‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ ‘ফেচেংবৰ’ বঁটা
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৫ ডিচেম্বৰঃ বিশিষ্ট সংগঠক, সুদক্ষ তাৰ্কিক, ‘আকাশবাণী’ৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী-গীতিকাৰ, সুৰকাৰ-সংগীত পৰিচালক তথা ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ আগবঢ়োৱা হৈছে ‘ফেচেংবৰ’ বঁটা৷ বোকাখাতৰ ‘ফেচেংবৰ হেৰিটেজ’ৰ সভাপতি ৰাজীৱ বৰা আৰু মুখ্য সম্পাদক ৰত্নেশ্বৰ মৰাঙে মঙলবাৰে নিশা এই কথা ঘোষণা কৰে৷ সংগঠনটোৰ তৰফৰ পৰা জনোৱা মতে, বোকাখাতৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছিল এডাল বৃহৎ বৰগছ৷ গছজোপাই পথৰ দুইকাষ সামৰি লৈছিল৷ সপ্তদশ শতিকাত সেই গছজোপাৰ তলতে হত্যা কৰা হৈছিল আহোম ৰাজত্বৰ যুগৰ সেনানায়ক ফেচেং হাজৰিকাক৷ ৰাইজৰ মাজত জনপ্ৰিয় ফেচেং হাজৰিকাৰ স্মৃতিত গছজোপাৰ নাম ৰখা হৈছিল ফেচেং৷ বৰগছ হোৱা হেতু অৱশেষত গছজোপাৰ নাম ৰখা হ’ল ফেচেংবৰ৷ এই গছজোপা স্থানীয় ৰাইজৰ বৰ আপোন৷ ১৯৯২ চনৰ পৰা এই গছজোপাৰ নামত বোকাখাত চহৰৰ মাজমজিয়াত উদ্যাপন কৰি অহা হৈছে ‘ফেচেংবৰ এনিশা’৷ এইবাৰ অহা ১৯ জানুৱাৰী, দেওবাৰে দিনজুৰি অনুষ্ঠিত হ’বলগীয়া ‘ফেচেংবৰ এনিশা’ত ৰূপায়ণ কৰা হ’ব বৰ্ণাঢ্য কাৰ্যসূচী৷
১৯৯২ চনৰ পৰাই বোকাখাত চহৰৰ মাজ মজিয়াত অনুষ্ঠিত হৈ অহা ‘ফেচেংবৰ এনিশা’ৰ সামূহিক দায়িত্ব অগ্ৰণী সামাজিক-সাংস্কৃতিক সংগঠন ফেচেংবৰ হেৰিটেজে মূৰপাতি লোৱাৰে পৰা যোৱা ৩২ টা বছৰে বোকাখাত চহৰত অনুষ্ঠিত হৈছিল ‘ফেচেংবৰ এনিশা’৷ এইবাৰ ফেচেংবৰ হেৰিটেজৰ সিদ্ধান্ত অনুসৰি কুৰুৱাবাহী যুৱ সংঘৰ সহযোগত কুৰুৱাবাহী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে ‘ফেচেংবৰ এনিশা’৷ বিগত বৰ্ষসমূহৰ দৰে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এইবাৰো অনুষ্ঠিত হ’বলগীয়া ‘ফেচেংবৰ এনিশা’ৰ মঞ্চত প্ৰদান কৰা হ’ব বিশেষ বঁটা, বিশেষ ব্যক্তিক সম্বৰ্ধনাও জনোৱা হ’ব৷ ২০২৪ বৰ্ষৰ বাবে ‘ফেচেংবৰ হেৰিটেজ জীৱনজোৰা আলোক বঁটা’ আগবঢ়োৱা হৈছে ভ্ৰাম্যমাণ আৰু আপেছাদাৰী নাট্যজগতত প্ৰায় চাৰি দশকজুৰি আলোকসজ্জাৰ দায়িত্ব পালন কৰা বোকাখাতৰ প্ৰবীণ শিল্পী ধীৰেন ৰাজখোৱালৈ৷ বিশিষ্ট গীতিকাৰ-সুৰকাৰ-কণ্ঠশিল্পী, তাৰ্কিক-বিশ্লেষক তথা ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ আগবঢ়োৱা হৈছে ‘খগেন্দ্ৰ নাথ বৰা সোঁৱৰণী ফেচেংবৰ জনকণ্ঠ বঁটা’৷ বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত মাত মতা আৰু সংবাদ সেৱাৰ জৰিয়তে সচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস অব্যাহত ৰখাৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ উপৰি অসমীয়া সংগীত আৰু মাতৃভাষাৰ চৰ্চা-গৱেষণা-সংৰক্ষণ-প্ৰচাৰ-প্ৰসাৰ সম্পৰ্কীয় কাৰ্যত দীৰ্ঘদিনে একাণপতীয়াকৈ ব্ৰতী হৈ থকা বাবে গৌতম শৰ্মালৈ এই বঁটা আগবঢ়োৱা হৈছে৷
আনহাতে, দেশৰ স্বাধীনতা আন্দোলনৰ সেৱাদলৰ কৰ্মী কোমল চন্দ্ৰ লইঙৰ সোঁৱৰণত প্ৰদান কৰা ‘ফেচেংবৰ জনসেৱা বঁটা’ আগবঢ়োৱা হৈছে বিশিষ্ট সমাজসেৱক মহাবীৰ প্ৰসাদ আগৰৱালালৈ৷ ইপিনে, বিশেষভাৱে সক্ষম শিশু আৰু স্নায়ুজনিত ৰোগত আক্ৰান্তজনৰ বন্ধুখ্যাত দিপিআৰচি, গুৱাহাটীৰ অধ্যক্ষ তথা জ্যেষ্ঠ সাংবাদিক দিগন্ত দাসলৈ আগবঢ়োৱা হৈছে এইবাৰৰ পৰা প্ৰৱৰ্তন কৰা ‘ফেচেংবৰ দীনবন্ধু বঁটা’৷ আটাইকেইজন বিশিষ্ট ব্যক্তিক ১৯ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘ফেচেংবৰ এনিশা’ৰ মঞ্চত বঁটা প্ৰদান কৰা হ’ব৷ সেইদিনা পুৱা কুৰুৱাবাহী যুৱ সংঘ আৰু ফেচেংবৰ হেৰিটেজৰ পতাকা উত্তোলন কৰাৰ পাছতে বোকাখাত কুৰুৱাবাহীৰ যশস্বী নাট্যকাৰ, পৰিচালক তথা বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা বলো বৰাৰ উপৰি অসমৰ বৰেণ্য শিল্পীসকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ কাৰ্যসূচী পালন কৰা হ’ব৷ বৰবৃক্ষ ৰোপণৰ পাছত মহিলা-যুৱতীসকলৰ মাজত হাঁহ ধৰা, বেজীত সূতা ভৰাই দৌৰা, মিউজিক চেয়াৰ, টেকেলি ভঙা আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিয়লি অনুষ্ঠিত হ’ব কুৰুৱা মইনা পাৰিজাতৰ শিশু-চেমনীয়াৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠানৰ মঞ্চতে বোকাখাত ৰাজাবাৰী, খতিয়াখলি আৰু কুৰুৱাবাহীৰ কেইবাগৰাকীও জ্যেষ্ঠ শিল্পীক সম্বদ্ধৰ্না জনোৱা হ’ব৷ সাংস্কৃতিক অনুষ্ঠানত অসমৰ কেইবাগৰাকী খ্যাতনামা সংগীত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব৷