Logo
image

ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ এটা পৰিয়ালৰ

'আমাৰ অসম'ৰ সোণাপুৰৰ প্ৰতিবেদক, ২০ ডিচেম্বৰঃ  ইছলাম ধৰ্মালম্বী লোকৰ বসতি অঞ্চল সোণাপুৰৰ কচুতলীৰ এটা মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম৷ হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ শুকুৰবাৰে ইছলাম ধৰ্ম ত্যাগ কৰি  হিন্দু ধৰ্ম গ্ৰহণ কৰিলে স্বামী-স্ত্ৰীয়ে ৷হিন্দু ধৰ্ম গ্ৰহণ কৰি সলনি কৰিলে নিজৰ লগতে পত্নীৰ নাম৷ হাফিজ আলিৰ নাম হ'লগৈ ৰাহুল বড়ো আৰু ৰিজুৱানা বেগমৰ নতুন নাম ভূমিকা বড়ো৷

উল্লেখ্য যে তিনিমাহ পূৰ্বে কচুতলীত অবৈধভাৱেবে বাস কৰা লোকসকলক জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল ৷ তাৰ পিছতে  প্ৰথমবাৰৰ বাবে কচুতলীত সনাতনী ধৰ্মৰ লোকসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছিল লক্ষী পূজা ৷ হিন্দু ধৰ্মৰ এই পূজাৰ প্ৰতি আকৃষ্ট হয় কচুতলীৰ  হাফিজ আলিৰ পৰিয়ালটি ৷ যাৰ বাবে আৰ এছ এছ, বজৰংগ দল, বিশ্ব হিন্দু পৰিষদৰ কৰ্মীৰ উপস্থিতিত তেওঁলোকে গ্ৰহণ কৰে হিন্দু ধৰ্ম ৷ সকলো নীতি-নিয়মেৰে আনুষ্ঠানিকভাৱে তেওঁলোকে গ্ৰহন কৰে হিন্দু ধৰ্ম ৷ ইপিনে ধৰ্মান্তৰকৰণৰ পাছতে কচুতলীৰ মুছলমানসকলে পৰিয়ালটিৰ সৈতে সম্পৰ্ক ছেদ কৰিছে ৷