Logo
image

শুভযাত্ৰা! দুৰ্ঘটনা ৰুধিবলৈ এক কিলোমিটাৰৰ মূৰে মূৰে স্পীডব্ৰেকাৰ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৫ ডিচেম্বৰঃ ৰাজ্যৰ ১০খন গুৰুত্বপূৰ্ণ চহৰত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত পথ সুৰক্ষাক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যখনৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত পথ সুৰক্ষাক লৈ একপ্ৰকাৰ কঠোৰ হৈ পৰে মুখ্যমন্ত্ৰী৷ ইফালে ৰাজ্যৰ কেইবাখনো চহৰত এতিয়াও ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নথকাক লৈ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ আজিও ৰাজ্যৰ ১০খন গুৰুত্বপূৰ্ণ চহৰত দোকান-পোহাৰৰ লাইটৰ পোহৰত জিলিকি থকা বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷ বিশেষকৈ শিলচৰ, ডিব্ৰুগড়, নগাঁও, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, তেজপুৰ, শিৱসাগৰ, শিৱসাগৰ আৰু উত্তৰ লখিমপুৰত চহৰত আজিলৈকে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই বুলি তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে, ২০২২-২৩ চনৰ বাজেটত ষ্ট্ৰীট লাইটৰ বাবদ কেইবা কোটি টকাৰ ধাৰ্য কৰিছিল ৰাজ্য চৰকাৰে৷ কিন্তু ৰঙা ফিতাৰ মেৰপাকত লোকনিৰ্মাণ বিভাগতে ৰৈ আছে ফাইলটো৷ যাৰ ফলত আজিলৈকে হৈ নুঠিল ষ্ট্ৰীট লাইটৰ ব্যৱস্থা৷ নিশা হ’লে অন্ধকাৰে আৱৰি ধৰে ৰাজ্যৰ ১০খনকৈ গুৰুত্বপূৰ্ণ চহৰ৷ ৰঙা ফিতাৰ মেৰপাক আঁতৰ কৰি চহৰকেইখনত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আজি পৰ্যালোচনা বৈঠকত নিৰ্দেশ প্ৰদান কৰে৷ সংশ্লিষ্ট বিভাগৰ সৈতে মিলিত হৈ এমাহৰ ভিতৰত ষ্ট্ৰীট লাইটৰ সমস্যা দূৰ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 


আনহাতে, বৈঠকত ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনা, পথ সুৰক্ষা আইন বলবৎ, পৰিবহণ আৰু আৰক্ষী বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰাজি আদি বিষয়সমূহ পৰ্যালোচনা কৰা হয়৷ এই বৈঠকত পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে জিলাসমূহত কি কি কাৰকৰ বাবে দুৰ্ঘটনা সংঘটিত হয় সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে৷ গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনা সম্পৰ্কতো এই বৈঠকত আলোচনা কৰা হয়৷ নিশা দহ বজাৰ পাছত সুৰাপান কৰি যাতে গাড়ী চলাচল কৰিব নোৱাৰে তাৰ বাবে অহা ১৫জানুৱাৰীলৈকে সমগ্ৰ ৰাজ্যখনতে কঠোৰ পদক্ষেপ ল’বলৈও আৰক্ষী আৰু পৰিবহণ বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে ফুট অভাৰ ব্ৰীজ, উৰণ সেতুসমূহত যথোপযুক্ত পোহৰৰ ব্যৱস্থা কৰিবলৈও সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে৷ গ্ৰামাঞ্চলৰ ভিতৰত থকা পথসমূহত হোৱা দুৰ্ঘটনাৰ বিষয়টো এই বৈঠকতে আলোচনা কৰা হয়৷ উল্লেখ্য, চলিত বৰ্ষত এতিয়ালৈকে ৰাজ্যত ১১,৫৫৮টা দুৰ্ঘটনা সংঘটিত হৈছে৷ শতাধিক লোক হতাহত হৈছে৷ দুৰ্ঘটনা ৰোধ কৰি সকলোৰে শুভযাত্ৰা নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰতি এক কিলোমিটাৰৰ ব্যৱধানত স্পীডব্ৰেকাৰ নিৰ্মাণৰো পোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ পৰ্যালোচনা বৈঠকতে ৰাজ্যৰ বিভিন্ন ঠাইৰ পথসমূহত হোৱা দুৰ্ঘটনাৰ কাৰণসমূহ সংশ্লিষ্ট বিভাগে মুখ্যমন্ত্ৰীক অৱগত কৰে৷ তেওঁ বিদ্যালয়, হাস্পতাল, থানা আদিৰ সন্মুখত স্পীড ব্ৰেকাৰৰ ব্যৱস্থা ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷ গ্ৰামাঞ্চলৰ পথসমূহত এক কিলোমিটাৰৰ ভিতৰত দুটাকৈ স্পীড ব্ৰেকাৰ গঢ়ি তোলা আৰু এই সম্পৰ্কত গাঁৱৰ জনসাধাৰণৰ সৈতে আলোচনা কৰি স্থান নিৰ্ধাৰণ কৰাৰ লগতে পথ নিৰ্মাণৰ সময়ত ডিজাইন প্ৰস্তুত কৰোঁতে এই বিষয়টো অন্তৰ্ভুক্ত কৰাৰ বাবে লোকনিৰ্মাণ বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ এইক্ষেত্ৰত এখন এছ অ’ পি প্ৰকাশৰ ব্যৱস্থা ল’বলৈও মুখ্য সচিবক তেওঁ নিৰ্দেশ দিয়ে৷ ষ্ট্ৰীট লাইট, স্পীড ব্ৰেকাৰ, বেনাৰ আদি পথ নিৰ্মাণৰ সময়তে অন্তৰ্ভুক্ত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ সীমান্তৰ জিলাসমূহত গাড়ী প্ৰৱেশ সম্পৰ্কত আৰক্ষী অধীক্ষকসকলক বিশেষ নিৰ্দেশনা দিয়াৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ 


মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবাসমূহে উপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগিব৷ কেনো ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাব নোৱাৰিব৷ এইক্ষেত্ৰত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশনা দিবলৈও তেওঁ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷ জনসাধাৰণে যাতে পথ পৰিবহণৰ সম্পৰ্কত চৰকাৰীভাৱে জাৰি কৰা বিষয়সমূহ অৱগত হ’ব পাৰে তাৰ পৰিপ্ৰেক্ষিতত ডিজিটেল প্লেটফৰ্মত বিভিন্ন ভাষাত প্ৰচাৰৰ বাবেও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে৷ কুঁৱলী আঁতৰি নোযোৱালৈকে বনভোজস্থলীলৈ গাড়ীয়ে যাতে যাত্ৰা আৰম্ভ নকৰে, সেই সন্দৰ্ভতো দৃষ্টি দিবলৈ মুখ্যমন্ত্ৰীয়ে কয়৷ আনহাতে, কোনো চালকে যাতে সুৰাপান কৰি গাড়ী চলাব নোৱাৰে তেনে দিশতো পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে বনভোজ স্থানসমূহত আৰক্ষীৰ উপযুক্ত পহৰাৰ ব্যৱস্থা লোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ বনভোজস্থলীসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে মানৱ সম্পদ প্ৰয়োগ, বিপদসংকুল স্থানত ছাইনব’ৰ্ড লগোৱা আদি দিশত প্ৰয়াস চলোৱাৰ দিশত জিলা আযুক্তসকলক জড়িত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে চৰকাৰী সভাৰ আৰম্ভণিতে পথ নিৰাপত্তা সম্পৰ্কীয় ভিডিঅ’ দেখুওৱাটো বাধ্যতামূলক কৰি জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছিল৷ চলিত বৰ্ষত কোনবোৰ জিলাৰ জিলা আয়ুক্তই এই নিৰ্দেশনা কাৰ্যকৰী কৰা নাই, সেই সম্পৰ্কত তথ্য আহৰণৰ দিশত ব্যৱস্থা ল’বলৈও মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবক নিৰ্দেশনা প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে চালকসকলৰ দৃষ্টিশক্তিৰ পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে৷ চালকসকলে যাতে চকু পৰীক্ষা কৰাৰ বাবে সুযোগ লাভ কৰে সেই দিশত চৰকাৰীভাৱে পদক্ষেপ লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবক নিৰ্দেশনা প্ৰদান কৰে৷ বাৰ খোলা ৰখাৰ সময় সম্পৰ্কত পৰ্যালোচনা কৰা আৰু বছৰৰ সকলো সময়তে যাতে এই বাৰ খোলা ৰখাৰ সময় একে নাথাকে তেনে দিশতো পৰ্যালোচনা কৰাৰ বাবে আবকাৰী বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ পথ সুৰক্ষাৰ দিশত জনসাধাৰণৰ মাজত অধিক সচেতনতা গঢ়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে বিহু সমিতিসমূহেও যাতে পথ নিৰাপত্তা সম্পৰ্কত ভিডিঅ’ অথবা নাটকৰ মাধ্যমেৰে সচেতনতা গঢ়ি তুলিব পৰা যায় তেনে দিশতো পদক্ষেপ ল’ব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী পদক্ষেপৰ বাবেই ২০২৩ চনৰ তুলনাত ২০২৪ চনত ৪২০গৰাকী ব্যক্তিৰ জীৱন সুৰক্ষিত কৰিব পৰা যায়৷ এয়া প্ৰতিটো বিভাগৰে সামূহিক প্ৰয়াসৰ ফল বুলিও তেওঁ মন্তব্য কৰে৷ ইফালে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা যিসমূহ এছ অ’ পি জিলা আযুক্ত, আৰক্ষী অধীক্ষক আৰু পৰিবহণ বিভাগক প্ৰদান কৰা হয়, তাক সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ ব্যৱস্থা ল’বলৈও তেওঁ মুখ্য সচিবক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই নিৰ্দেশনা আৰক্ষী অধীক্ষকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, জিলা আয়ুক্তই সম-জিলাৰ আয়ুক্ত আৰু চক্ৰ বিষয়াক, জিলা পৰিবহণ বিষয়াই এমভিআইলৈ প্ৰেৰণ কৰি বৈঠক অনুষ্ঠিত কৰিব লাগিব যাতে তৃণমূলপৰ্যায়ত ই সঠিক ৰূপায়িত হয়৷ মুখ্যমন্ত্ৰীয়ে পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰিব পাৰে, তাৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশনা প্ৰদান কৰে৷ ইয়াৰ লগতে চিকিৎসকসকলৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ দিশটো তেওঁ গুৰুত্ব প্ৰদান কৰে৷ এই সন্দৰ্ভত স্বাস্থ্য, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ তেওঁ মুখ্য সচিবক নিদেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে সকলো বিভাগকে সামূহিক অভিযান হিচাপে এইক্ষেত্ৰত কাম কৰিবলৈও কয়৷ আজিৰ এই বৈঠকত পৰিবহণ আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা (আভাসীয়ভাৱে), মুখ্য সচিব ড॰ ৰবি কোটা (আভাসীয়ভাৱে), আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদী, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিং উপস্থিত থাকে৷