চাহক স্বাস্থ্যকৰ পানীয়ৰ স্বীকৃতি আমেৰিকাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ডিচেম্বৰ : দুদিন পূৰ্বে সংসদত কেন্দ্ৰীয় চৰকাৰে অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে স্বীকৃতি দিয়া নহয় বুলি স্পষ্ট কৰি দিয়াৰ ঠিক পিছমুহূৰ্ততে বৃহস্পতিবাৰে আমেৰিকাই চাহক ‘স্বাস্থ্যকৰ পানীয়’ হিচাপে ঘোষণা কৰে৷ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে আনুষ্ঠানিকভাৱে চাহক ‘স্বাস্থ্যকৰ পানীয়’ৰ তালিকাত শ্ৰেণীভুক্ত কৰিছে৷ কেমেলিয়া চাইনেন্সিছৰ পৰা আহৰণ কৰা চাহ স্বাস্থ্যকৰ পানীয় স্বীকৃতি দিয়াত অসম তথা ভাৰতৰ চাহক উদ্যোগৰ ক্ষেত্ৰখনলৈকো আশাৰ বতৰা কঢ়িয়াই আনিছে৷ কিয়নো বিশ্বৰ দ্বিতীয় সৰ্বাধিক চাহ উৎপাদন কৰা ৰাষ্ট˜খনে চাহক সুস্থতা পানীয় হিচাপে বিবেচনা কৰা বিষয়টো সময়োপযোগী সিদ্ধান্ত বুলিও চৰ্চা লাভ কৰিছে৷ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনাই আমেৰিকাৰ চাহ সন্থাৰ সভাপতি পিটাৰ এফ গগৈয়ে টুইটযোগে কেমেলিয়া চাইনেন্সিছ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা গ্ৰীণ টিৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ গুণ থকা বুলিও উল্লেখ কৰে৷ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰতিবেদনত প্ৰকাশ কৰা মতে কেমেলিয়া চাইনেন্সিছ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা চাহে ‘স্বাস্থ্যকৰ’ লেবেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷
অৱশ্যে উৎপাদিত কম কেলৰিযুক্ত চাহে নিৰ্দিষ্ট গুণগত মাপকাঠি পূৰণ কৰিলেহে প্ৰস্তুতকৰ্তাই পেকেজিঙত ‘স্বাস্থ্যকৰ’ মোহৰ মাৰিব পাৰিব৷ কম কেলৰিযুক্ত চাহকহে স্বাস্থ্যকৰ হিচাপে বিবেচনা কৰা হ’ব৷ এফ ডি এৰ প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে বনৌষধীৰ ইনফিউজনসমূহ বহুতো উদ্ভিদ আৰু উদ্ভিদৰ মিশ্ৰণৰ অংশৰ পৰা আহৰণ কৰা হয়৷ লগতে ইয়াত মিশ্ৰণো অন্তৰ্ভুক্ত কৰা হয়৷ এই বিশাল শ্ৰেণীৰ পানীয়ই গ্ৰাহকসকলক স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰখাত সহায় কৰিব পাৰে৷ সমীক্ষা অনুসৰি ১৫.৯ কোটিতকৈ অধিক আমেৰিকান লোকে প্ৰতিদিনে চাহ খায়৷ ২০২১ চনত প্ৰায় ৮৫ বিলিয়ন আমেৰিকানে চাহ সেৱন কৰাৰ তথ্য সমীক্ষাটোত প্ৰকাশ পাইছিল৷ উল্লেখ্য, অসমৰ চাহে ইতিমধ্যে ২০০ বছৰ অতিক্ৰম কৰাৰ বিপৰীতে কেনিয়াৰ চাহে ১০০ বছৰ গৰকিছে৷ দুদিন পূৰ্বে লোকসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় স্বীকৃতি নিদিয়ে বুলি স্পষ্ট কৰি দিছিল কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদে৷ ৰ