Logo
image

কংগ্ৰেছৰে মিলি পঞ্চায়ত নিৰ্বাচন খেলাৰ প্ৰস্তাৱ অখিলৰ

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদক, ২৩ ডিচেম্বৰঃ কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী শক্তি একত্ৰিত হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচন খেলাৰ প্ৰস্তাৱ দিছে বিধায়ক অখিল গগৈয়ে৷ কংগ্ৰেছে অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ যি সিদ্ধান্ত ইতিমধ্যে লৈছে সেয়া কংগ্ৰেছে পুনৰবিবেচনা কৰিব লাগে আৰু বিৰোধী শক্তি একত্ৰিত হৈ পঞ্চায়ত নিৰ্বাচন খেলিব লাগে৷ তেতিয়াহে আমি সাম্প্ৰদায়িক বিজেপি আৰু ইউডিএফক উৎখাত কৰিব পাৰিম৷ আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ বিৰোধী এক হ’ব লাগিব৷ ইয়াৰ কাৰণে লাগিলে পঞ্চায়তৰ অধিকাংশ আসনেই কংগ্ৰেছে লৈ লওক তথাপিও বিৰোধী শক্তিৰে একত্ৰিত হৈ পঞ্চায়ত নিৰ্বাচন খেলক কংগ্ৰেছে৷ ডবকাত এখন জনসভাত উপস্থিত থাকি কংগ্ৰেছক এই আহ্বান জনায় অখিল গগৈয়ে৷ 



ইফালে অসম জাতীয় পৰিষদ সন্ধৰ্ভত অখিলে কয় -আমি ৰাইজৰ দলে প্ৰস্তাৱ দিছিলো যে আমাৰ দুয়োটা আঞ্চলিক দল একত্ৰিত হ’ব লাগে৷ কিন্তু তেওঁলোক আমাৰ লগত একলগ হ’ব খোজা নাই৷ আমি কিন্তু একলগ হ’ব বিচাৰিছিলো৷ এনেদৰে নিজৰ মনৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰ ড॰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে৷ অখিল গগৈয়ে কয় যে চুপাৰি ছিণ্ডিকেটৰ লগতে গো-মাংসৰ চিণ্ডিকেট চলায় মুখ্যমন্ত্ৰীয়ে৷ হিন্দু মুছলমানৰ কাজিয়া লগাই ৰাজনীতি কৰাটো চাচা-মামাৰ দলৰ গোপন অভিসন্ধি বুলি অভিযোগ কৰে৷ আজমল আৰু হিমন্তক বাংলাদেশলৈ গৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ উপদেশ দিয়ে অখিলে৷ ইফালে বাল্য বিবাহ প্ৰসংগত বিধায়কজনে কয় যে মানুহে কৈছে এই চৰকাৰখন হিটলাৰৰ চৰকাৰ৷ গতিকে যেতিয়াই চৰকাৰৰ বিৰুদ্ধে মানুহ সৰৱ হয় তেতিয়াই চৰকাৰে বাল্য বিবাহৰ ইছ্যুটো লৈ আহে৷ যেতিয়া মানিহে বস্তুৰ দাম কমাবলৈ কয়, শিক্ষা- দৰিদ্ৰতা-নিবনুৱাৰ প্ৰসংগ মানুহে বেচিকৈ আলোচনা কৰিবলৈ লয় তেতিয়াই বাল্য বিবাহৰ প্ৰসংগ লৈ আহে মুখ্যমন্ত্ৰীয়ে৷ অসমত এতিয়া সাধাৰণ মানুহৰ ব্যৱসায় বন্ধ হৈ পৰিছে৷ কেন্দ্ৰৰ বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ বজাৰ কৰ্পৰেট গোষ্ঠীক অৰ্পণ কৰিছে৷ অৰুণোদয়, লাখপতি বাইদেউ আদি আঁচনিৰ বাহিৰে মানুহৰ সামগ্ৰীক উন্নয়ন বুলিবলৈ একোৱেই কৰা নাই বৰ্তমান চৰকাৰখনে৷ এজন অখিলে হিমন্তৰ টোপনি নাইকিয়া কৰি দিছে বুলি কটাক্ষ কৰি কয়–সপোনত একমাত্ৰ অখিলকে দেখি জঁপিয়াই উঠে মুখ্যমন্ত্ৰী৷ আমি বিৰোধী একত্ৰিত হ’লে চ্ছত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ওফৰাই দিব বুলিও সদম্ভে ঘোষণা কৰে অখিল গগৈয়ে৷