Logo
image

১৫ দিনৰ ভিতৰত আৰম্ভ হ’ব মথাউৰি নিৰ্মাণৰ কাম : পীয়ূষ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২১ ডিচেম্বৰ : অহা ১৫দিনৰ ভিতৰত ৰাজ্যত আৰম্ভ হ’ব আঢ়ৈশ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম৷ তেজপুৰত আনন্দৰাম বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই এইকথা ঘোষণা কৰি লগতে কয় যে, ৰাজ্যত বছৰি বান-খহনীয়া ৰোধৰ বাবে বৰ্তমান বিজেপি চৰকাৰে ব্যয় কৰে দুহেজাৰৰ পৰা ২২শ কোটি টকা৷ তেওঁ কয় যে, ইয়াৰ পাছত আৰু ৰাজ্যত খহনীয়াক্ৰান্ত য’ত মথাউৰি নিৰ্মাণ কৰিব পাৰি তেনে ডেৰশ কিলোমিটাৰমান অংশ বাকী থাকিব৷ মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে, কেন্দ্ৰীয় চৰকাৰে যোৱা তিনিবছৰত ৰাজ্যক পাঁচ হাজাৰ কোটি টকা বিশ্ববেংকৰ পৰা ঋণলৈ দিছিল আৰু ইয়াৰে ৯০ শতাংশ ঋণ কেন্দ্ৰীয় চৰকাৰে পৰিশোধ কৰিব লাগে আৰু বাকী ১০শতাংশ পৰিশোধ কৰিব লাগে ৰাজ্য চৰকাৰে৷ এয়া কোনো দান নহয় বুলি দোহাৰি তেওঁ লগতে কয় যে, যোৱা চাৰে তিনি বছৰত ৰাজ্য চৰকাৰেও প্ৰতিবছৰে এহেজাৰ কোটি টকা বান-খহনীয়া ৰোধৰ ক্ষেত্ৰত পৃথকে ব্যয় কৰিছে৷ এইদৰে ৰাজ্যৰ জলসম্পদ বিভাগে বছৰি বান আৰু খহনীয়া ৰোধৰ বাবে ২২-২৩শ কোটি টকা ব্যয় কৰা বুলি মন্তব্য কৰি বিভাগীয় মন্ত্ৰী হাজৰিকাই কয় যে পূৰ্বৰ চৰকাৰসমূহে বছৰি বান-খহনীয়া ৰোধৰ বাবে মাত্ৰ আঢ়ৈশ, তিনিশ কোটি টকাহে বাজেট আছিল৷ এতিয়াৰ চৰকাৰৰ দিনত এই বাজেট দুহেজাৰৰ পৰা ২২শ কোটি টকাৰ ভিতৰত৷ পূৰ্বৰ দৰে ধেমাজি এতিয়া বানৰ সময়ত ৰাজ্যৰ অন্য অংশৰ পৰা বিচ্ছিন্ন নহয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় যে আগতে ১৫এপ্ৰিলৰ পাছৰ পৰাই বানত বিচ্ছিন্ন হোৱাৰ বাতৰি আহিছিল যদিও যোৱা দুবছৰত তেনে বাতৰি ওলোৱা নাই৷ 


মাজুলীতো এতিয়া পূৰ্বৰ দৰে বান নহয় বুলি কয়৷ তেওঁ কয় যে, মাজুলিত যোৱা বানৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা এটা মথাউৰি লগে লগেই মেৰামতি কৰা হয়৷ মন্ত্ৰী হাজৰিকাই নিজৰ গৃহজিলা মৰিগাঁও অতি বানগ্ৰস্ত জিলা আছিল বুলি মন্তব্য কৰি এইবাৰ মৰিগাঁৱত এটা পৰিয়ালকো বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে সাহায্য দিবলগীয়া হোৱা নাই বুলিও দাবী কৰে৷ উল্লেখ্য, আজি মন্ত্ৰী হাজৰিকা ৰাজ্য চৰকাৰৰ অধীনত ৰাজ্যজুৰি চলি থকা ‘বিকাশৰ ১২ দিন’ শীৰ্ষক অনুষ্ঠানসূচীৰ অংশ হিচাপে তেজপুৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ শোণিতপুৰ জিলাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন উদগণিমূলক বঁটা প্ৰদানৰ বাবে জিলাখনৰ তেজপুৰ কলেজিয়েট উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানটোত জলসম্পদ মন্ত্ৰীজনে আনুষ্ঠানিকভাৱে ড॰ বাণীকান্ত কাকতি বঁটা আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে৷ উল্লেখ্য, এইবাৰ শোণিতপুৰৰ উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু ৬০ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰীক সামৰি মুঠ ১৬৪১ গৰাকী শিক্ষাৰ্থীলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড॰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ৭৩৭গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ডিবিটিযোগে ১২৫০০ টকাকৈ ধন আৰু চৰকাৰী শিক্ষানুষ্ঠানত নৱম শ্ৰেণীত অধ্যয়নৰত ৮৮৬৫ গৰাকী শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান কৰা হয়৷ শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰদান কৰা বক্তব্যত মন্ত্ৰী হাজৰিকাই কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে সদাতৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক লাভান্বিত কৰি তুলিছে৷ আজি বঁটা প্ৰদান কৰা আঁচনিসমূহৰ লগতে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সকলো ছাত্ৰীয়ে যাতে শৈক্ষিক যাত্ৰাত থমকি ৰ’ব নালাগে সেয়া মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিছে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে৷ শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ আৰু কয় যে ৰাজ্য চৰকাৰে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিকতা প্ৰদান কৰি কাম কৰি আছে৷ সু-স্বাস্থ্য আৰু শিক্ষা অবিহনে কোনো এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছা জনায়৷