Logo
image

কেঞ্চাৰৰ ভেক্‌চিন উদ্ভাৱন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ ডিচেম্বৰ : দ্বিতীয় বিশ্বযুদ্ধৰ মাজতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে দেশত আলুৰ উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি, সেই বিষয়ক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছিল৷ বৈঠকলৈ আহি চাৰ্চিলক উদ্বিগ্ন মন্ত্ৰী-পৰিষদে কৈছিল– ‘দেশৰ চাৰিওফালে বোমা পৰিছে, ৰাজধানী লণ্ডন বোমাত বিদীৰ্ণ আৰু আপুনি আলু উৎপাদনৰ বৈঠক পাতিছে৷’ উইনষ্টন চাৰ্চিলে তেতিয়া সকলোকে ক’লে– যুদ্ধ এদিন শেষ হ’ব, জীয়াই থকাসকলে খাব লাগিব; দেশত যাতে আকাল নহয় তাৰ চিন্তা এতিয়াৰ  পৰাই কৰিব লাগিব৷ ‘ডেয়াৰ ফাইনেষ্ট আৱাৰ’ নামৰ নোবেলজয়ী গ্ৰন্থখনত এই কথাৰ সুন্দৰ বৰ্ণনা দিছে চাৰ্চিলে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুতিনক উইনষ্টন চাৰ্চিলৰ সৈতে বিভিন্ন কাৰণত তুলনা কৰা টান৷ কিন্তু ইউক্ৰেইনৰ সৈতে প্ৰায় দুবছৰীয়া এখন চয়-নিচয় নোহোৱা যুদ্ধত অৱতীৰ্ণ হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ শাসনকালত ৰাছিয়াই কৰ্কট ৰোগৰ প্ৰতিষেধকৰ যুগান্তকাৰী আৱিষ্কাৰ কৰিছে৷ ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত আক্ৰমণ কৰা সামৰিক শক্তিহীন ইউক্ৰেইনক এসপ্তাহতে ৰাছিয়াই বশ কৰিব বুলি সমৰবিদে কৰা মন্তব্য ভুল প্ৰমাণিত কৰি ভল’ডিমিৰ জেলেন্সক্সিৰ দেশখনে পশ্চিমীয়া দেশৰ শক্তি সংগ্ৰহ কৰি সফলভাৱে আত্মৰক্ষা কৰিছে৷


পৰিকল্পনা অনুসৰি বিজয় সম্ভৱ নোহোৱাত স্বাভাৱিকভাৱেই পুটিন এতিয়া চৰম বিপদত৷ সমগ্ৰ বিশ্বৰ আগশাৰীৰ দেশৰ আৰ্থিক প্ৰতিবন্ধকতাৰ ফলত দেশৰ অৰ্থনীতি অটল তলীত৷ এনে পৰিস্থিতিত সেইখন দেশৰ বিজ্ঞানীয়ে যে এটা পৰম আকাংক্ষিত অৱিষ্কাৰৰ গৱেষণাত নিমগ্ন হ’ব পাৰে আৰু আৱিষ্কাৰ কৰি বহিৰ্বিশ্বক সুখবৰ দিব পাৰে, সেয়া কল্পনা কৰাই টান৷কিন্তু ৰাছিয়াৰ বিজ্ঞানীয়ে চৰম প্ৰতিকূল পৰিস্থিতি আওকান কৰি মাৰাত্মক ৰোগ কেন্সাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছে৷ ভvাডিমিৰ পুটিনৰ প্ৰশাসনেই প্ৰকাশ কৰিছে এই তথ্য৷ ২০২৫ চনৰ পৰা সেই প্ৰতিষেধক বিনামূলীয়াকৈ দিয়া হ’ব বুলিও ৰাছিয়াৰ চৰকাৰে জনাইছে৷ ৰুছ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনস্থ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্ছ চেণ্টাৰৰ মুৰব্বী সঞ্চালক আন্দ্ৰে কাপ্ৰিনে জনাইছে, ৰাছিয়াৰ বিজ্ঞানীয়ে ‘এম আৰ এন এ’ বা ‘মেছেঞ্জাৰ আৰ এন এ’ প্ৰযুক্তিৰ সহায়ত কৰ্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱন কৰিছে৷ এই প্ৰতিষেধক পৰীক্ষামূলকভাৱে সমগ্ৰ দেশত সফল প্ৰয়োগ কৰা হৈছে৷ এই প্ৰয়োগৰ প্ৰতিবেদন ইতিবাচক হ’লে ২০২৫ চনত দেশবাসীয়ে নৱ আৱিষ্কৃত প্ৰতিষেধক ব্যৱহাৰ কৰিব পাৰিব৷ ৰাছিয়াৰ সংবাদ মাধ্যমে জনোৱা অনুসৰি ‘ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্ছ চেণ্টাৰ’ আৰু ‘গেমেলিয়া নেশ্বনেল ৰিচাৰ্ছ চেণ্টাৰ ফৰ এপিডোমলজি এণ্ড মাইক্ৰ’বায়’লজী’ বিভাগে যুগ্মভাৱে এই প্ৰতিষেধক তৈয়াৰ কৰিছে৷ প্ৰথম পৰ্যায়ৰ পৰীক্ষাত দেখা গৈছে, প্ৰতিষেধকবিধে কৰ্কট ৰোগীৰ শৰীৰৰ কোষৰ বিভাজন বন্ধ কৰিছে৷ ই শৰীৰত ‘এণ্টিব’ডী’ তৈয়াৰ কৰিছে, যি দেহৰ আন অংগলৈ কৰ্কট ৰোগৰ বিস্তৃতি বন্ধ কৰিব পাৰে৷ অৱশ্যে এতিয়াও ৰাছিয়াই প্ৰতিষেধকবিধৰ নাম জনোৱা নাই আৰু ৰোগীক নে সম্ভাব্য ৰোগীৰ শৰীৰত এই প্ৰতিষেধক ব্যৱহাৰ কৰা হ’ব সেয়া জনোৱা নাই৷ প্ৰসংগতঃ, প্ৰতিষেধক আগতীয়াকৈ ৰোগ প্ৰতিৰোধৰ বাবে সুস্থ ব্যক্তিৰ শৰীৰত প্ৰয়োগ কৰা হয় আৰু ঔষধ ৰোগীক দিয়া হয়৷ ৰাছিয়াই এয়া প্ৰতিষেধক বুলি ক’লেও ব্যৱহাৰৰ বিষয়ে সঠিকভাৱে জনোৱা নাই৷