৪০০ কোটি প্ৰৱঞ্চনা ডিবিৰ, জামিন পায়ো জে’লতে চুমি
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ ডিচেম্বৰ : অনলাইন ট্ৰেডিঙৰ নামত মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনে গ্ৰাহকৰ পৰা আত্মসাৎ ৪০০ কোটি টকা ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ ধনৰ লেনদেনৰ এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সন্থাই৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ তদন্তত পোহৰলৈ অহা অনুসৰি দীপাংকৰ বৰ্মনৰ ডি বি ষ্টকত একোজন বিনিয়োগকাৰীয়ে কম সময়তে অধিক লাভৰ আশাত সৰ্বাধিক ৰ কোটি টকা পৰ্যন্ত ধন বিনিয়োগ কৰিছিল৷ হাজাৰ হাজাৰ গ্ৰাহকৰ প্ৰৱঞ্চনাৰ জালত বন্দী কৰা দীপাংকৰ বৰ্মনৰ ডি বি ষ্টকৰ হৈ প্ৰচাৰ চলাইছিল খোদ দীপাংকৰৰ অধ্যাপক পিতৃ চবিন বৰ্মনে৷ মহানগৰীৰ ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহৰ ডি বি ষ্টক কনচালটেন্সীৰ সভাত ধন বিনিয়োগৰ বাবে ৰাইজক উদ্দেশ্যি উদাত্ত ভাষণ দিছিল পিতৃ চবিন বৰ্মনে৷ পিতৃ চবিন বৰ্মনৰ উপৰি মাতৃ দীপালী তালুকদাৰ বৰ্মনেও ডি বি ষ্টকৰ প্ৰচাৰ আৰু পৰিচালনাত জড়িত হৈ পৰিছিল৷ ডি বি ষ্টকত গ্ৰাহকে বিনিয়োগ কৰা ধন দীপাংকৰৰ পিতৃ-মাতৃয়ে ৰিয়েল ইষ্টেট আৰু অন্যান্য ব্যৱসায়তো বিনিয়োগ কৰিছিল৷ ডি বি ষ্টক কেলেংকাৰিৰ দ্বিতীয়খন অভিযোগনামাত এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে চি বি আয়ে৷ গুৱাহাটীৰ পল্টন বজাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত চি বি আয়ে ২২১/২০২৪/ই ০০১৩ নম্বৰত নতুনকৈ পঞ্জীয়ন কৰা গোচৰটোত ইতিমধ্যে দীপাংকৰ বৰ্মন আৰু তেওঁৰ প্ৰেয়সী মনালিচা দাসক অভিযুক্ত কৰি প্ৰথমখন অভিযোগনামা দাখিল কৰিছিল৷
তদন্তকাৰী সংস্থাটোৱে বৃহস্পতিবাৰে গুৱাহাটীস্থ চি বি আইৰ বিশেষ আদালতত দাখিল কৰা পৰিপূৰক অভিযোগনামাত এইবাৰ মূল অভিযুক্ত দীপাংকৰ বৰ্মনৰ পিতৃ চবিন বৰ্মন, মাতৃ দীপালী তালুকদাৰ বৰ্মন আৰু চাৰ্টাৰ্ড একাউনটেণ্ট মুকেশ আগৰৱালাক অভিযুক্ত কৰিছে৷ চি বি আয়ে সদৰী কৰা অনুসৰি দীপাংকৰ বৰ্মন আৰু প্ৰেয়সী মনালিচা দাসৰ উপৰি আন ৭-৮জন কৰ্মচাৰীয়ে ডি বি ষ্টক চলাই আহিছিল৷ এসপ্তাহৰ পৰা এবছৰলৈ সুদ প্ৰদানৰ পাঁচখন আঁচনিৰ জৰিয়তে জমা ধনৰ বিপৰীতে নিৰ্দিষ্ট পৰিমাণৰ সুদ দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনাৰ জাল পেলাইছিল৷ আনকি বিনিয়োগকাৰীক আস্বস্ত কৰাৰ বাবে ১০০টকীয়া ষ্টাম্প পেপাৰত নটাৰী কৰিছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনে৷ অভিযোগকাৰী এজন বিনিয়োগকাৰীয়ে সৰ্বাধিক ১ কোটি টকা ডি বি ষ্টকত বিনিয়োগ কৰিছিল৷ প্ৰৱঞ্চনাৰে দীপাংকৰ বৰ্মনে ৪০০ কোটি টকাৰ সম্পত্তি আহৰণ কৰিছিল৷ চি বি আইৰ তদন্তত প্ৰৱঞ্চনাৰ এই ষড়যন্ত্ৰত দীপাংকৰৰ প্ৰেয়সী মনালিচা দাস প্ৰত্যক্ষ জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ লগতে দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃ চবিন বৰ্মন আৰু দীপালী তালুকদাৰ বৰ্মনে ডি বি ষ্টকৰ প্ৰচাৰ কৰাৰো তথ্য উদ্ঘাটন কৰিছে৷ অনিয়ন্ত্ৰিত জমা আঁচনিৰ জৰিয়তে দীপাংকৰে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা ধন মাতৃ দীপালী তালুকদাৰ বৰ্মনে ৰিয়েল ইষ্টেট আৰু অন্যান্য ব্যৱসায়ত বিনিয়োগ কৰিছিল৷ আনহাতে, দীপাংকৰৰ এই প্ৰৱঞ্চনাৰ অন্যতম সহযোগী আছিল চাৰ্টাৰ্ড একাউনটেণ্ট মুকেশ আগৰৱালা৷ দীপাংকৰৰ নিৰ্দেশত মুকেশ আগৰৱালাই ভুৱা চালান প্ৰস্তুত কৰি অবৈধভাৱে সংগ্ৰহ কৰা ধনৰাশিক ঋণ হিচাপে দেখুৱাই প্ৰৱঞ্চনাৰ অংশীদাৰ হৈ পৰিছিল৷ আনকি আয় কৰ আৰু জি এছ টি ৰিটাৰ্ণৰ ক্ষেত্ৰতো ফাঁকি দিছিল চি এ আগৰৱালাই৷ ইফালে, অনলাইন ট্ৰেডিং কেলেংকাৰিৰ ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰিৰ গোচৰটোত অৱশেষত জামিন লাভ কৰে অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰাই৷ অৱশ্যে ডিব্ৰুগড় থানাত পঞ্জীয়ন ভুক্ত ৩৫২/২৪ নম্বৰৰ গোচৰটোত জামিন লাভ কৰে যদিও বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হোৱা আন দুটা গোচৰত জামিন লাভ নকৰাত চুমি বৰা বৰ্তমানেও কাৰাগাৰতে থাকিব লাগিব৷ চুমি বৰাৰ হৈ গোচৰটোত যুক্তি আগবঢ়াইছিল অধিবক্তা আনন্দ ভূঞা আৰু কামাল হুছেইনে৷ চিবিআয়ে সময়মতে অভিযোগনামা দাখিলত ব্যৰ্থ হোৱাৰ বাবেই বৃহস্পতিবাৰে উচ্ছ ন্যায়ালয়ে চুমি বৰাৰ জামিন মঞ্জৰ কৰে৷