Logo
image

আঞ্চলিকতাবাদৰ দৰেই প্ৰফুল্ল মহন্তক পাহৰি গ’ল অগপই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ডিচেম্বৰঃ ছাত্ৰ আন্দোলনৰ জৰিয়তে এসময়ত তেওঁ অসমৰ জনতাক হিলদ’ল ভাঙি ৰাজপথলৈ উলিয়াই আনিব পাৰিছিল৷ এসময়ত এই মানুহজনেই আছিল অসমৰ ৰাজনীতিৰ অভিকেন্দ্ৰ৷ কাৰ্যতঃ তেওঁক কেন্দ্ৰ কৰিয়েই ঘূৰিছিল ক্ষমতাৰ নভোমণ্ডল৷ সোঁৱে-বাঁৱে গিজগিজাই আছিল অনেক গুণগ্ৰাহী, স্তাৱক৷ এতিয়াৰ ৰাজনীতিত দপদপাই থকা বহু নেতাই তেতিয়া মানুহজনৰ দৃষ্টিত যেনেতেনে এবাৰ পৰিবলৈকে সাধিবলগীয়া হৈছিল অনেক কৃচ্ছ্য৷ পুৱতি নিশাৰ পৰাই লাষ্টগেটত দিবলগীয়া হৈছিল বোন্দাপৰ৷ ৰাজনীতিত ইংনিছ আৰম্ভ কৰিব বিচৰা অনেকজনৰ বাবে তেওঁ আছিল আশীৰ্বাদৰ হাত, আন বহুজনৰ বাবে হয়তো তেওঁ আছিল পথৰ প্ৰাচীৰ৷ এককথাত ক’ব গ’লে তেওঁ অবিহনে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিত গছৰ পাত এখিলাও নল’ৰিছিল৷ অসম আন্দোলনৰ সময়ৰ পৰাই কেইবাদশকজুৰি এনে খ্যাতি, যশ, মান, বিতৰ্ক আশীৰ্বাদ– চৰ্চা, অনেক কথাৰ কেন্দ্ৰবিন্দু অসম আন্দোলনৰ নেতা, অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ দুটাকৈ কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন৷ ২৩ ডিচেম্বৰৰ দিনটোতে ৭২ অতিক্ৰমী ৭৩ বছৰত ভৰি দিলে প্ৰফুল্ল কুমাৰ মহন্তই৷ কিন্তু আজি তেওঁ নিসংগ, জন্মদিনৰ শুভেচ্ছা জনাবলৈ নাই সেই মানুহৰ লানি নিচিগা ভিৰ৷ জন্মদিন উপলক্ষত ফুলৰ থোপাৰে পত্নী জয়শ্ৰী গোস্বামী মহন্তই স্বামীক জনালে শুভেচ্ছা৷ 


দিছপুৰৰ বিধায়ক আৱাসত পুৱাৰ ভাগত মহন্তৰ জন্মদিন উপলক্ষে নাম-প্ৰসংগকে ধৰি মাংগলিক কৰ্ম সম্পাদন কৰে পৰিয়ালৰ লোকে৷ পৰিয়ালতে সীমাবদ্ধ এই জন্মদিনৰ কাৰ্যসূচীত দুখীয়া লোকৰ মাজত বিতৰণ কৰা হয় বিভিন্ন খাদ্যসামগ্ৰী৷ ৭৩সংখ্যক জন্মদিনটোত এটা নীলা চুৱেটাৰ, ডিঙিত ফুলাম গামোচা লৈ যথেষ্ট সপ্ৰতিভ ৰূপত দেখা গ’ল মহন্তক৷ দীৰ্ঘদিনে কিছুমান শাৰীৰিক সমস্যাৰে যুঁজি থকা প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য এতিয়া পূৰ্বতকৈ ভাল বুলি জনালে তেওঁৰ পত্নীয়ে৷ জন্মদিনৰ দিনা প্ৰফুল্ল কুমাৰ মহন্তয়ো নিজে দিলে প্ৰতিক্ৰিয়া৷ অসমবাসীক দিলে ধন্যবাদ৷ মহন্তই ক’লে– ‘ময়ো সকলোকে শুভেচ্ছা জনাইছোঁ৷ অগ্ৰজসকলৰ আশীৰ্বাদত মই সুস্থ হৈ উঠিম৷’ উল্লেখ্য, কেইবাবছৰ ধৰি প্ৰফুল্ল মহন্তই সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত আছিল৷ ৭২সংখ্যক জন্মদিনত প্ৰফুল্ল মহন্তক শুভেচ্ছা জনাবলৈ আহিল প্ৰাক্তন মন্ত্ৰী কমলা কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা৷ এই দুজন অগপ নেতাই বিগত কেইটামান দিনত অগপ-বিজেপি মিত্ৰতাক লৈ কৰি আহিছিল বিষোদগাৰ৷ তেওঁলোকে মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছিল একাংশ বিজেপি নেতাৰ বিৰুদ্ধে৷ কেৱল ইমানেই নহয় কিছুমান সমষ্টিত নিৰ্বাচন খেলিম বুলি ঘোষণা কৰিছিল৷ মহন্তক লগ কৰি সত্যব্ৰত কলিতাই ক’লে– প্ৰফুল্ল কুমাৰ মহন্ত শীঘ্ৰেই ঘূৰি আহিব সক্ৰিয় ৰাজনীতিলৈ৷ একেই কথা ক’লে কমলা কলিতায়ো৷ ব্যক্তিগত কুশল-মংগলৰ লগতে ৰাজনীতিৰ দুই-এটা কথা পতা বুলিও ক’লে কলিতাই৷ লক্ষণীয় যে মহন্তৰ জন্মদিনত শুভেচ্ছা জনাবলৈ দিছপুৰত থাকিয়েই নাহিল অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক৷ একেদৰে নাহিল অগপৰ বৰ্তমানৰ হাইকামাণ্ড মন্ত্ৰী অতুল বৰা৷ অথচ এইজন অতুল বৰাই এসময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ ওচৰত নিজৰ জনভিত্তি প্ৰমাণ কৰিবলৈ বোকাখাতৰ পৰা বাছ ভাৰা কৰি মানুহ আনিছিল দিছপুৰলৈ৷ দেখা নগ’ল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণীভূষণ চৌধুৰী, প্ৰদীপ হাজৰিকাকে ধৰি অগপৰ কোনো এজন দিগগজ নেতাক৷ যেন আঞ্চলিকতাবাদৰ দৰেই প্ৰফুল্ল কুমাৰ মহন্তক পাহৰিলে অগপই৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কিছু বছৰ আগলৈকে মহন্তই আশংকা কৰি আহিছিল– ডাঙৰ মাছে সৰু মাছক গিলাৰ দৰে অগপক গিলিব বিজেপিয়ে৷ সঁচাকৈয়ে এতিয়া বিজেপিৰ পেটত সোমাল নেকি অগপ৷ ৰাজনৈতিক মহলত আজিৰ তাৰিখত এয়া এক চৰ্চিত বিষয়৷ মহন্তৰ জন্মদিনটোত মাথোঁন বিদ্ৰোহী কমলা কলিতা আৰু সত্যব্ৰত কলিতাই শুভেচ্ছা জনাবলৈ অহাটোৱে বহন কৰিছে সুকীয়া তাৎপৰ্য৷