কিয়নো পাতল ৰঙৰ পৰ্দা বা কাপোৰে তাপৰ প্ৰতিফলন ঘটায়৷ যাৰ বাবে ঘৰ শীতল হৈ থাকে৷
[৩] ঘৰত কম পোহৰৰ লাইট বা বাল্ব ব্যৱহাৰ কৰিব৷ কম পোহৰে ঘৰ শীতল কৰি ৰাখে৷ প্ৰয়োজনবশতঃ টেবুল লেম্প বা চিএফএল বাল্ব ব্যৱহাৰ কৰক৷
[৪] ঘৰৰ ভিতৰত গছপুলি ৰাখিব পাৰে৷ গছপুলিয়ে ঘৰৰ উত্তাপ শুহি লয়৷ এই ক্ষেত্ৰত ঘৰৰ ভিতৰত স্নেক্প্লাণ্ট বা মানী প্লাণ্টৰ দৰে লতাজাতীয় গছপুলি ব্যৱহাৰ কৰিব পাৰে৷ এনে গছপুলিয়ে ঘৰ শীতল কৰি ৰখাৰ লগতে সৌন্দৰ্যও বৃদ্ধি কৰে৷
[৫] পাকঘৰত ৰন্ধন কাৰ্যৰ সময়ত এগজাষ্ট ফেন চলাই ৰাখিবলৈ নাপাহৰিব৷ কিয়নো ৰন্ধন কাৰ্যৰ সময়ত পাকঘৰৰ ভিতৰত তাপমাত্ৰা বৃদ্ধি পায়৷
[৬] পানী বা তিতা কাপোৰেৰে ঘৰৰ দুৱাৰ-খিৰিকীসমূহ দিনত অন্ততঃ দুবাৰ মচি ফেন চলাই দিয়ক৷ এনেবোৰ পদ্ধতিৰে এচি নোহোৱাকৈয়ে আপুনি ঘৰৰ কোঠালী শীতল কৰি ৰাখিব পাৰিব৷