Logo
image

আদা-নহৰুৰ দামৰ বুজ ল’বলৈ বজাৰত ৰাহুল গান্ধী

নতুন দিল্লী, ২৫ ডিচেম্বৰঃ ৪০ টকীয়া নহৰুৰ দাম এতিয়া হৈছে ৪০০ টকা! আদাৰ দামো জুই ছাই! হঠাৎ পাচলিৰ বজাৰত আদা-নহৰুৰ দাম শুনি হতবাক কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী৷ এনে আকাশলংঘী দামকলৈ সাংসদ ৰাহুলে এইবাৰ আক্ৰমণ লক্ষ্য কৰি ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ ৰাহুলে কয়–দেশত দাম বৃদ্ধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, অথচ প্ৰধানমন্ত্ৰী কুম্ভকৰ্ণৰ দৰে শুই আছে৷ 


উল্লেখ্য যে ৰাহুল গান্ধীয়ে শেহতীয়াকৈ দিল্লীৰ গিৰিনগৰৰ এখন পাচলি বজাৰলৈ যায়৷ দাম বৃদ্ধিৰ বুজ ল’বলৈ যোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদজনক সংগ দিয়ে একাংশ গৃহিনীয়ে৷ ইয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে৷ বজাৰখনত ৰাহুল গান্ধীয়ে পাচলি ব্যৱসায়ীক কোনবিধ পাচলিৰ কি দাম সেয়া সুধি থকা প্ৰত্যক্ষ হয়৷ ভিডিঅ’টোৰ সৈতে তেওঁ টুইট কৰি উল্লেখ কৰে যে দেশৰ জনসাধাৰণে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰী আৰু মূল্যবৃদ্ধিৰ সৈতে যুঁজ কৰিবলগীয়া হৈছে৷ নহৰু, আদা, মটৰ, আলু-পিয়াজ প্ৰতিবিধ পাচলিৰে এতিয়া আকাশলংঘী দাম৷ ৪০ টকীয়া নহৰুৰ দাম এতিয়া হৈছে ৪০০ টকা৷ এক কিলোগ্ৰাম মটৰ কিনিবলগীয়া হৈছে ১২০ টকাত৷ মধ্যবিত্তই পাচলি কিনিবলৈ গৈ বাৰে বাৰে ভাবিবলগা হৈছে৷ দামবৃদ্ধি এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত৷ ৰাহুলে এইক্ষেত্ৰত পুনৰ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি কয়–দেশৰ সৰ্বসাধাৰণে দাম বৃদ্ধিৰ বাবে খাবলৈ নাপাই মৰিবলৈ লৈছে, অথচ আমাৰ প্ৰধানমন্ত্ৰী কুম্ভকৰ্ণৰ দৰে শুইছে৷