বৌৱেকক লৈ বাইক ষ্টাণ্ট, যুৱকক গ্ৰেপ্তাৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৫ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত যান-বাহন আইন উলংঘাৰে উদণ্ড বাইকাছৰ সন্ত্ৰাস অব্যাহত ৰাখিছে৷ মহানগৰ যান-বাহন শাখাৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ নিৰ্বিকাৰ ভূমিকাৰ সুযোগ লৈ ৰাজপথত বাইক ষ্টাণ্টেৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে উদণ্ড যুৱক যুৱতীৰ দলে৷ চৰকাৰ আৰু পৰিবহণ বিভাগে পথ দুৰ্ঘটনা ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি সজাগতামূলক কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে গুৱাহাটী মহানগৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাই পথত নিশাৰ ভাগত যুৱক-যুৱতীয়ে বাইক ষ্টাণ্ট কৰি অহাৰ দৃশ্য শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বিশেষকৈ খানাপাৰাত পুৱতি নিশা যুৱকৰ দলে জীৱনৰে হেতালি খেলি ভয়াৱহভাৱে বাইক ষ্টাণ্ট কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে৷ একেদৰে আৰ জি বৰুৱা ৰোড, এম জি ৰোডতো অনুৰূপ ধৰণে বাইক ষ্টাণ্ট কৰি আহিছে একাংশ উদণ্ড যুৱকে৷ বাইক ষ্টাণ্ট কৰা যুৱকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ঘোষণা কৰিছিল৷ কিন্তু গুৱাহাটীৰ ৰাজপথত নিশা বাইক ষ্টাণ্ট কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতো বাইক ষ্টাণ্টকাৰীৰ বিৰুদ্ধে আজি পৰ্যন্ত মহানগৰ যান-বাহন আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷
এইবাৰ গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এহাল যুৱক যুৱতীয়ে নিশা বাইক ষ্টাণ্ট কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গড়চুক আৰক্ষীয়ে বাইক ষ্টাণ্ট কৰাৰ অভিযোগত দেওৰেক আৰু নবৌক আটক কৰিছে৷ বাইক ষ্টাণ্ট কৰা যুৱক-যুৱতী হাল সম্বন্ধত দেওৰেক আৰু নবৌ৷ বাইক ষ্টাণ্ট কৰাৰ অভিযোগত পামহিৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে বিজয় মুণ্ডা৷ যুৱক জনৰ ঘৰ নগাঁও জিলাত৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নগাঁও জিলাৰ বাসিন্দা বিজয় মুণ্ডাই গুৱাহাটীৰ গড়চুক থানাৰ অন্তৰ্গত পামহিত পৰিয়ালৰ সৈতে ভাড়া ঘৰত বাস কৰি আছিল৷ দুদিন পূৰ্বে বিজয় মুণ্ডাই এ এছ ১২-এ জে-৬০২৫ নম্বৰৰ মটৰ চাইকেলত নবৌক উঠাই ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰি উদ্ভণ্ডালি কৰি আছিল৷ বতাহৰ গতিত বাইক চলাই যোৱা মটৰ চাইকেলখনৰ পিছফালৰ আৰোহীৰ আসনত আছিল বিজয় মুণ্ডাৰ নবৌ৷ তীব্ৰ গতিৰে যোৱা চলন্ত বাইকত নবৌয়ে বিজয় মুণ্ডাক সাবটি ধৰি উদ্ভণ্ডলি কৰি আছিল৷ চলন্ত বাইকৰ ওপৰত থিয় হৈ নবৌ গৰাকীয়ে পখিলাৰ দৰে উৰি ফুৰিছিল৷ এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি ইনষ্ট্ৰাগ্ৰামত আপলোড কৰে৷ নিমিষতে বাইক ষ্টাণ্টৰ দৃশ্য ভাইৰেল হৈ পৰে৷ এই ভাইৰেলৰ দৃশ্য দৃষ্টি গোচৰ হোৱাত মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক বাইক ষ্টাণ্ট কৰা যুৱক যুৱতীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰে৷ এই নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰে মহানগৰ আৰক্ষী৷ ঘটনা সন্দৰ্ভত তদন্ত কৰি গড়চুক থানাৰ যান বাহন আৰক্ষীয়ে পামহিৰ পৰা বিজয় মুণ্ডা গ্ৰেপ্তাৰ কৰে৷ ধৃত বিজয় মুণ্ডাৰ নবৌক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷