মহাকাশতে বৰদিন উদ্যাপনৰ প্ৰস্তুতি সুনীতাৰ
নিউয়ৰ্ক, ২৪ ডিচেম্বৰঃ এইবাৰ মহাকাশতেই বৰদিন উদযাপন কৰিব ‘নাছা’ৰ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে৷ ইয়াৰ বাবে ‘নাছা’ই ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি দিছে৷ উল্লেখ্য যে বিগত প্ৰায় ছমাহ ধৰি মহাকাশত আৱদ্ধ হৈ আছে সতীৰ্থ মহাকাশচাৰী বুশ্ব উইলম’ৰসহ সুনীতা উইলিয়ামছ৷ ইতিমধ্যে মহাকাশৰ পৰাই তেওঁলোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান কৰাকে ধৰি দীপাৱলীৰ শুভেচ্ছা প্ৰেৰণ আদি সকলোবোৰ কৰিছে৷ এইবাৰ মহাশূন্যত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বৰদিন আৰু নৱবৰ্ষ উদযাপন কৰিবলৈ ওলাইছে সুনীতা আৰু উইলম’ৰে৷ পিছে পৃথিৱীৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ আঁতৰৰ মহাশূন্যত তেওঁলোকে কেনেদৰে বৰদিন আৰু নৱবৰ্ষ উদযাপন কৰিব, তাক লৈ বিভিন্নজনৰ মনত সৃষ্টি হৈছে কৌতূহল৷ জানিব পৰা মতে ইয়াৰ বাবে ‘নাছা’ই সম্পূৰ্ণ ব্যৱস্থা কৰি দিছে৷ ইতিমধ্যে বৰদিনৰ উপহাৰকে ধৰি বিভিন্ন সা-সামগ্ৰী মহাকাশলৈ প্ৰেৰণ কৰা হৈছে৷ ইয়াৰ বাবে প্ৰায় ২,৭০০ কিলোগ্ৰাম সা-সামগ্ৰী কঢ়িয়াই নিছে এখন ড্ৰেগন যানে৷ ‘নাছা’ই এইবুলিও প্ৰকাশ কৰিছে যে পৃথিৱীত বৰদিন যেনেদৰে উদযাপন কৰা হয়, মহাকাশতো সুনীতাহঁতে একেধৰণে উদ্যাপন কৰিব বৰদিন আৰু নৱবৰ্ষ৷ মহাকাশ কেন্দ্ৰত তেওঁলোকে আনকি বৰদিনৰ বিশেষ ‘পাৰ্টী’ও কৰিব৷ তদুপৰি পৰিয়াল, শুভাকাংক্ষী আৰু প্ৰিয়জনৰ সৈতে ভিডিঅ’যোগে মত-বিনিময় কৰিব৷ সেই সময়ত মহাকাশত পাৰ কৰি অহা সময় আৰু অভিজ্ঞতাৰ বিষয়ে তেওঁলোকে ব্যাখ্যা কৰিব৷
উল্লেখ্য যে ইতিমধ্যে মহাকাশ কেন্দ্ৰত ছাণ্টা ক্ল’জৰ ৰঙা টুপী পৰিধান কৰি সুনীতাই প’জ দিয়া এখন আলোকচিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ স্মৰ্তব্য যে চলিত বৰ্ষৰ ৭ জুনত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ অভিমুখে ৰাওনা হৈছিল৷ কিন্তু উৎক্ষেপণৰ পিছতে তেওঁলোকক কঢ়িয়াই নিয়া মহাকাশ যানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে৷ পিছে মহাকাশচাৰী কেইজনে নিজেই সেই বিজুতিৰ মেৰামতি কৰি গন্তব্যস্থানত উপনীত হয়৷ ইয়াৰ পাছত আন এক গুৰুতৰ বিজুতি ধৰা পৰে৷ ফলত সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰক মহাকাশ কেন্দ্ৰতে এৰি থৈ উভতি আহিবলগীয়া হয় ষ্টাৰলাইন মহাকাশ যানখনে৷ তেতিয়াৰে পৰা মহাশূন্যত মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ৷ অৱশ্যে শেহতীয়াকৈ নাছাই সুনীতা আৰু উইলম’ৰৰ প্ৰত্যাৱৰ্তনক লৈ আশংকা কৰাৰ কাৰণ নাই বুলি দাবী কৰিছে৷ নাছাই উল্লেখ কৰা মতে, আৱদ্ধ হৈ থকা মহাকাশচাৰী দুজনৰ বাবে ইতিমধ্যে পৰ্যাপ্ত পৰিমাণে অক্সিজেন, খাদ্য, পানী, কাপোৰ আদি এখন বিশেষ কাৰ্গো ফ্লাইটৰ জৰিয়তে পৌছাই দিয়া হৈছে৷ ফলত মহাকাশ কেন্দ্ৰত খাদ্যৰ অভাৱ হোৱাৰ কোনো আশংকা নাই৷ পিছে অহা ফেব্ৰুৱাৰী মাহৰ পূৰ্বে তেওঁলোক পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা নাই বুলি নাছাই স্পষ্ট কৰি দিছে৷