Logo
image

টে’ট পৰীক্ষাৰ সময় কমেও ১৫ দিন বৃদ্ধিৰ নিৰ্দেশ হাইক’ৰ্টৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ডিচেম্বৰ : মাধ্যমিক শিক্ষা বিভাগে ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ টে’ট পৰীক্ষা অনুষ্ঠিত কৰাৰ দিন ঘোষণা কৰিছিল যদিও এইবাৰ আইনী মেৰপেচত সোমাই পৰিছে  উক্ত টে’ট পৰীক্ষা৷  দিন-বাৰ ঘোষণা কৰিলেও ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া টে’ট পৰীক্ষা৷ অতি কমেও আৰু  ১৫ দিন পিছুৱাব লাগিব মাধ্যমিক টে’ট পৰীক্ষা৷ ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া টে’ট পৰীক্ষা পিছুৱাবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য, টে’ট পৰীক্ষাৰ দিন  ঘোষণাৰ পূৰ্বে বিগত ৩ ডিচেম্বৰত হঠাতে শিক্ষা বিভাগে জাননীযোগে উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰিবলৈ ওলোৱা ‘টে’ট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট’ৰ চিলেবাছ সলনি কৰিছিল৷ বিষয় শিক্ষক নিযুক্তিৰ বাবে নিৰ্দিষ্ট বিষয়ৰ ওপৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে শিক্ষা বিভাগে পাঠ্যক্ৰম সলনি কৰি নতুনকৈ গণিত বিষয় অন্তৰ্ভুক্ত কৰিছিল৷


পৰীক্ষালৈ ২৫ দিন সময়ো নথকাৰ মাজতে আকস্মিকভাৱে পাঠ্যক্ৰম সলনি কৰাত বছৰ বছৰ ধৰি পুৰণি পাঠ্যক্ৰম অনুসৰি প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জেছমিন আৰা পাৰবিনকে ধৰি ৬০জন প্ৰাৰ্থীয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ প্ৰাৰ্থীসকলে পাঠ্যক্ৰম সলনি কৰি অধ্যয়নৰ বাবে কোনো সময় নিদিয়াৰ অভিযোগ তুলি ৰুজু কৰা ডব্লিউ পি(চি)৬৯০০/২৪ নম্বৰৰ গোচৰটোৰ শুকুৰবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্য চৰকাৰক টে’ট পৰীক্ষা কমেও ১৫ দিন পিছুৱাই অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷